Wednesday, June 23, 2021

বীৰবল বুদ্ধিমান আছিল যদিও বাদশ্বাহ হ'ব নোৱাৰিলে ...!!


বীৰবল বুদ্ধিমান আছিল যদিও বাদশ্বাহ হ'ব নোৱাৰিলে...!!

এবাৰ সংখ্যা ৯ য়ে ৮ ক জোৰকৈ চৰ মাৰিলে , তেতিয়া ৮ এ কান্দিব ধৰিলে আৰু সুধিলে মোক কিয় চৰ মাৰিলা ?? ৯ য়ে কলে - মই যে তোতকৈ ডাঙৰ সেয়ে চৰ মাৰিলো !! সেই কথাখিনি শুনাৰ লগে লগে ৮ সংখ্যাটোৱে ৭ ক মাৰিলে আৰু ৯ য়ে কোৱা কথাখিনি কলে !! এনেকৈয়ে .......
৭ সংখ্যাটোৱে ৬ ক 
৬ য়ে ৫ ক 
৫ এ ৪ ক 
৪ য়ে ৩ ক
৩ য়ে ২ ক 
আৰু ২ য়ে ১ ক চৰ মাৰা প্ৰক্ৰিয়াটো চলি গ'ল !! এতিয়া ১ সংখ্যাটোৱে কাক চৰ মাৰিব !! ১ ৰ তলতটো ০ হে আছিল !! কিন্তু ১ এ তাক চৰ মাৰা নাছিল মাথো মৰমেৰে উঠাই লৈ তাৰ কাষত বহুৱাই ললে !! আৰু যেতিয়াই বহাই ললে তেতিয়াই তাৰ শক্তি ১০ হৈ পৰিল আৰু ৯ ৰ অৱস্থা বেয়া হৈ গ'ল !! 
জীৱনত কোনোবাৰ সংগই যথেষ্ট !! কান্ধত কাৰোবাৰ হাতখনেই যথেষ্ট !! দূৰত থাকক বা কাষত ( ওচৰত ) একো প্ৰভাৱ নপৰে !! মূল্যবান আৰু সচাঁ সম্পৰ্কৰ মাথো অনুভৱেই যথেষ্ট !! 
কেতিয়াও কাৰোৱেই অসহায় আৰু দুৰ্বলতাক লৈ নাহাঁহিব কিয়নো কোনেওঁ অসহায় বা দুৰ্বলতাক কিনি লৈ নাহে !! 
সময়ৰ মাৰক ( সোতক ) ভয় কৰক কিয়নো বেয়া সময়ে কেতিয়াওঁ কাকো কৈ নাহে !! 
মগজু (বুদ্ধি ) যিমানেই চোকা নহওঁক কিয় ভাগ্য অৱিহনে জিকিব নোৱাৰে !! বীৰবল বহুত বুদ্ধিমান আছিল যদিওঁ কেতিয়াওঁ বাদশাহ হব নোৱাৰিলে !! 
আপুনি নিজেই নিজক কেতিয়াওঁ সাবটি ধৰিব নোৱাৰে আৰু কেতিয়াও নিজৰ কান্ধত মূৰটো থৈ কান্ধিব নোৱাৰে !! 
ইজনে সিজনৰ কাৰণে জীয়াই থকাৰ নামটোৱেই জীৱন !! 
সেয়ে সময় তেওঁক দিয়ক যিয়ে আপোনাক হৃদয়েৰে বিচাৰে !! 
সম্পৰ্ক টকা-পইচাৰ বান্ধোন নহয় কিয়নো কিছুমান সম্পৰ্কই লাভাংশ নিদিয়ে কিন্তু জীৱন নিশ্চয়কৈ ধনী সজাই দিয়ে !! 

আপুনি চাইকেল চলাওঁক বা বাইক চলাওঁক বা বি এম ডব্লিউ কাৰ চলাওঁক ৰাস্তাটো একেটাই থাকিব !! 

আপুনি 4 জি মোবাইলৰ পৰা জিঅ' চিমেৰে কল কৰক বা নকিয়া ১১০০ মোবাইলেৰে কল কৰক কথাখিনিটো একেই শুনিব !! 

সকলোবোৰ একেই কিন্তু সকলোৰে পদ্ধতিবোৰ সম্পূৰ্ণ বেলেগ বেলেগ হৈ পৰিছে !! খোৱাৰ পৰা লোৱালৈকে !!!

(সংগৃহীত)






Thank you for reading this article.

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts