Tuesday, June 8, 2021

আমাৰ সংস্কৃতি আৰু পৰম্পৰা

      সংস্কৃতি হ'ল আমাৰ জীৱনৰ বিভিন্ন কাম-কাজৰ এক উল্লেখযোগ্য খতিয়ান। সংস্কৃতিয়ে এখন সমাজৰ ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ , বিয়া-সবাহ, গীত-মাত , খেলা-ধূলা , খোৱা-বোৱা , সাজ-পোছাক আদি উপাদানৰ স্তূপীকৃত সম্ভাৰৰাজিক প্ৰতিনিধিত্ব কৰে। সেয়ে সংস্কৃতিক সমাজখনৰ দাপোনস্বৰূপ বুলি অভিহিত কৰিব পাৰি।  
       অসমীয়া সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি তথা চিৰসেউজ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অতীজতে সংস্কৃতিৰ সম্পৰ্কে এনেদৰে  কৈ গৈছিল-- " যি কথা ,যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায় -- মানুহৰ সেই কথা,সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি ।" শিল্পীজনৰ হৃদয়স্পৰ্শী এই উক্তিৰ পৰা অনুধাৱন কৰিব পাৰি যে আমাৰ সুন্দৰ, সুখময় আৰু শক্তিমান কৰি তুলিব পৰা সকলো সুকুমাৰ কলা,কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতিৰ মূল আধাৰ। 
       সংস্কৃতি বুলি কোৱা লগে লগে প্ৰথমে সমাজ এখনৰ কথাই আমাৰ মনলৈ আহে। মানুহৰ দ্বাৰা গঠিত হোৱা সমাজ এখন সংস্কৃতিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। সমাজত বসবাস কৰা মানুহবিলাকৰ আচাৰ-আচৰণ, মাত-কথা, কাম-কাজৰ জৰিয়তে মানুহৰ যি প্ৰকৃতি প্ৰকাশ পায় সেয়ে হ'ল সমাজ এখনৰ সংস্কৃতিৰ ৰূপৰেখা। 
       সংস্কৃতি গতিশীল। সমাজ এখনৰ সংস্কৃতি সময়ে সময়ে পৰিবৰ্তন হোৱা পৰিলক্ষিত হয়। আমাৰ পৌৰাণিক সমাজখনত মানুহৰ যি ভাৱধাৰা, চিন্তাধাৰা তথা আচাৰ-আচৰণ আছিল সেয়া নিশ্চয় আজিৰ আধুনিক সমাজখনৰ আচাৰ-আচৰণৰ সৈতে হুবহু নিমিলে। পূৰ্বতেও সমাজৰ ইজনে সিজনক সজ আচৰণ বা সজ কথাৰে অভ্যাগতক আদৰিব জানিছিল, কিন্তু বৰ্তমানৰ দৰে ভাষাৰ লালিত্যৰে সুৰীয়াকৈ মধুৰ শব্দৰে নিশ্চয় ক'ব সক্ষম হোৱা নাছিল। ভাষাটো মধুৰ সুৰেৰে, ভাল শব্দ প্ৰয়োগেৰে ক'বৰ বাবে মানুহৰ শিকিব লগা হৈছিল, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল আৰু সচেতন হ'ব লগা হৈছিল। অৰ্থাৎ মানুহে ন'কৈ শিকি পৰিবৰ্তনৰ দিশেৰে অগ্ৰসৰ হৈ আহি আহি আজি এই অৱস্থাত উপনীত হৈছেহি। একেদৰে নিজৰ ৰুচি মতে কাপোৰ বৈ বা সৃষ্টি কৰি পিন্ধিব জানিছিল যদিও কাপোৰৰ গুণগত মানদণ্ড একে ৰাতিতে পৰিবৰ্তন হোৱা নাছিল। ক্ৰমান্বয়ে ঢাপে ঢাপে এচাম কৰ্মঠ মানুহৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত কাপোৰৰ উন্নত অৱস্থা প্ৰাপ্ত হৈছিল অৰ্থাৎ সময়ৰ লগত খাপ খোৱাকৈ সংস্কৃতিৰ সোপান সৃষ্টি হয়। সেয়ে সংস্কৃতিক গতিশীল বুলি আখ্যা দিব পাৰি।
      পৰম্পৰা হ'ল সংস্কৃতিৰ লগত সম্পৰ্ক থকা এটা শব্দ। য'ত সংস্কৃতি আছে ত'ত পৰম্পৰা আছে। অসমীয়া সমাজত অতীজৰে পৰা আলহী-অতিথিক 'তামোল-পাণ'ৰ বঁটা আগবঢ়াই দিহে সোধা-পোছা কৰা হয়। এয়া হ'ল অসমীয়া সংস্কৃতিৰ এটা অন্যতম পৰম্পৰা । ঠিক তেনেদৰে অসমীয়া সমাজত যিবোৰ নীতি নিয়ম আগৰে পৰাই চলি আহিছে সেই আটাইবিলাককে অসমীয়া সমাজৰ পৰম্পৰা বুলি কোৱা হয়। পৰম্পৰাই অৰ্থনৈতিক, সামাজিক, ধৰ্মীয়, নান্দনিক, ভাষা সম্পৰ্কীয় দিশবোৰ সাঙুৰি লয়। পৰম্পৰাগতভাৱে মানুহে সামাজিক ৰীতি নীতি , আচাৰ-ব্যৱহাৰ বিলাকৰ অনুসৰন কৰে, অনুশীলন কৰে। এনে অভ্যাসে এখন সমাজক কল্যাণকৰ দিশেৰে ধাবিত হোৱাত সহায় কৰে। 
           সকলো ধৰণৰ সৃষ্টিৰ উৎস হ'ল আমাৰ বাৰেৰহনীয়া কৃষ্টি। কৃষ্টিৰ মূল আধাৰ হ'ল কৃষি। কৃষিভিত্তিক সমাজখনৰ ধ্যান-ধাৰণা আৰু আচাৰ-আচৰণৰ ওপৰত ভিত্তি কৰিয়েই সমাজখনৰ সাংস্কৃতিক ভেটিৰ বিকশিত হয়। আনহাতে শিল্প ভিত্তিক সমাজখনৰ বিকাশৰ ঘাই ভেটি হ'ল শিল্পৰ কাৰুকাৰ্য্য। 
        পৰম্পৰাগতভাৱে অসমীয়া সমাজত ব্যৱহৃত বিভিন্ন বস্তুৰ জৰিয়তেও অসমীয়া সংস্কৃতিৰ চিন প্ৰস্ফুটিত হয়। দৰাচলতে সংস্কৃতিৰ দুটা ৰূপ পৰিলক্ষিত হয়-- এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ সংস্কৃতি । এটা নিদৰ্শনেৰে বুজালে এনে হ'ব পাৰে -- এটা গীত গীত পৰিৱেশন কৰোঁতে যি কলা-কৌশল অৰ্থাৎ সুৰ,তাল,মান,লয় আদি সমাৱেশ ঘটে সেয়া হ'ল বাহ্যিক সংস্কৃতিৰ ভিতৰুৱা ৰূপ। আনহাতে গীতটো শুনি যি অমল আনন্দ প্ৰাপ্ত হ'ল, সেয়াই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ এক অংগ। গতিকে আমাৰ দৃষ্টিভঙ্গী , মূল্যবোধ, ন্যায়-অন্যায় , কৰণীয়-অকৰণীয় , উচিত-অনুচিত আদি আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে সংযুক্ত হৈ থাকে।
        সামাজিক পৰম্পৰা হ'ল-- সমাজ এখনত পূৰ্বৰে পৰা চলি অহা কিছুমান ৰীতি-নীতি । অসমীয়া সমাজত পূৰ্বৰে পৰা সমাজৰ আভ্যন্তৰিণ পৰিৱেশত সৰুৱে ডাঙৰক সমত ধৰি (সম্বোধন) সন্মান জনোৱা, বোৱাৰীয়ে বৰজনাক সন্মান জনোৱা, ন-কইনাই ওৰণি লৈ সন্মান জনোৱা, তিৰোতাই মেখেলা চাদৰ পৰিধান কৰা, পুৰুষে চুৰিয়া পিন্ধা, বিহু বা আন উৎসৱত সকলোলোৱে নীতি নিয়ম অনুসৰি অংশগ্ৰহণ কৰা আদি হ'ল সমাজ এখনৰ ধৰাবন্ধা নিয়ম। এই নীতি নিয়মৰ সংমিশ্ৰণকে সামাজিক সংস্কৃতিৰ পৰম্পৰা বুলি অভিহিত কৰিব পাৰি।
         ধৰ্মীয় পৰম্পৰাই সমাজ এখনৰ ধৰ্মীয় দিশত চলি অহা পৰম্পৰাক বুজায়। অসমীয়া সমাজৰ ধৰ্মীয় পৰম্পৰাৰ মূল সোপান হ'ল নামঘৰ। মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ জৰিয়তে নাম প্ৰসংগ, ভাওনা, সবাহ আদি চলি আহিছে। বৈষ্ণৱ পন্হী বা শাক্ত পন্হী অসমীয়াৰ ধৰ্মীয় দিশত সুচাৰুৰূপে পৰিচালিত হ'বৰ বাবে যি ৰীতি-নীতিৰ ব্যৱস্থা কৰা হৈছে সেয়ে হ'ল ধৰ্মীয় পৰম্পৰা । নামঘৰ বা মছজিদ বা গীৰ্জা আদিত ঈশ্বৰক আৰাধনা কৰিব যাওঁতে -- ফুল, তুলসী ধূপ ,চাকি, মম আদিৰ ব্যৱহাৰৰ যি প্ৰচলিত ব্যৱস্থা আছে, তাৰ জৰিয়তে মানুহে নিয়মৰ কোনো হৰণভগন নকৰাকৈ ভগৱানক উপাসনা কৰিছে। ইয়ে এখন সমাজৰ মানুহবিলাকক একত্ৰিত কৰি সমাজত শান্তিৰ বাতাবৰণ ৰচনাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰিছে।
       ভাষা সম্পৰ্কীয় সংস্কৃতি হ'ল ভাষাগতভাৱে কোনো এখন ঠাইৰ মানুহবিলাকে ব্যৱহাৰ কৰা উপভাষাৰ সংস্কৃতি । আমি দেখিবলৈ পাওঁ যে ঠাইভেদে মানুহৰ মাজত ভাষাৰ ভিন্নতা আছে। উজনি অসমৰ যি নান্দনিক ভাষা সেয়া নামনি অসমত বসবাস কৰা লোকসকলৰ সৈতে নিমিলে। একেদৰে নামনি অসমৰ ভাষা, উজনি অসমৰ মানুহৰ ভাষাৰ মাজত পাৰ্থক্য আছে কিন্তু ইয়াৰ নান্দনিক ৰপৰ পৰিভাষা একে। প্ৰতিখন ঠাইৰ ভাষাই ঠাইখনৰ সুন্দৰ সংস্কৃতিক প্ৰতিফলিত কৰে। গতিকে কোৱা হয় ভাষাৰ মাধ্যমেৰে যি সংস্কৃতিৰ সৃষ্টি হয় সেয়াই হ'ল ভাষা সম্পৰ্কীয় সংস্কৃতি। 
      সংস্কৃতি আৰু পৰম্পৰা ওতঃপ্ৰোতভাৱে জড়িত দুটা উপাদান। এটা মুদ্ৰাৰ ইপিঠি ,সিপিঠিৰ সদৃশ। মানুহৰ অন্তৰৰ পৰা নিগৰিত অনুভূতিৰ বহি প্ৰকাশক আৰু কল্পনাৰ ৰহনেৰে সৃষ্টি কৰা সকলো সম্পদক সংস্কৃতিৰ উপাদান হিচাপে বিবেচনা কৰিব পাৰি,যিয়ে আমাৰ জীৱনক আনন্দময়,গৰিমাময় আৰু সাফল্যমণ্ডিত কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে সংস্কৃতি আমাৰ জীৱন যাত্ৰাৰ ঐশ্বৰ্যময় সংগী আৰু সমাজৰ দ্বীপ্তিময় ভৱিষ্যত। 
       সেয়ে কোৱা হয় যি জাতিৰ সংস্কৃতি , পৰম্পৰা আছে সেই জাতি সংস্কৃতিগতভাৱে ধনী বা টনকিয়াল। অৰ্থাৎ সংস্কৃতিয়ে সমাজ এখনক জীয়াই থকাত বাহ্যিক আৰু আভ্যন্তৰীণ দিশত সহায় কৰে। সেয়েহে আমি সকলোৱে নিজ সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিব লাগে। বাহিৰা অপসংস্কৃতিক ত্যাগ কৰি নিজৰ সংস্কৃতিৰ স্বকীয়তা বজাই ৰাখি জাতিটোক মহীয়ান কৰি তুলিবলৈ আমি সকলোৱে প্ৰাণপনে যৎপৰোনাস্তি প্ৰয়াস কৰা উচিত।
   ----------+++++++++++++++------------
       

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts