Saturday, June 5, 2021

বিশ্ব পৰিৱেশ দিৱস আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰাসঙ্গিকতা | World Environment Day and environmental protection relevance.


5 জুন,বিশ্ব পৰিৱেশ দিৱস : 

     এগৰাকী ছাত্ৰীৰ বৃক্ষৰোপণৰ দৃশ্য


    
    পৃথিৱীৰ পৰিৱেশ সুৰক্ষাৰ বাবে জীৱশ্ৰেষ্ঠ হিচাপে পৰিগণিত মানুহে বছৰটোৰ ভিতৰত এটা দিন বাছি লব লগা হৈছে। ব্যাপক হাৰত বৃদ্ধি হোৱা পৃথিৱীৰ জনসংখ্যাৰ বাবে বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হব ধৰিছে। যদি পৰিৱেশ সুস্থ নহয়, ই মানৱ জাতিৰ বাবে বিপদ অৱশ্যাম্ভাৱী। কাৰণ মানৱ সভ্যতাটো হ'ল পৰিৱেশৰ দাস । প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত নিসন্দেহে গছে পৰিৱেশ সুস্থিৰ কৰি ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। জীৱশ্ৰেষ্ঠ মানুহে সকলো জানিও অনাহকতে আজি অৰণ্যৰ ধ্বংসযজ্ঞত নামি পৰিছে। কাৰণ মানুহক ভোগ কৰিব লাগে বর্তমানক , ভৱিষ্যতক নালাগে। হয়তো পৃথিৱীৰ আটাইতকৈ জঘন্য তথা অতি নিকৃষ্ট প্ৰাণী হিচাপে মানুহকেই নিৰ্বাচিত কৰিব পাৰি, এফালৰ পৰা সকলো গ্ৰাস কৰি গৈছে মানুহে।, সকলো ধ্বংস কৰি গৈছে। কেৱল নিজৰ বাবে। ভৱিষ্যতৰ কথা চিন্তা কৰিবৰ বাবে কাৰো আহৰি নাই আৰু যেন প্ৰয়োজনো নাই। মানৱ সৃষ্ট কিছুমান কার্য্যকলাপে আজি বিশ্বৰ পৰিৱেশ সলনি কৰাত প্ৰভাৱ পেলাইছে, অৱশ্যে কিছু প্ৰকৃতিগত কাৰণো নথকা নহয়। বানপানী, ভূমিস্খলন, গৰাখহনীয়া, ব্যাপক হাৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আদি। এইবিলাকৰ লগত সহাৱস্থান কৰি বাছি থাকিবলৈ হ’লে আমি যিমান পাৰো প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। পৃথিৱীত সেউজীয়া কমি গৈছে। এই কথা পৃথিৱীৰ সকলো দেশেই এতিয়া মর্মে মর্মে উপলব্ধি কৰিছে। 
   
   সেয়ে বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ আঁৰৰ ধাৰণাটো এনেদৰে ব্যাখ্যা কৰিব পাৰি যে পৰিৱেশ দিৱসৰ জৰিয়তে পৰিৱেশৰ গুৰুত্বৰ ওপৰত গুৰুত্ব দিয়া আৰু মানুহক সোঁৱৰাই দিয়া যে প্ৰকৃতিক সহজ ভাৱে লোৱা উচিত নহয়। 

    সাম্প্ৰতিক সময়ত প্ৰতি তিনি ছেকেণ্ডত, পৃথিৱীয়ে এখন ফুটবল পিটছ আৱৰিবলৈ, জুম খেতি কৰিবলৈ, বিভিন্ন ঘৰ-অট্ৰালিকা বনাবলৈ বা বিভিন্ন কাৰণত হাবি কাটি মাটি উলিওৱাৰ ফলত পৰ্যাপ্ত অৰণ্য হেৰুৱায় আহিছে আৰু যোৱা শতিকাত, নিশ্চয় আমি আমাৰ আধা আৰ্দ্ৰভূমি ধ্বংস কৰিছো। আমাৰ প্ৰবাল প্ৰাচীৰৰ প্ৰায় 50 শতাংশ ইতিমধ্যে হেৰাই গৈছে আৰু 2050 চনৰ ভিতৰত 90 শতাংশ লৈকে প্ৰবাল প্ৰাচীৰ হেৰুৱাব পাৰে, আনকি গোলকীয় উষ্ণতা 1.5° চেণ্টিগ্ৰেড বৃদ্ধিত সীমাবদ্ধ থাকিলেও ই কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।

এইবাৰ ২০২১ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসত, ৰাষ্ট্ৰসংঘই পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছে বুলি জনা গৈছে আৰু ইয়াৰ বিষয়বস্তু নিৰ্বাচিত কৰিছে "পুনৰ কল্পনা কৰক, পুনৰ সৃষ্টি কৰক, পুনৰুদ্ধাৰ কৰক।"


পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ অৰ্থ হৈছে প্ৰকৃতি নিৰাময় কৰা আৰু মানুহৰ দ্বাৰা হোৱা ক্ষতিৰ বিপৰীত দিশ। এই বিশ্ব পৰিৱেশ দিৱসত পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ ওপৰত আলোকপাতৰ বাবে ৰাষ্ট্ৰসংঘৰ দশক সন্মিলন '২০২০ -২০৩০' আৰম্ভ হ'ব, যি হৈছে অৰণ্যৰ পৰা কৃষিভূমিলৈ, পৰ্বতৰ ওপৰৰ পৰা সাগৰৰ গভীৰতালৈ কেবিলিয়ন হেক্টৰ পুনৰুজ্জীৱিত কৰাৰ এক বিশ্বব্যাপী অভিযান।

বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস :


   এক ঐতিহাসিক পটভূমিত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত ১৯৭২ চনত ৫-১৬ জুনলৈ পৰিৱেশ সন্মিলন আৰম্ভ হৈছিল ষ্টকহ’মত। বিশ্বৰ ১১৩০খন দেশৰ নেতৃবৰ্গই পৰিৱেশৰ সম্পর্কে বিতংভাৱে আলোচনা কৰে। পৃথিৱীখনক কেনেদৰে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব পাৰি, ঔদ্যোগিক উন্নয়নৰ ফলত হোৱা পৰিৱেশ ক্ষতি কেনেদৰে ৰোধ কৰিব পাৰি – এই সন্দৰ্ভত সন্মিলনে ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। সেই ৰাষ্ট্ৰসংঘৰ সভাই 1972 চনত বিশ্ব পৰিৱেশ দিৱস প্ৰতিষ্ঠা কৰিছিল, যি টো মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোম সন্মিলনৰ প্ৰথম দিন আছিল। সেই তৎকালীন সময়ৰ পৰাই আজি পৰ্যন্ত ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে।
   
      এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে 'পুনৰ কল্পনা কৰক। পুনৰ সৃষ্টি কৰক। পুনঃস্থাপন কৰক।' কিয়নো এই বছৰটোৱে পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ দশকৰ আৰম্ভণি চিহ্নিত কৰিছে। এই বছৰ পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ গুৰুত্ব ৰখাৰ বাবে পাকিস্তান হৈছে দিনটোৰ বিশ্বব্যাপী আয়োজক ।

    সামৰণি



       সাম্প্ৰতিক সময়ত পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা এক এৰাব নোৱাৰা বিষয় হিচাপে চিহ্নিত হৈছে। চাৰিওফালে গছ কাটি ধ্বংস যজ্ঞত পৰিণত হোৱাৰ সময় সৃষ্টি হৈছে। বিশেষকৈ নগৰৰ এলেকাবোৰ চালে পৃথিৱীৰ ধ্বংস প্ৰায় নিশ্চিত যেন অনুভৱ হয়। কেৱল ঘৰ, অট্ৰালিকা সাজি সেউজীয়া বিলাক আমি নিশ্চিহ্ন কৰি পেলাইছো । এয়া ভৱিষ্যতৰ প্ৰজন্মৰ বাবে অশনি সংকেত।
আনকি গ্ৰাম্য অঞ্চলতো, সেই একেই বেমাৰৰ প্ৰতিফলিত হৈছে। গাঁৱবোৰৰ নিচেই কাষতে লাগি থকা অৰণ্য আজি ধ্বংসৰ দিশে ধাৱমান। বিভিন্ন কাৰণত হাবি কাটি তহিলং কৰা হৈছে। যাৰ বাবে সেই এলেকাৰ লগতে পৃথিৱীত ইয়াৰ প্ৰভাৱ অৱশ্যে পৰিছে।
    


     বিশ্ব পৰিৱেশ দিৱসৰ জৰিয়তে মানুহে মানুহক আজি সাৱধান কৰিবলৈ উঠিপৰি লাগিব লগা হোৱাটোৱেই হ'ল মানুহৰ বাবে এটা অতি পৰিতাপৰ বিষয়। কেৱল মানুহৰ বাবেই হয়তো এদিন পৃথিৱী ধ্বংস হ'ব আৰু মানুহ নামৰ অহংকাৰী প্ৰাণীবিধৰ জীৱন অৱসান ঘটিব। সময় জোৰ পুৰি হাত পালেহি। আমি সকলোৱে এতিয়াও আনলৈ অপেক্ষা নকৰি হাজাৰ জনৰ মনত 'যাদৱ পায়েংৰ' মনোভাৱ জগাই তোলাৰ অহোপুৰুষাৰ্থ প্ৰয়াস কৰিব লাগিব। তেতিয়াহে পৰিৱেশ দিৱস উদযাপন কৰাৰ সাৰ্থক হ'ব।

প্ৰৱন্ধটো আপোনাৰ বহুমূলীয়া সময় ব্যয় কৰি পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts