Wednesday, June 2, 2021

মুখেৰে দুৰ্গন্ধ ? কেনেকৈ মুক্তি লাভ কৰিব পৰা যায় চাওঁ আহক ---

👉👼মুখেৰে দুৰ্গন্ধ ? এই সমস্যাৰ পৰা মুক্তি পাবলৈ কি কি ফল নিয়মিত খোৱা প্ৰয়োজন জানো আহক ! 

মুখেৰে ওলোৱা দুৰ্গন্ধই কেতিয়াবা আমাক বৰ অসুবিধাত পেলায়। সমনীয়াহঁতৰ লগত কথাবাৰ্তা ভালদৰে হ'ব নোৱাৰি হীনমণ্যতাত ভোগিব লগা হয়। 

বিভিন্ন কাৰণত মুখৰ দুৰ্গন্ধ হ'ব পাৰে। দাঁতৰ আলুৰ ফাকঁত বা দুটা দাঁতৰ মাজত লাগি থকা খাদ্যৰ অংশ পচি যোৱাৰ বাবে মুখুৰে দুৰ্গন্ধ ওলাই। দ্বিতীয়তে পেটৰ অসুখ হ'লে বা পেটৰ সমস্যাৰ কাৰণেও মুখেৰে দুৰ্গন্ধ ওলাব পাৰে। এনেধৰণৰ দুৰ্গন্ধ আঁতৰাবলৈ আমি সচৰাচৰ দামী বা কম দামী টুথপেষ্ট ব্যৱহাৰ কৰোঁ। ডক্টৰৰ জৰিয়তে বিভিন্ন ঔষধপাতি ব্যৱহাৰ কৰোঁ। এই উপায়ৰ পৰিৱৰ্তেও আমি সহজ প্ৰক্ৰিয়াৰে এই দুৰ্গন্ধ নাশ কৰিব পাৰোঁ। কিন্তু কেনেকৈ জানেনে ? কিছুমান ফলমূল খাই এই দূৰ্গন্ধ আঁতৰাব পৰা যায়। 

কি কি ফল নিয়মিত খালে মুখৰ দূৰ্গন্ধ আঁতৰাব পৰা যায় ? চাওঁচোন আহক ---


👉👻তৰমুজ :: 

         মুখত থকা মৃত কোষে বিভিন্ন ধৰণৰ বেক্টেৰিয়া প্ৰৱেশত অৰিহণা যোগায় । অপকাৰী বেক্টেৰিয়াই মুখত লাগি থকা খাদ্যৰ টুকুৰাবোৰ গেলাই পেলায় যাৰফলত মুখেৰে দুৰ্গন্ধ ওলাই। সেয়ে মুখখন পানীৰে সেমেকাই ৰাখিব লাগে। এই দুৰ্গন্ধ আঁতৰাবলৈ তৰমুজ খোৱা প্ৰয়োজন আছে। মুখৰ মৃত কোষ ই পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। আনহাতে তৰমুজ খালে শৰীৰত পানীৰ অভাৱ পূৰ্ণ হয়। যাৰবাবে মুখখন শুকান হৈ নাযায়। এনেধৰণে মুখখন অনবৰতে তিতি থাকিলে বা মুখখন পানীৰে সেমেকাই থ'লে কেতিয়াও মুখেৰে দুৰ্গন্ধ নোলাই।

👉👰আপেল ::

    
      আপেলে আমাৰ মুখত প্ৰচুৰ পৰিমাণে লেলাউটি নিৰ্গমন কৰাত সহায় কৰে। এই লেলাউটিয়ে মুখত দুৰ্গন্ধ সৃষ্টি কৰা অপকাৰী বীজাণুৰ নাশ কৰাত সহায় কৰে। এই ফল খোৱাৰ ফলত মুখৰ শুকান ভাৱো নাইকিয়া হয়। সেয়েহে নিয়মীয়াকৈ আপেল খালে মুখৰ দূৰ্গন্ধ আঁতৰি যায়।

👉👼কমলাটেঙা :: 

       
     এই ফলত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে। ই বিভিন্ন প্ৰকাৰৰ মুখৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। সেয়েহে, মাড়িৰ সংক্ৰমণ বা প্ৰদাহৰ ফলত উশাহৰ দুৰ্গন্ধ থকা সকলে নিয়মীয়াকৈ কমলা টেঙা খাব লাগে। এইদৰে এই সমস্যা দূৰ কৰিব পৰা যায়।


❤👱আপোনাৰ মূল্যৱান সময় খৰচ কৰি পঢ়ি চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।❤👲



No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts