Wednesday, December 29, 2021

💐💐💐অ'মিক্ৰণ আৰু কিছু কথা :💐💐💐

💐💐💐অ'মিক্ৰণ আৰু কিছু কথা :💐💐💐
এজন ভাইৰাছ বিশেষজ্ঞৰ আলোকপাত।


        কভিড-১৯ৰ হেজাৰটা 'ভেৰিয়েন্ট' ওলাইছে, কিন্তু এই আটাইবোৰে একলগে বিস্তাৰ লাভ কৰিব নোৱাৰে। ইয়াৰ মাজৰ কোনো এবিধ  বিস্তাৰ লাভ কৰিব পৰা হয় যদিহে ইয়াৰ এনে এটা নতুন গুণ লাভ হৈছে যিটোৱে পূৰ্বসূৰী বিধানটোক প্ৰতিযোগিতাত পিছ পেলাবলৈ সুবিধা কৰি দিয়ে। 


এই প্ৰতিযোগিতা হৈছে ভাইৰাচ এবিধ সোঁচৰাত আমি যি বাধা প্ৰদান কৰোঁ (যেনে দূৰত্ব বজাই ৰাখোঁ, হাত ধোওঁ, বন্ধ কোঠাত একেলগে বহুজন নাথাকোঁ বা প্ৰতিযেধক লৈছোঁ, ইত্যাদি), সেই বাধা অতিক্ৰম কৰিবলৈ ভাইৰাচবোৰে নিজৰ ভিতৰতে প্ৰতিযোগিতা কৰিব লাগে। যেনে ইনফ্লুয়েঞ্জাই কভিড-১৯ৰ সৈতে বা কভিড-১৯ৰ 'ভেৰিয়েন্ট' বা বিধান বোৰে নিজৰ ভিতৰতে। কাৰণ এটা অংগত যেনে হাওফাওত একাধিক ভাইৰাচ প্ৰজাতি বা এটা প্ৰজাতিৰেই একাধিক ভেৰিয়েন্টে একে সময়তে আক্ৰান্ত কৰিব নোৱাৰে। এবিধে কৰিলে আনবিধৰ সুবিধা হেৰাই যায়। ই এক প্ৰতিযোগিতা। 

এই প্ৰতিযোগিতাত ইনফ্লুয়েঞ্জাই যোৱা দুবছৰত হাৰ মানিছে। কভিড-১৯ জিকিছে। ঠিক তেনেকৈ কভিড-১৯ 'আলফা' 'ভেৰিয়েন্ট'ৰ তুলনাত (যিটো ইংলণ্ডত প্ৰথম ওলাইছিল) 'ডেল্টা' 'ভেৰিয়েন্ট' (যিটো ভাৰতত প্ৰথম ওলাইছিল) জিকিছে। 

মনকৰিবলগীয়া ডেল্টা ভাৰতত ওলাইছিল ঠিকেই, কিন্তু বিস্তৰ প্ৰসাৰ হ'ল ইউৰোপ আৰু আমেৰিকাতহে। আজি ভাৰতত কভিড নাই (তুলনামূলকভাৱে)। জনমূৰি ভাৰতত ৫ ডিছেম্বৰত ১৭ হাজাৰটা, ১,৩৮০,০০০,০০০ জনৰ ভিতৰত, যিটো শতকৰা ০.০০১%। একে হিচাপত বৃটেইনত ৫ ডিছেম্বৰত ৪৩ হেজাৰটা কভিড-১৯ৰ সংক্ৰমণ, ৬৭,০০০,০০০ নিযুত জনসংখ্যা, অৰ্থাত ০.০৫৯%। প্ৰতি এশহেজাৰত ক্ৰমে ১ আৰু ৬০। ই আকাশ পাতাল পাৰ্থক্য। 

অৰ্থাত ভাইৰাচ বা বীজানু এবিধ অনুকূল পৰিবেশতহে অধিক বিস্তাৰ হ'ব পাৰে। 

কভিড-১৯ বা ইনফ্লুয়েঞ্জা মূলতঃ শীতপ্ৰধান উত্তৰ গোলাৰ্ধৰ দেশবোৰৰ অসুখ। শীত কালত ইয়াৰ প্ৰাদূৰ্ভাব বাঢ়ে। বসন্তৰ লগে লগে কমি যায়। মই চমুকৈ কৈছোঁ - কিয় এনে হয় কাৰণ-ব্যাখ্যা আছে। ইয়াৰ বিপৰীতে গ্ৰহণী আৰু টিবি ভাৰতৰ দৰে দেশৰ সমস্যা। প্ৰায় ৪০% ভাৰতীয়ৰ দেহত সু্প্ত অৱস্থাত টিবি আছে, যি বিশেষ শাৰিৰীক অৱস্থাত জাগ্ৰত হৈ লক্ষণযুক্ত হৈ পৰিব পাৰে। মই মূল বিষয়ৰ পৰা কিছু আঁতৰি আহিছোঁ যেন লাগিলেও এই আটাইখিনি প্ৰাংসগিক।

এতিয়া অ'মিক্ৰণ কভিড-১৯ ভেৰিয়েন্টটোৰ কথালৈ আহোঁ। ভয় খাবলৈ কিটো আছে নিজে ভাবক। আমি এতিয়াও এই বিধানবিধৰ কথা শিকিহে আছোঁ। কিন্তু প্ৰথম দৃষ্টিত এইটো প্ৰায় নিশ্চিত হৈছে যে ই মাৰাত্মক নহয়। এতিয়ালৈ এজনৰো এইবিধৰ পৰা মৃত্যু হোৱা নাই। দক্ষিণ আফ্ৰিকাৰ পৰা আমি জানো যে ই অতি সাধাৰণ পানীলগা ধৰণৰ বেমাৰ কৰিছে বিশেষকৈ যুৱচামৰ মাজত। ইয়াৰ ডেল্টাতকৈ অধিক বিস্তাৰ হোৱাৰ ক্ষমতা আছে বুলি ভবা হৈছে কিন্তু খাটাং প্ৰমাণ ওলোৱা নায়। যদিহে ই সঁচা প্ৰমাণিত হয় সেইটোও ভাল খবৰহে। কাৰণ মই পূৰ্বতেও লিখিছোঁ যে ভাইৰাচৰ বিধান এটা অধিক সংক্ৰমণশীল হ'ব পাৰে গুৰুতৰ অসুখ নকৰাৰ চৰ্ততহে। ই প্ৰকৃতিৰ বিধান। প্ৰায় নিউটনৰ সূত্ৰৰ দৰে। 'আলফা'তকৈ 'ডেল্টা' নতুন আৰু অধিক সংক্ৰমণশীল। কিন্তু কম গুৰুতৰ। আজি বৃটেইনত প্ৰতিষেধকৰ দুটা পালি হৈ তৃতীয়টো পালি পৰিব ধৰিছে কিন্তু 'ডেল্টা' মাহৰ পিছত মাহ ধৰি নিয়মীয়াকৈ প্ৰায় ৪০ হেজাৰকৈ (কিছু দৈনিক তাৰতম্য আছে) হৈ আছে। কিন্তু হস্পিটালত গুৰুতৰ ৰোগীৰ সংখ্যা অতি কম বা দৈনিক মৃত্যুৰ সংখ্যা ২০০ৰ‌ অলপ কম-বেছি। এই ২০০জনৰ প্ৰতিজনেই যে কভিডৰ বাবে মৰিছে সেয়া নহয়, তেওঁলোকৰ শৰীৰত মৃত্যুক ২৮ দিনৰ ভিতৰত কভিড-১৯ পজিটিভ পোৱা গৈছিল।‌সেইটোহে এই পৰিসংখ্যাই কয়। মই কাম কৰি ইংলেণ্ডৰ হস্পিটালত কভিড-১৯ত মৃত্যু হোৱা বা গুৰুতৰ বেমাৰী সংখ্যা আঙুলীৰ মূৰত গণ্টি কৰিব পাৰোঁ। সৰহ সংখ্যক পজিটিভৰ লক্ষণেই নাথাকে। আন এটা কথাও মই বাৰংবাৰ কৈ আহিছোঁ। স্ক্ৰিনিং কৰোতে ধৰা পৰা কিন্তু লক্ষণ নথকা সকলৰ সৰহ সংখ্যাকৰেই 'মিছা পজিটিভ' ৰিজাল্ট।

 'আৰটিপিচিআৰ' বা যিকোনো মেডিকেল পৰীক্ষাই ১০০% নিৰ্ভুল নহয়। ৰোগ এটাৰ প্ৰাদূৰ্ভাৱৰ ওপৰত মেডিকেল পৰীক্ষাৰ নিৰ্ভুলতা নিৰ্ভৰ কৰে। অৰ্থাত উদাহৰণ স্বৰূপে কভিড-১৯ পৰীক্ষাৰ বিশ্বাসযোগ্যতা ভাৰততকৈ বৃটেইনত বেছি কাৰণ তুলনামূলক ভাৱে তাত প্ৰাদূৰ্ভাব বেছি। কিমান আচৰিত কথা। নহয় নে? কিন্তু আইনষ্টাইনৰ সূত্ৰৰ দৰেই ই সঁচা বা মিছা। এইটো Bayes' theoremৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিজন ডাক্তৰে স্বভাৱজাতভাৱে এইটো জানে কিন্তু বেচিভাগেই সচেতনভাৱে জ্ঞাত নহয়। সেয়ে পৰীক্ষাগাৰৰ পৰা অহা ৰিজাল্ট এটা যদি কভিড-১৯ পজিটিভ হয়, মানি লয় কাৰণ পৰিবেশৰ চাপ আছে। কিন্তু অপ্ৰত্যাশিতভাবে বেমাৰী এজনৰ কেঞ্চাৰ হোৱা বুলি আহিলে স্বভাৱজাতভাৱে কয়, ৰ'ব, এইটো মানিব নোৱাৰি, আকৌ এবাৰ কৰাই চাওঁ বা এটা 'কনফাৰ্মেটৰি' পৰীক্ষা কৰাওঁ। কভিড-১৯ আৰু মনঃস্তত্বৰ কথা মই আগতেও কৈছেোঁ। মানুহে প্ৰচলিত 'নেৰেটিভ' এটা মিছা হ'লেও অবিসম্বাদেৰে মানি লয়। এয়া মানুহৰ প্ৰবৃত্তি। 

মই আকৌ মূল কথাৰ পৰা প্ৰসংগক্ৰেমে হলেও আঁতৰি আহিছোঁ। মই দৰাচলতে ক'ব বিচাৰিছোঁ যে অ'মিক্ৰণ ভেৰিয়েন্টটো যদি অধিক সংক্ৰমণশীলো হয়, ই হ'ব অতি সাধাৰণ, যাৰ আমি আভাস ইতিমধ্যেই পাইছোঁ। সেয়ে অধিক সংক্ৰমণশীল বুলি সঁচা প্ৰমাণিত হ'লেও ই একো বেয়া খবৰ নহয়।

শেষত এটা কথাৰে সামৰোঁ। মই কভিড-১৯ উত্তৰ গোলাৰ্ধৰ শীতপ্ৰধান দেশৰ অসুখ বুলি কৈছোঁ। এইটো নিৰংকুশ বাণী নহয়। এইটো মূলতঃ বা তুলনামূলকভাৱেহে। মই ওপৰত শতকৰা হিচাপ কৰি বৃটেইন আৰু ভাৰতৰ পাৰ্থক্য দেখুৱাইছোঁ। কিন্তু ভাৰত কভিডৰ বাবে প্ৰতিকূল হ'লেও কভিডে-১৯এ সমস্যা কৰিব পাৰে। চহৰাঞ্চলৰ ঘণ বসতিৰ সৰু সৰু খিৰীকী বন্ধ ফ্লেট বা আনধৰণৰ বন্ধ আৱহাওৱাত বহু মানুহ একেলগে থাকিলে কভিডে-১৯এ যিকোনো দেশতে সুবিধা কৰিব পাৰে। 'চুপাৰ স্প্ৰেডিং' ঘটনা হ'ব পাৰে। ইয়াৰ উপৰি ঝতুগত সহায়ো কভিডে ল'ব পাৰে। মোৰ আশংকা ২০২২ৰ এপ্ৰিল-মে' মাহত ভাৰতৰ দিল্লী-মুম্বাইৰ দৰে চহৰত কভিড ২০২১ৰ দৰে বাঢ়িব পাৰে। কিন্তু ই ভয়ৰ কাৰণ নহয়। ই সাময়িক হ'ব। ২০২১ত বিশৃংখলা আৰু ভয়ৰ বাবেহে এক অভুতপূৰ্ব পৰিবেশ হৈ নমৰিবলগীয়া বেমাৰী মৰিছিল। কভিডত কিমানজন মৰিছিল আমি সঠিক নাজানোঁ - যি পৰিসংখ্যা আমি দেখোঁ সেয়া কভিড পজিটিভ হৈ মৰা বেমাৰীৰ সংখ্যাহে। মৃত্যুৰ কাৰণ কভিড হ'বও পাৰে নতুবা আন ৰোগ, তেনেদৰে 'চেপচিচ' হৈ বা ভুল চিকিৎসাৰ কাৰণেও কিছু মৰিছিল। ভীতিগ্ৰস্ত হৈও বহুতৰ অৱস্থা শোচনীয় হৈছিল। যথেমধে ৰেমডেচিভিৰ আৰু ষ্টেৰইড দিয়াৰ বাবে বহুতৰ পাৰ্শ্বক্ৰীয়া হৈছিল। 'ব্লেক ফাংগাচ'ৰ দৰে সংক্ৰমণ কেৱল ভাৰততহে হৈছিল। কিমান অযথা ষ্টেৰইড খুৱালে 'ব্লেক ফাংগাচ' সংক্ৰমণ হ'ব পাৰে অভাবৱনীয়। এই আটাইখিনি গৱেষণাৰ বিষয়। কোনো ভাৰতীয় গবেষকৰ আগ্ৰহ হ'বনে লক্ষণীয় হ'ব। 

কিন্তু যদি যোৱাবাৰৰ দৰে ভয়-ভীতিৰ পৰিবেশ নহয় আৰু হস্পিটালবোৰে ধন-ঘটাৰ প্ৰতিযোগিতাত নামানে, ২০২২ৰ এপ্ৰিল-মে'ত কভিড বাঢ়িলেেও একো ক্ষতি নহয়। নাবাঢ়ক, সেই আশাই মই কৰিছোঁ। বৃটেইনত যেনেকৈ দৈনিক ইমান কভিড হোৱাৰ পিছতো হস্পিটালত ভীৰ বঢ়া নাই, তেনেকৈ ভাৰততো ডেল্টা বা অ'মিক্ৰণ কিছু বাঢ়িলেও হৈ চৈ নকৰিলে সকলো নিৰ্বিঘ্নে পাৰ হৈ যাব।

শ্বেয়াৰ কৰিব পাৰিব। অনুমতিৰ প্ৰয়োজন নাই।


=================
লেখক:: ডা: জয়ন্ত বিশ্ব শৰ্মা
ভাইৰাছ বিশেষজ্ঞ, ইংলেণ্ড
=================
++++++++++++++++++++++++++++++++

Thursday, December 23, 2021

আকৌ এটা বছৰ পুৰণি হ'ব..It will be a year old again...

👉 আকৌ এটা বছৰ পুৰণি হ'ব..। চাওঁতে চাওঁতে বছৰটোৱে কেতিয়ানো মেলানি মাগিবলৈ সাজু হ'ল ততকে ধৰিব নোৱাৰিলোঁ। 

বিগত বছৰটোত কি পালোঁ কি হেৰুৱালো , কোন নিঠৰুৱা হ'ল,কোন লাখপতিলৈ উন্নীত হ'ল আদি বোৰ কেৱল ইতিহাস হ'ব আৰু আমাৰ মনত দি থাকিব পেন্দুলামৰ দৰে দোলা। বিগত বছৰটোৰ লাভ-লোকচানৰ খতিয়ান পষ্টমৰ্টেম কৰি চাওঁচোন আহক।
   ব্যক্তিগত , সামাজিক , ৰাজনৈতিক, অৰ্থনৈতিক আদি প্ৰতিটো ক্ষেত্ৰতে বহু পৰিবৰ্তন হ'ল আৰু বহু পৰিবৰ্তন হ'বলৈ অদ্যাপি বাকী থাকিল। 
   মোৰ ব্যক্তিগত জীৱনত ভুমুকি মাৰি চালে দেখা পাওঁ চৌদিশে কেৱল শূণ্য। ২০২১ বৰ্ষটোত দুখন কিতাপ প্ৰকাশিত কৰাৰ যি মনোবাঞ্ছা আছিল সেয়া  অপূৰ্ণ হৈয়ে ৰ'ল। ঘৰটোৰ মেৰামতি অসম্পূৰ্ণ হৈয়ে ৰ'ল। বেংকৰ ঋণৰ পৰিমাণ ডিঙিৰ গুৰিলৈকে পালেহি। ইয়াৰ মাজতে দুটা নিজাকৈ ভাললগা খবৰ হৈছে দুটা সন্তানৰ দিশ নিৰ্ণয় সঠিকভাৱে আগবাঢ়িছে। ই যি কি নহওঁক সময়ৰ লগত ফেৰ মাৰিব নোৱাৰিলেও ধীৰে ধীৰে হ'লেও আগুৱাবই লাগিব সময়ৰ পিছে পিছে। হাজাৰ বাধা বিঘিনি আতৰাই আগুৱাই যাবলৈ কৰা প্ৰয়াসেই হৈছে জীৱন। কাৰণ জীৱন মানেই হৈছে সংঘাত । জীৱন মানেই হৈছে ঘাত-প্ৰতিঘাত আৰু সংযোগৰ সমষ্টি। 
সামাজিকভাৱে যদি চকু ফুৰাও তেন্তে দেখিবলৈ পাওঁ বহু ঘটনাৰ প্ৰৱাহ। বহু উত্থান-পতনৰ সাক্ষী হৈ ৰ'ব ২০২১ বৰ্ষটো । এই বৰ্ষতে আমি হেৰুৱাব লগা হ'ল বহু বিজ্ঞজনক। আমাৰ অতিকৈ প্ৰিয় গায়িকা ভিতালী দাস বাইদেউক আমি হেৰুৱালো , শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ভাউৰীয়াক আমি হেৰুৱালো চিৰদিনলৈ।  প্ৰায় পাঁচ শতাধিক গীত গাই অসমৰ সংগীতৰ ভঁৰাল চহকী কৰা ভিতালী দাস বাইদেউৰ সুমধুৰ কণ্ঠই আমাক মোহিত কৰিছিল আৰু তেখেত জনপ্ৰিয় হৈ পৰিছিল। তেখেতৰ মৃত্যু সংগীত জগতৰ অন্যতম ক্ষতি। অসমৰ স্বনামধন্য লেখক সাহিত্যিক, উপন্যাসিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে খ্যাতি অৰ্জন কৰা হোমেন বৰগোহাঞি ডাঙৰীয়াৰ মৃত্যুৱে সাহিত্যৰ জগতক নিঠৰুৱা কৰিলে। তেখেতৰ মৃত্যু অসমৰ জনসাধাৰণৰ বাবে, অসমৰ সাহিত্য সংস্কৃতিৰ বাবে বৃহৎ অপূৰণীয় ক্ষতি বুলি ক'ব পাৰি।

তদুপৰি এই বৰ্ষতে আমি আৰু কেইবাজনো অখ্যাত লোকক অস্বাভাৱিক আৰু পাশৱিক ভাৱে হোৱা অত্যাচাৰত হেৰুৱাব লগা হ'ল। অনিমেষ,  দেৱেন্দ্ৰনাথ আদি নিৰপৰাধী লোকসকলক আমি বিনাকাৰণত হেৰুৱাব লগা হ'ল। মানুহে মানুহক নিচিনি অমানুষিক ভাৱে আমাৰ সমাজৰে এচাম অবিবেচক লোকৰ হাতত নৃশংসতাৰ বলি হ'ব লগা হ'ল এইসকল লোকে । যিয়ে অসমৰ বুৰঞ্জীত কালিমা সানি থৈ গ'ল ২০২১ বৰ্ষত। 
  অৱশ্যে সামাজিক দিশত অত্যন্ত ভাল খবৰো নথকা নহয়। এই বৰ্ষতে প্ৰাক্তন জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ গায়ক তথা চাহ জনগোষ্ঠীৰ লোক দুলাল মানকিয়ে পদ্মশ্ৰী বঁটা লাভ কৰি জিলাখনলৈ কঢ়িয়াই আনিলে সন্মান। অতি শেহতীয়াকৈ কাব্যঋষি নীলমণি ফুকন ভাউৰীয়াক কাব্যৰ জগতত অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰায় একৈশ বছৰৰ ব্যৱধানত আগবঢ়ালে ভাৰতৰ সাহিত্যৰ সৰ্বোচ্চ বঁটা 'জ্ঞানপীঠ বঁটা' । তদুপৰি এই বৰ্ষতে শান্তিস্বৰূপ  ভটনাগৰ বঁটা বিজ্ঞানৰ চমকপ্ৰদ উদ্ভাৱনৰ বাবে ড° বিনয় কুমাৰ শইকীয়াই আজুৰি আনিবলৈ সক্ষম হৈছিল। 

মহামাৰীৰ প্ৰৱল প্ৰকোপৰ ফলত বৰ্ষটোত অসমৰ অৰ্থনৈতিক অৱস্থাই কিছু শোচনীয় ৰূপ ধাৰণ কৰিলে। বহু মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ'ল। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জুই-ছাই দামে মানুহৰ অৰ্থনৈতিক দিশত আঘাত হনাৰ ফলত জীয়াই থকাৰে মুচকিল হৈ পৰিল। হ'লেও যেনিবা ঈশ্বৰৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টিয়ে শেহতীয়াকৈ জনসাধাৰণৰ শোচনীয় ৰূপ ভাললৈ আহিবলৈ ধৰিছে। ৰাজনৈতিক দিশতো কিছুমান পৰিৱৰ্তন পৰিলক্ষিত হ'ল। বিজেপিৰ অভাৱনীয় উত্থান আৰু কংগ্ৰেছৰ দুখলগাকৈ পতন ৰাজনৈতিক প্ৰেক্ষাপটত এক উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ ৰ'ব ২০২১ বৰ্ষ। 
  খেলৰ জগতত ভূমুকি মাৰিলে দেখা যায় এই বৰ্ষটো অসমৰ বহু ভাল আছিল। যদিও মহামাৰীৰ কৱলত বিশ্বৰ থাওনি হেৰাইছিল, তথাপিও জাপানে নিজৰ দক্ষতাৰে অলিম্পিক অনুষ্ঠিত কৰি বিশ্বৰ খেলুৱৈ সকলক ইয়াৰ আমোদ দিবলৈ সক্ষম হৈছিল। এই  অলিম্পিকতেই ভাৰতৰ খেলুৱৈয়ে আজুৰি আনিবলৈ সক্ষম হৈছিল সাতোটাকৈ মেডেল । তাৰে ভিতৰত অসমৰ লাভলীনা বৰগোহাঁইয়ে বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এই বৰ্ষতে। 

  কোৰোণাৰ  ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিছিল এটা ভাল খবৰ। অভিনেত্ৰী আইমী বৰুৱাই লাভ কৰিছিল বিশেষ বঁটা। চলচিত্ৰ নিৰ্মাণৰ দ্বাৰা বিশেষ সন্মান লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে TAGORE INTERNATIONAL FILM FESTIVALত এই আন্তঃ ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হয় অভিনেত্ৰী আইমী বৰুৱাই। উল্লেখ্য যে, প্ৰথম খন ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে আইমীয়ে। উল্লেখ্য যে, টেগৰ ইনটাৰনেচনেল ফিল্ম ফেষ্টিভেলত ডিমাছা ভাষাৰ প্ৰথমখন ছবি SEMKHORৰ বাবে BEST NARRATIVE, BEST WOMEN FILM, BEST DEBUT FILM MAKERৰ শিতানত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আইমী বৰুৱাই। কেৱল নিৰ্মাণেই নহয়, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয়ো কৰিছিল অভিনেত্ৰীগৰাকীয়ে। 

তদুপৰি শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ দুগৰাকী শিক্ষকে লাভ কৰিবলৈ সক্ষম হৈছিল  ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান। সন্মান লাভ কৰা শিক্ষক দুগৰাকী হৈছে যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্ত আৰু বাক্সা জিলাৰ বিনন্দ স্বৰ্গীয়াৰী। যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছিল ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক বঁটা৷ উল্লেখ্য যে কংকন কিশোৰ দত্তই ইয়াৰ পূৰ্বে, ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰণালয়ৰ দ্বাৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক সমাৰোহত শ্ৰেষ্ঠ গৱেষণা পত্ৰ পুৰস্কাৰ লাভ কৰাৰ লগতে ২০১৯ চনত ইউনেস্কোৰ দ্বাৰা আয়োজিত Dell policy Hack কাৰ্যসূচীত অংশগ্ৰহণ কৰিও বঁটা লাভ কৰিছিল।

    বহু উত্থান-পতনৰ মাজেৰে অতিবাহিত হোৱা বছৰটোৰ শেষাৰ্ধত সাহিত্যৰ জগতক টনকিয়াল কৰিলে জ্ঞানপীঠ বঁটা বিজয়ীয়ে। সাহিত্যৰ উন্নতিৰ দিশত বিশেষকৈ কাব্যৰ চৰ্চা কৰিবলৈ কবি লেখক লেখিকা সমাজক এই বঁটাই অনুপ্ৰাণিত কৰিব। উল্লেখযোগ্য যে এই বৰ্ষতে মাজুলীয়ে আনুষ্ঠানিক ভাৱে লাভ কৰিলে সকলোৰে আশাৰ এখন দলং। ( অৱশ্যে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছেহে, যদিও আৰম্ভ হ'ল যেতিয়া ইয়াৰ সমাপ্ত নিশ্চয় অতি সোনকালেই হ'ব ? গতিকে ইয়াক পোৱা বুলিয়ে ক'ব পাৰি )  অদূৰ ভৱিষ্যতে মাজুলীয়ে যে পৰ্যটনৰ দিশত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব সেয়া নিশ্চিত হৈ পৰাৰ বাবে আমি আনন্দিত অনুভৱ কৰিছোঁ। দলং নিৰ্মাণ পূৰ্ণ হোৱাৰ লগে লগে অসমৰ তথা অসমীয়াৰ বহু দিনীয়া এটা অভাৱৰ অৱসান ঘটিব। মাজুলীৰ নামি আহিব আশাৰ বতঁৰা । পৰ্যটকৰ পদধূলাত মাজুলীয়ে প্ৰাণ পাই উঠিব বিশ্বৰ দৰবাৰ গচকি। এনেকৈয়ে এদিন উন্নত ৰাজ্যলৈ পৰিৱৰ্তন হ'ব আমাৰ কেঁচা মাটিৰ গোন্ধ থকা  অসম ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক -- দুদুল সোণোৱাল। প্ৰৱন্ধটোত আৰু বহু কথা সন্নিৱিষ্ট কৰিবলৈ ৰৈ গ'ল। হ'লেও মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক পঢ়ুৱৈ সমাজে নিশ্চয় আদৰি ল'ব বুলি আশা ৰাখিলোঁ।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


Friday, December 17, 2021

👉 আপুনি কেনেকৈ এজন 'ৰ'(RAW) এজেণ্ট বা আইবি বিষয়া হ'ব পাৰিব ? জানো আহক।



 👉 আপুনি কেনেকৈ এজন 'ৰ'(RAW) এজেণ্ট বা আইবি বিষয়া হ'ব পাৰিব ?



'ৰ'ৰ এজেণ্ট হ'বলৈ 3 টা উপায় আছে:

👉1/ অসামৰিক সেৱা সমাপ্ত কৰক আৰু আই.পি.এছ. বা ভাৰতীয় আৰক্ষী সেৱাত ভৰ্তি হওক। ভাৰতীয় আৰক্ষী সেৱাৰ বাবে আৰক্ষীৰ একাডেমীত নামভৰ্তি কৰাব লাগিব আৰু তেতিয়া ৰ'য়ে আপোনাক নিৰ্বাচিত কৰিব । আপোনাৰ দক্ষতা নিৰীক্ষণ কৰি আপোনাক যোগদান কৰাৰ সুযোগ দিয়া হ'ব। যদি আপুনি তেওঁলোকৰ মূল্যাঙ্কন উত্তীৰ্ণ হয়, তেন্তে আপুনি ৰ'ৰ আওতালৈ আহিবলৈ সক্ষম হ'ব ।

👉2/ এছ.এছ.চি. বা চিভিল চাৰ্ভিচ কমিচনৰ জৰিয়তে "কেবিনেট সচিবালয়"ত "ক্ষেত্ৰ বিষয়া"ৰ পদৰ বাবে আবেদন কৰক । পৰীক্ষা/সাক্ষাৎকাৰ আদি সম্পূৰ্ণ কৰক আৰু আপুনি ইয়াত উত্তীৰ্ণ যদি হৈছে তেন্তে ৰ'এজেণ্টৰ বাবে এখোজ আগবাঢ়িলে বুলি ভাবিব পাৰে।

👉3/ সেনা/অৰ্ধসামৰিক/কেন্দ্ৰীয় আৰক্ষী (দিল্লী আৰক্ষী) বা যিকোনো ৰাজ্যিক আৰক্ষীত যোগদান কৰিবলৈ অৰ্হতা অৰ্জন কৰিব লাগিব। আপোনাৰ ব্যক্তিগত শান্ত্বনাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ আৰু যিকোনো পৰিমাণে গৈ দেশৰ বাবে যিকোনো ত্যাগ কৰাৰ ইচ্ছাৰে সততা, সততা, আনুগত্যৰ সৈতে আপোনাৰ কৰ্তব্য পালন কৰক। কেইবছৰমান সেৱাৰ পিছত আপোনাক ৰ'/আই.বি য়ে যোগ্যতা অনুসৰি আপোনাৰ ওচৰলৈ চাকৰি এটা আগবঢ়াবলৈ আহিব, আৰু আপুনি তেতিয়া যোগদান কৰি দেশৰ সেৱা আগবঢ়াব পাৰে ।
 এই সকলোবোৰ পদক্ষেপ গোপন সেৱাত প্ৰৱেশ কৰাৰ এক উপায়। আপোনাৰ গাত সঁচাকৈয়ে কেইটামান বিশেষ গুণ থাকিব লাগিব, অন্যথা আপুনি এই চাকৰি কৰিব নোৱাৰে।

তদুপৰি এই চাকৰিৰ বাবে আৰু কিছুমান গুৰুত্বপূৰ্ণ গুণৰ অধিকাৰী হোৱাটো প্ৰয়োজনীয়। মনত কিছুমান নেতিবাচক দোষ থাকিলে এই চাকৰিৰ বাবে আগনবঢ়াই ভাল।

👉1/ যদি আপুনি আপোনাৰ দেশৰ বিৰুদ্ধে কিবা শুনিলে আপোনাৰ তেজ উতলা নহয় আৰু ই সংস্কৃতি, তেনেহ'লে ৰ'/আই.বি. পাহৰি যাওক।

👉2/ যদি আপুনি জেমছ বণ্ড/ইথান হান্ট/জেচন বোৰ্ণ/টাইগাৰৰ দৰে জীৱন আশা কৰি আছে, তেন্তে ৰ'/আই.বি. পাহৰি যাওক। যদি আপুনি এজন বদমাচ, ঠগবাজ হ'বলৈ অনুপ্ৰাণিত হয় যি এই সকলো জোকাৰৰ দৰে ভাৰতৰ শত্ৰুক লাথি মাৰে, চিনেমা চাই, তেন্তে ৰ'/আই.বি পাহৰি যোৱাই মঙ্গল।

👉3/ যদি আপুনি ভাবে যে গোপন সেৱাবোৰ কেৱল পৃথিৱী, নিৰ্দোষক ৰক্ষা কৰাৰ বাবে, তেনেহ'লে আপোনাৰ হৃদয় ভাল, কিন্তু ৰ'/আই.বি.-ৰ বাবে উপযুক্ত নহয়। ৰ'/আই.বি.-ৰ চাকৰিটো সমগ্ৰ বিশ্বৰ আটাইতকৈ নিষ্ঠুৰ। কেতিয়াবা আপুনি আপোনাৰ বন্ধুবৰ্গৰ বিৰুদ্ধে কাম কৰিব লাগিব, কেৱল উচ্চ উদ্দেশ্যৰ বাবে তেওঁলোকক বিশ্বাসঘাতকতা কৰিব লাগিব। যদি আপুনি গধুৰ বিষয়তো আগবাঢ়িবলৈ সাজু, তেনেহ'লে আপুনি ৰ'/আই.বি.-ৰ বাবে প্ৰস্তুত হয় আৰু এনে চাকৰিৰ বাবে উপযুক্ত প্ৰাৰ্থী।

👉4/ আপোনাৰ তীক্ষ্ণ বুদ্ধি আৰু গুৰুত্ব সহকাৰে মনোনিৱেশ কৰিব পৰা মন থাকিব লাগিব। প্ৰতিশ্ৰুতি আৰু সম্পূৰ্ণ ইচ্ছা, অটুট সংকল্প, প্ৰত্যাহ্বান আৰু অত্যাচাৰ লোৱাৰ সাহস, আপোনাৰ শিৰাৰ মাজেৰে চলি থকা নেতৃত্ব আৰু সাহসিকতা আদি থাকিব লাগিব, তাৰ পিছতহে আপোনাক ৰ'/আই.বি.-ৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব ।

👉5/ যদি আপুনি আপোনাৰ কেৰিয়াৰ, আপোনাৰ পৰিয়াল, আপোনাৰ পদোন্নতি, ব্যক্তিগত সুৰক্ষা, ব্যক্তিগত বিকাশৰ বাবে একেবাৰে গুৰুত্ব নিদিয়ে, আপুনি কেৱল ভাৰতৰ শত্ৰুসকলক মুষিমূৰ কৰা আৰু ইয়াক বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ইচ্ছুক, তেনেহ'লে আপুনি সম্পূৰ্ণৰূপে ৰ'/আইবিৰ বাবে নিৰ্মিত।

সদৌ শেষত কওঁ আপুনি আপোনাৰ দেশক ভাল পাওঁক, প্ৰয়োজন আৰু সুযোগ থাকিলে সাহসী আৰু বুদ্ধিমান হওঁক, যদি আপুনি ৰ'/আইবি বিষয়া হ'ব বিচাৰে তেন্তে প্ৰত্যাহ্বান আৰু চাপৰ বাবে সাজু হওঁক। এটা কথা মনত ৰাখিব লাগিব যে হনুমান সকলোৱে হ'ব নোৱাৰি কিন্তু হনুমানৰ দৰে হ'বলৈ হনুমানৰ বল, শক্তি, ধৈৰ্য,সাহস আদি মহৎ গুণসমূহ অৰ্জন কৰিব পাৰিব লাগিব । তেতিয়াহে জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পৰা যায়। পৰিশ্ৰম আৰু অধ্যৱসায় গুণেৰে এনে লক্ষ্যত উপনীত হোৱাত সহায় কৰে। 


  আপুনি ৰ'ৰ' (RAW) এজেণ্ট হ'বলৈ কৰা প্ৰচেষ্টাক মোৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক
     --- দুদুল সোণোৱাল। 🙏

Monday, December 13, 2021

Triangle and it's properties | ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম।

Triangle and it's properties.

ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম: 


  ত্ৰিভূজৰ তিনিটা বাহু থাকে, তিনিটা কোণ থাকে আৰু তিনিটা শীৰ্ষবিন্দু থাকে। প্ৰতিটো শীৰ্ষবিন্দুত দুডাল বাহু মিলিত হয় আৰু এইদৰে এটা বন্ধ বক্ৰৰ সৃষ্টি হয় যাক ত্ৰিভূজ বোলা হয়। এই ত্ৰিভুজৰ তিনিটা বাহুৱে কিছু ঠাই আগুৰি থাকে।  সেয়ে কোৱা হয় - তিনিটা বাহুৱে আগুৰি থকা সমতলি ক্ষেত্ৰক ত্ৰিভূজ বোলে।  লেটিন ভাষাৰ শব্দ Triangulum ৰ পৰা Triangle শব্দৰ উৎপত্তি হৈছে বুলি জনা যায়। টলেমি নামৰ এগৰাকী জ্যোতিৰ্বিদে খ্ৰীষ্টীয় দ্বিতীয় শতিকাত ৪৮ টা নক্ষত্ৰপুঞ্জ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰে এটাৰ নাম আছিল Triangulum । এই Triangulum ত তিনিটা ভিন্ন উজ্বল নক্ষত্ৰ আছিল যিয়ে এটা ত্ৰিভূজ আকৃতিৰ সৃষ্টি কৰিছিল। কালক্ৰমত সেই নামৰ পৰা হ'ল Triangle আৰু ইয়াৰ অসমীয়া প্ৰতিশব্দ ত্ৰিভূজ। 



ত্ৰিভূজক ছয় প্ৰকাৰত ভাগ কৰা হৈছে। বাহুৰ মাপৰ ওপৰত ভিত্তি কৰি তিনিটা আৰু কোণৰ মাপৰ ওপৰত ভিত্তি কৰি তিনিটা ত্ৰিভূজ পোৱা যায়। বাহু হিচাপে পোৱা ত্ৰিভূজ তিনি প্ৰকাৰৰ হ'ল- ১/ সমবাহু ত্ৰিভূজ  ২/ সমদ্বিবাহু ত্ৰিভূজ আৰু ৩/ বিষম বাহু ত্ৰিভূজ। আনহাতে কোণ হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভূজ হ'ল - ১/ সুক্ষ্মকোণী ত্ৰিভূজ ‌‌ ২/ সমকোণী ত্ৰিভূজ আৰু  ৩/ স্হূলকোণী ত্ৰিভূজ।

সমবাহু ত্ৰিভূজ ::  তিনিটা বাহুৰ দৈৰ্ঘ্য সমান হ'লে আকৃতিটোক  সমবাহু ত্ৰিভূজ বোলে। যেনে চিত্ৰত দেখুওৱাৰ দৰে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান হ'ব লাগে। ∆ABC এটা সমবাহু ত্ৰিভূজ কাৰণ ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান। 

সমদ্বিবাহু ত্ৰিভূজ : দুটা বাহুৰ দৈৰ্ঘ্য সমান হ'লে আকৃতিটোক সমদ্বিবাহু ত্ৰিভূজ বোলে। চিত্ৰত ∆PQR এটা সমদ্বিবাহু ত্ৰিভূজ। কাৰণ ইয়াৰ দুটা বাহুৰ দৈৰ্ঘ্য সমান। 
বিষমবাহু ত্ৰিভূজ : যদি এটা ত্ৰিভূজৰ বাহু তিনিটাৰ জোখ সমান নহয় তেন্তে ত্ৰিভূজটোক বিষমবাহু ত্ৰিভূজ বোলা হয়। চিত্ৰত ∆XYZ এটা বিষমবাহু ত্ৰিভূজ। কাৰণ ইয়াৰ তিনিটা বাহুৰ জোখ অসমান। 

সুক্ষ্মকোণী ত্ৰিভূজ : এটা ত্ৰিভূজৰ প্ৰতিটো কোণৰ জোখ 90° তকৈ সৰু হ'লে ত্ৰিভূজটোক সুক্ষ্মকোণী ত্ৰিভূজ বোলে। চিত্ৰত দেখুওৱা ত্ৰিভূজ টোৰ প্ৰতিটো কোণৰ জোখ 90° তকৈ সৰু। সেয়ে ত্ৰিভূজটোক সুক্ষ্মকোণী ত্ৰিভূজ বোলা হৈছে।

সমকোণী ত্ৰিভূজ : এটা ত্ৰিভূজৰ যিকোনো এটা কোণৰ জোখ 90° হ'লে ত্ৰিভূজটোক সমকোণী ত্ৰিভূজ বোলে। যেনে ∆ABC এটা সমকোণী ত্ৰিভূজ কাৰণ ইয়াৰ B কোণৰ জোখ 90° । 

স্হূলকোণী ত্ৰিভূজ : যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ জোখ 90° তকৈ ডাঙৰ হয় বা স্হূল হয় সেই ত্ৰিভুজক স্হূলকোণী ত্ৰিভূজ বোলে। ∆XYZ এটা স্হূলকোণী ত্ৰিভূজ কাৰণ ইয়াৰ Y কোণৰ জোখ 90°তকৈ ডাঙৰ। 

ত্ৰিভূজৰ মধ্যমা : এটা ত্ৰিভূজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুৰ ওপৰত সমানে দুভাগ হোৱাকৈ টনা ৰেখাখণ্ডক ত্ৰিভুজৰ মধ্যমা বোলা হয়। অৰ্থাৎ মধ্যমাই বিপৰীত বাহুডালক সমানে বিভক্ত কৰে। এটা ত্ৰিভূজত তিনিডাল মধ্যমা থাকে। মধ্যমা ত্ৰিভূজৰ সদায় ভিতৰফালে থাকে।

ত্ৰিভূজৰ উন্নতি : উন্নতি হৈছে ত্ৰিভূজৰ যিকোনো বাহুৰ ওপৰত অংকণ কৰা লম্ব বা এটা ত্ৰিভূজৰ উচ্চতা। মধ্যমাৰ দৰে উন্নতিও এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত 90° কোণ কৰাকৈ অংকণ কৰা হয়। অৱশ্যে উন্নতি কোনো কোনো ত্ৰিভূজৰ ক্ষেত্ৰত বাহিৰৰ ফালেও থাকে। 


ত্ৰিভূজৰ ধৰ্ম :
১/ ত্ৰিভুজৰ অন্ত:কোণৰ যোগৰ ধৰ্ম 
     এটা ত্ৰিভূজত থকা তিনিটা কোণৰ মাপৰ সমষ্টি বা যোগফল 180° হয়। এই নিয়ম লৰফৰ নহয়। এয়া এটা নিৰ্দিষ্ট নিয়ম। সেয়ে ইয়াক অভেদ বা ধৰ্ম হিচাপে গণ্য কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে এইটো স্হায়ী ভাৱে মনত ৰাখিব লাগে। 
২/ত্ৰিভুজৰ বাহুৰ জোখৰ ধৰ্ম
    এটা ত্ৰিভূজৰ যিকোনো দুটা বাহুৰ মাপৰ সমষ্টি ইয়াৰ তৃতীয় বাহুৰ জোখতকৈ বেছি বা ডাঙৰ। যেনে - এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে ৫ ছে.মি. ,৬ ছে.মি.  ৩ ছে.মি. হ'লে 
৫ ছে.মি.+ ৩ ছে.মি.> ৬ ছে.মি. অৰ্থাৎ দুটা বাহুৰ মাপৰ যোগফলটো তৃতীয় বাহুৰ জোখতকৈ ডাঙৰ। এনেদৰে আটাইকেইটা বাহুৰ ক্ষেত্ৰত প্ৰমাণ প্ৰমাণ কৰিব পাৰি।
৩/ ত্ৰিভুজৰ এটা বহি:কোণৰ জোখ ইয়াৰ দূৰৱৰ্তী অন্ত:কোণ দুটাৰ যোগফলৰ সমান হয়। চিত্ৰত  দেখুওৱা হৈছে। 

বাস্তৱ জীৱনত ত্ৰিভূজৰ প্ৰয়োগ : দৈনন্দিন জীৱনৰ প্ৰায় অৰ্ধেক কামতেই ত্ৰিভুজৰ ব্যৱহাৰ কৰা হয় আমি যিবোৰ সচৰাচৰ মন নকৰোঁ। বিভিন্ন আচবাব প্ৰস্তুত কৰোঁতে, ঘৰৰ খিৰিকী লগাওতে, পকীঘৰৰ মজিয়াত টাইলচ লগাওতে --আদি কামবোৰত ত্ৰিভুজৰ প্ৰয়োগ কৰা হয়। খিৰিকী খন বনাওতে জোখ-মাখৰ সময়ত সমকোণী ত্ৰিভূজ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ চুকবোৰে সাধাৰণতে সমকোণৰ সৃষ্টি কৰে। আনকি সমবাহু ত্ৰিভুজৰ আৰ্হিত বনোৱা হয় বিস্কুট বিলাকৰ আকাৰ। আমাৰ ছাত্ৰ ছাত্ৰী সকলে ত্ৰিভূজৰ সম্পৰ্কে সেয়ে গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰিব লাগে। 

Sunday, December 5, 2021

মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা। Application of Micro-teaching method during epidemic -- short discussion.

মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা । 
Application of Micro-teaching method during epidemic -- short discussion.

অনু-শিক্ষণ পদ্ধতি কি ? What is Micro Teaching Method ? 


অনুশিক্ষণ পদ্ধতি বিশেষকৈ শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যেৰে ব্যৱহাৰ কৰা হয়। শিক্ষক শিক্ষয়িত্ৰী সকলৰ আচাৰ আচৰণ পৰিবৰ্তন সাধন কৰাৰ উদ্দেশ্যে অনুশিক্ষণ পদ্ধতি প্ৰয়োগ কৰা দেখা যায়। এই পদ্ধতি পোনপ্ৰথমে আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত ১৯৬৩ চনত প্ৰয়োগ কৰা হৈছিল। পৰৱৰ্তী সময়ত এই পদ্ধতিৰ অধিক বিকাশ ঘটাইছিল শিক্ষাবিদ ডুইড ডব্লিউ এলেন, ৰায়ান,টাৰ্নি, ব্ৰাউন আৰু ভাৰতৰ পাচি আৰু সিং নামৰ শিক্ষাবিদ সকলৰ যুটীয়া গৱেষণাৰ প্ৰচেষ্টাত। ১৯৭৫ চনৰ পৰা এই পদ্ধতি কাৰ্যকৰীভাৱে প্ৰয়োগ কৰা হৈছিল বুলি জনা যায়। এইসকল শিক্ষাবিদৰ মতে অনুশিক্ষণ পদ্ধতি হৈছে শ্ৰেণীৰ আকাৰ আৰু শ্ৰেণীৰ সময়ৰ হ্ৰাস ঘটাই আগবঢ়োৱা শিক্ষাদান প্ৰক্ৰিয়া। 
  
   যদিও কেৱল শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যেৰে এই পদ্ধতি ব্যৱহাৰ কৰা হয়, তথাপিও ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এই শিক্ষণ প্ৰক্ৰিয়া সাধাৰণতে খুব সংক্ষিপ্ত হয় । নিয়ম অনুসৰি ৫ জনৰ পৰা ১০ জনৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব লাগে।
     সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত ৰিমেডিয়েল পাঠদান কৰিবলৈ এই পদ্ধতি অতি উত্তম। এনে পদ্ধতিৰে কৰা পাঠদান কাৰ্যসূচী ভিডিঅ' কৰি ৰাখিব পাৰে আৰু পৰৱৰ্তী সময়ত শিক্ষক জনৰ ভুল ত্ৰুটী পৰ্যালোচনা কৰাত সহায়ক হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগিতা আৰু মনৰ ভাৱ বুজাত সহজ হয়।  

   অনুশিক্ষণ পদ্ধতিৰ মূল উদ্দেশ্য হৈছে শিক্ষক প্ৰশিক্ষাৰ্থী সকলক নিয়ন্ত্ৰিত পৰিৱেশত নতুন কৌশল আয়ত্ব আৰু প্ৰয়োগ কৰাৰ সুযোগ প্ৰদান কৰা। বাস্তৱ পৰিস্থিতিৰ লগত সংগতি ৰাখিবলৈ সুযোগ দিয়া।  এই পদ্ধতিৰ জৰিয়তে বিষয়বস্তুৰ জ্ঞান আৰু অভিজ্ঞতা সহজে আহৰণ কৰিব পৰাৰ বাবে এক পৰিৱেশ প্ৰদান কৰা হয়। ই যি কি নহওঁক, ইয়াক আমি বিদ্যালয়ৰ গণ্ডীৰত ছাত্ৰ ছাত্ৰীক পুনৰ:শিকণ পাঠদানত (Remedial class) প্ৰয়োগ কৰিব পাৰি নেকি ? সেই সম্পৰ্কে আমি আলোচনা আগবঢ়াবলৈ সংক্ষিপ্ত প্ৰয়াস কৰিম।
    অনুশিক্ষণৰ বাবে পাঁচৰ পৰা দহজনৰ ভিতৰত ছাত্ৰ ছাত্ৰী হ'ব লাগে। এই পাঠদানত মুঠ সময় লোৱা হয় পাঁচ মিনিটৰ পৰা দহ মিনিটৰ ভিতৰত। ছাত্ৰ-ছাত্ৰী সকলক এই পদ্ধতিৰে পাঠদান কৰিলে ছাত্ৰ ছাত্ৰীৰ পাঠ আয়ত্ত কৰণৰ সক্ষমতা বৃদ্ধি পায়। শিক্ষণ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ শিকণ প্ৰক্ৰিয়াও খৰতকীয়া হোৱাত প্ৰভাৱ পৰে। হাতৰ মুঠিৰ কলমৰ বেগ বঢ়াত সহায়ক হয়। অৰ্থাৎ লিখন সামৰ্থ্যতা বৃদ্ধি পায়। চিন্তা শক্তি বাঢ়ে। প্ৰয়োগ কৰিবলৈ শিকে। বিষয়বস্তুৰ জ্ঞান স্পষ্ট হয়। 


অনু-শিক্ষণৰ সুবিধা 
  
    অনুশিক্ষণৰ কিছুমান সুবিধা বা গুণ আছে। বিশ্বত বৰ্তমান এই পদ্ধতিৰ জনপ্ৰিয়তা বাঢ়িছে আৰু সমাদৃত হৈছে। গুণসমূহ এনেধৰণৰ --
১/ এই পদ্ধতি অতি কাৰ্যকৰী আৰু পৰিপুষ্টি দান কৰা এক প্ৰক্ৰিয়া যাৰ ফলত প্ৰশিক্ষাৰ্থীৰ আচৰণ পৰিবৰ্তন সাধন কৰাত সহজ।
২/ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম হোৱাৰ বাবে পাঠদানত আৰু গ্ৰহণত সুবিধা হয়।
৩/ শিকোৱা বিষয়বস্তু শিক্ষাৰ্থীসকলে বুজিল নে লগে লগে পৰিপুষ্টি ল'ব পাৰি। সেয়ে ছাত্ৰ ছাত্ৰীৰ বা শিক্ষকৰ আচৰণ পৰিবৰ্তনত প্ৰভাৱ পৰে।
৪/ বেছি ছাত্ৰ ছাত্ৰী মাজত জ্ঞান আহৰণত হোৱা অসুবিধা দূৰ কৰে।
৫/ অনুশিক্ষণ পদ্ধতি বিশেষকৈ প্ৰাককালীন আৰু চাকৰি কৰি থকা শিক্ষকৰ বাবে উপযোগী শিক্ষণ আৰ্হি।
৬/ অনুশিক্ষণে বেছি ছাত্ৰ ছাত্ৰী আৰু বেছি সময়ৰ শ্ৰেণীৰ শিক্ষাদানৰ বোজা লাঘৱ কৰে।
৭/ শিক্ষকক শিক্ষাৰ গুৰুত্ব আৰু জটিলতাৰ সম্পৰ্কে সজাগ হোৱাত সহায় কৰে।



অনু-শিক্ষণৰ অসুবিধা
অনুশিক্ষণ পদ্ধতিৰ জৰিয়তে যদিও নিদানমূলক শিক্ষা প্ৰদান কৰিব পাৰি বা ইয়াৰ সুবিধা যিমান আছে অসুবিধাও সিমানেই আছে বুলি ক'লেও অত্যুক্তি কৰা নহয়। ইয়াৰ অসুবিধা সমূহ থোৰতে আগবঢ়োৱা হ'ল-- 
১/ এই পদ্ধতি প্ৰয়োগৰ বাবে অসুবিধা আছে কাৰণ অতি কম সময়তে বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিব লাগে।
২/ কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকে কেৱল দহজন বা পাঁচজনক এই পদ্ধতি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰিবলৈ অনুমতি নিদিয়ে।
৩/ আনহাতে এই পদ্ধতি সম্পৰ্কীয় কোনো সহায়ক গ্ৰন্থও সুলভ নহয়।
৪/ শিক্ষণীয় বিষয়বস্তু খণ্ড খণ্ডকৈ পঢ়াব লগা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বুজাত অসুবিধাৰ সৃষ্টি হয়।
৫/ তুলনামূলকভাৱে এই পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বেছি হয়।


    মহামাৰীৰ সময়ত অনু-শিক্ষণৰ প্ৰয়োজনীয়তা
অনুশীক্ষণ যদিও  শিক্ষক প্ৰশিক্ষণৰ হেতু প্ৰয়োগ কৰা হয়, তথাপিও ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ নিদান মলক
 শিক্ষা প্ৰদান কৰিবলৈ এই পদ্ধতি অতি উত্তম হ'ব বুলি ক'ব পাৰি। যিহেতু নিদানমূলক শিক্ষা প্ৰদান কৰিবলৈ সৰ্বশিক্ষাৰ তৰফৰ পৰাও সময়ে সময়ে নিৰ্দেশ দি আহিছে। গতিকে বিদ্যালয়ৰ প্ৰশাসক গৰাকীয়ে এই ক্ষেত্ৰত বিষয়টো বিবেচনা কৰি এই পদ্ধতি বিশেষকৈ উচ্চ প্ৰাথমিক পৰ্যায়ত প্ৰয়োগৰ বাবে ব্যৱস্থা হাতত ল'ব পাৰে।  এই পদ্ধতিৰ উদ্ভাৱক কেলাৰৰ মতে শিক্ষক প্ৰশিক্ষণ বা শিক্ষাৰ্থীসকলক বিশেষ এটা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি প্ৰয়োগৰ জৰিয়তে ফলপ্ৰসূ শিক্ষা প্ৰদান কৰিব পাৰি। তদুপৰি শিক্ষাদানৰ ক্ষেত্ৰত পদ্ধতি পৰিবৰ্তন কৰিলে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাই। শিক্ষাৰ ক্ষেত্ৰত এই পদ্ধতিয়ে শিকাৰু আৰু শিক্ষকক নতুন দিশৰ সন্ধান দিয়াৰ সম্ভাৱনা আছে। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল। 



সহায়ক উৎস:: 1.  Educational Technology.
                           শৈক্ষিক প্ৰযুক্তিবিদ্যা ।
                       ২. Internet . 

আৰু পঢ়ক..
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgMWGy6Y3InvOdjZEQU_PFCH1ZXqZhMWQK2B4DWFcSJcBRFZc7c1EuioBVa8g_wMVgaUWN3Fj3hkf6Q_Nm9f9UmfCyR1OgL5HXGOwAg2IwPk7W51HGYLveU-90F6ujb9wG4fZOspE03BdvC/s1600/1636545898276314-0.png
http://anuragblogadress.blogspot.com/2021/11/blog-post_10.html

Saturday, December 4, 2021

🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶

🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶

আপুনি এফালে ওলাই গৈ আছিল। হঠাৎ কুকুৰে কামুৰিলে। ওচৰত চিকিৎসালয় নাই। যাবলৈ বহু দূৰ। এনেকুৱা অৱস্থাত আপুনি কি কৰিব?


   প্ৰথম কথা আপুনি অলপো ভয় নাখাব। বিপদত ভয় খালে বুদ্ধি হেৰাই যায়। সব কুকুৰৰ গাতে Rabies virus নাথাকে। যদি থাকে, এই ভাইৰাছটো তেজত সোমাই আপোনাৰ স্নায়ু পাব লাগিব। তাৰ পিছতহে বেমাৰটো হয়। গতিকে , কুকুৰে কামোৰাৰ পিছত আমাৰ হাতত বহুত সময় থাকে। 
প্ৰাথমিক চিকিৎসা:

প্ৰথমে আপুনি এডোখৰ চাবোন হাতত লওক। কুকুৰে কামোৰা ঠাই ডোখৰ ভালকে চাবোন ঘঁহক। চাবোন ফেন যিমানেই ওলাব , সিমানেই ভাল। প্ৰায়ে দুই মিনিট মান চাবোন মাৰি , পাঁচ মিনিট মান খোলা পানী টেপত হাত ৰাখি থওক। তেতিয়া প্ৰটিন জাতীয় ভাইৰাছ বোৰ চাবোন ফেনত লাগি আঁতৰি যাব । প্ৰয়োজন হলে এই প্ৰক্ৰিয়াটো তিনিবাৰ মান কৰিব পাৰে। এই দৰে কৰিলে আপোনাৰ জ্বলাতংক ৰোগ হোৱা সম্ভাৱনা একেবাৰে কমি যাব। 

 ইয়াৰ পিছতে , আপুনি নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ গৈ RABIES VACCINE ,T.T. INJ, ANTIBIOTC,OINTMENT ল'ব পাৰে। কুকুৰে কামোৰা ঠাইত কেতিয়াও চিলাই মাৰিব নালাগে। ইয়াক নিজে-নিজে শুকাব দিব লাগে।
  আশা কৰোঁ, মোৰ কথাখিনিয়ে আপোনাক জ্বলাতংক ৰোগৰ পৰা বাচিবলে সহায় কৰিব। গতিকে , বিপদত ধৈৰ্য ধৰি , মই কোৱা ধৰণে ব্যৱস্থা লওক। জ্বলাতংক ৰোগৰ কোনো চিকিৎসা নাই।
✈️সকলোকে জানিবলৈ দিয়ক পষ্টটো শ্বেয়াৰ কৰি দিব👍

💐💐ডা: হীৰেণ গগৈ💐💐

IVF SPECIALIST

JJ MEMORIAL HOSPITAL

এজন সন্মানীয় ডাক্তৰৰ সচেতন মূলক লেখাটো মোৰ ব্লগতো শ্বেয়াৰ কৰি দিছোঁ যাতে সকলো শ্ৰেণীৰ লোকৰে উপকাৰ সাধিত হয়। যিহেতু তেখেতে লিখিছে  'সকলোকে জানিবলৈ দিয়ক পষ্টটো শ্বেয়াৰ কৰি দিব' সেয়ে লেখকৰ বিনা অনুমতিত ব্লগত প্ৰকাশ কৰা হৈছে। 

বৰ্তমান সময়ত বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আজিকালি বাটে পথে কেৱল পগলা কুকুৰ। গৃহস্থই দুদিনমান ৰাখি এৰি দিয়ে আৰু খাবলৈ নাপায় পগলা শাৰীত পৰেগৈ। খেদি খেদি কেতিয়াবা এইবিলাকে গৰু, ছাগলী, ল'ৰা ছোৱালীকো উৎপাত নলগোৱা নহয়। গতিকে এনে সময়তে সৰু ল'ৰা-ছোৱালীক কামুৰিলে বহু সমস্যা হ'ব পাৰে সেয়েহে ইয়াৰ আগতীয়া সাৱধানতাৰ সম্পৰ্কে জ্ঞাত হোৱাৰ প্ৰয়োজন আছে। আপুনি পঢ়ক আনকো পঢ়ুৱাই সচেতন কৰাওক। 


ধন্যবাদ জনালো আপোনাক।

Wednesday, November 24, 2021

সমীকৰণ কি, কিদৰে সমীকৰণ সমাধান কৰা হয় ?

সমীকৰণ কি আৰু সমাধান কেনেকৈ কৰিব পাৰি ? জানোঁ আহা।

সমীকৰণ হ'ল এটা চলকৰ ওপৰত এটা চৰ্ত অনুসৰি দেখুওৱা দুটা ৰাশিৰ সমান মান। সমীকৰণত দুটা ৰাশিক সমান চিনৰ সহায়ত দেখুওৱা হয়, ইয়াৰ অৰ্থ হৈছে ৰাশি দুটাৰ মান সমান। সমান চিনৰ বাওঁ ফালে থকা ৰাশিক বাওঁপক্ষ আৰু সোঁফালে থকা ৰাশিক সোঁপক্ষ বোলা হয়। সৰল ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত যিকোনো এটা পক্ষত থকা যিকোনো এটা পদ চলকপদ হ'ব লাগে আৰু চলকৰ উচ্চতম ঘাট এক হ'ব লাগে।  

    সমীকৰণ এটাত থকা ৰাশি দুটাৰ দুয়োটাই চলক পদ যুক্ত ৰাশিও হ'ব পাৰে। নতুবা যিকোনো এটা পক্ষত থকা ৰাশি চলক পদ যুক্ত ৰাশি আৰু আনটো পক্ষত থকা ৰাশি ধ্ৰুৱক পদৰ ৰাশি বোলে।
    সমীকৰণ এটাৰ চলকৰ যি মানৰ বাবে সমীকৰণটো সিদ্ধ বা সমান হয় সেই মানটোক সমীকৰণৰ সমাধানৰ বীজ বুলি কোৱা হয়। 
 

 ****** মনত ৰাখিবা সমীকৰণ এটাত থকা ৰাশিবোৰ কিছুমান পদৰ সমষ্টি । ইংৰাজী বৰ্ণবিলাকক চলক হিচাপে লিখা হয়। অৰ্থাৎ ইংৰাজী প্ৰতিটো বৰ্ণকে চলক বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা বিলাকক ধ্ৰৱক বোলে। ধ্ৰৱকৰ মান অপৰিবৰ্তনীয় । কিন্তু চলকৰ মান পৰিবৰ্তনশীল। চলকে বিভিন্ন ধৰণৰ মান লয়। এই চলকে লোৱা মানটোক সমীকৰণৰ ক্ষেত্ৰত সমাধানৰ বীজ বোলে। চলক আৰু স্বাভাৱিক সংখ্যা বা ধ্ৰৱকৰ পূৰণফলক পদ বোলা হয়। দুটা বা ততোধিক পদ পাটিগণিতৰ চাৰি প্ৰক্ৰিয়াৰ সহায়ত লগ লাগি গঠন হোৱা পদৰ সমষ্টিয়েই হৈছে ৰাশি। ৰাশি চাৰি প্ৰকাৰৰ আছে- একপদ ৰাশি, দ্বীপদ ৰাশি,ত্ৰিপদ ৰাশি আৰু বহুপদ ৰাশি। কেৱল এটা পদেৰে গঠিত ৰাশিক একপদ ৰাশি, দুটা পদেৰে গঠিত ৰাশিক দ্বীপদ ৰাশি, তিনিটা পদেৰে গঠিত ৰাশিক ত্ৰিপদ ৰাশি আৰু তিনিটাতকৈ অধিক পদ লগলাগি গঠিত হোৱা ৰাশিক বহুপদ ৰাশি বোলা হয়। *****


সমীকৰণ সমাধানৰ প্ৰাথমিক নিয়ম :
ৰৈখিক সমীকৰণ এটা দুই ধৰণে সমাধান কৰিব পাৰি। সেইবোৰ হ'ল --
১/ প্ৰথম প্ৰক্ৰিয়া মতে সমীকৰণৰ চলকপদক পৃথক কৰিবৰ কাৰণে চলকপদৰ লগত যোগ বা বিয়োগ হৈ থকা ধ্ৰৱক পদৰ 'যোগাত্মক বিপৰীত' সংখ্যাটোৱে সমীকৰণৰ উভয় পক্ষক যোগ বা বিয়োগ দিব লাগে। মন কৰিবা যে যদি চলকপদৰ লগত ধ্ৰৱক পদ যোগ হৈ থাকে তেন্তে সেই পদটো দুয়ো পক্ষতে বিয়োগ দিব লাগে অৰ্থাৎ যোগ থাকিলে বিয়োগ কৰিব লাগে আৰু বিয়োগ হৈ থাকিলে যোগ কৰিব লাগে। তেতিয়া চলকপদ পৃথক হয়। উল্লেখ্য যে সমীকৰণ সমাধান কৰোঁতে পাৰহৈ যোৱা প্ৰতিটো ঢাপক 'স্তৰ' বোলা হয়।যেনে :-   ১/ 5y + 45 = 60 
=>  5y + 45 -- 45 = 60 -- 45 (১ম স্তৰ)
=> 5y = 15   (১ম স্তৰৰ ফলাফল)
=> 5y/5 = 15/5 ( 2য় স্তৰ , 5 ৰে উভয় পক্ষক                                               হৰণ কৰা হৈছে)
=> y = 3    (২য় স্তৰৰ ফলাফল)
এতেকে, y = 3
----------------------------------------------
ইয়াত প্ৰথম স্তৰত ধ্ৰৱক পদ 45 ৰ যোগাত্মক বিপৰীত --45 ৰে উভয় পক্ষক যোগ দিয়া হৈছে। প্ৰথম স্তৰৰ ফলাফল তলৰ শাৰীত লিখা হৈছে। এইটো শাৰীক স্তৰ বুলি কোৱা নহয় কাৰণ এই শাৰীটোত নতুনত্ব একো সৃষ্টি কৰা নাই। আকৌ দ্বিতীয় স্তৰত চলকপদটোৰ চলকৰ লগত পূৰণ হৈ থকা সাংখ্যিক মানটো আঁতৰাবলৈ পূৰণ হৈ থকা সংখ্যাটোৰে উভয় পক্ষক হৰণ দিব লাগে, সেয়ে 5 ৰে উভয় পক্ষক হৰণ দিয়া হৈছে। এইটো হৈছে দ্বিতীয় স্তৰ কাৰণ নতুনকৈ এটা সংখ্যাৰে হৰণ দিব লগা হৈছে । ইয়াৰ পিছত y চলকৰ মান 3 পোৱা গৈছে। এইদৰে প্ৰথম নিয়ম অনুসৰি সমীকৰণ এটা সমাধান কৰিব পাৰি। উচ্চ শ্ৰেণীতো একেই নিয়ম প্ৰযোজ্য হয়। গতিকে তোমালোকে নিয়মটো সম্পূৰ্ণ ভালদৰে বুজি মনত ৰখা প্ৰয়োজন।


২/ দ্বিতীয় পদ্ধতি হৈছে - পদ পক্ষান্তৰ কৰি কৰা সমাধান। 
কোনো এটা ৰৈখিক সমীকৰণ সমাধান কৰোঁতে প্ৰথম স্তৰত চলকপদৰ লগত যোগ বা বিয়োগ হৈ থকা ধ্ৰৱক পদক সমান চিনৰ সোঁফাললৈ নিব লাগে আৰু চলকপদটো বাওঁ ফালে ৰাখিব লাগে। মনত ৰাখিবা যে বাওঁ ফালৰ পৰা সোঁফাললৈ পদবোৰ নিওঁতে চিনবোৰ সলনি হৈ যায়। অৰ্থাৎ বাওঁপক্ষত থকা পদটোৰ চিন যোগ বা ধনাত্মক হ'লে সোঁফাললৈ তাৰ চিন বিয়োগ বা ঋণাত্মক হয়। এনে প্ৰক্ৰিয়াকে সাধাৰণতে পক্ষান্তৰ কৰি সমাধান কৰা বুলি কোৱা হয়।  যেনে :- 
১/ 5y + 45 = 60 
=>  5y = 60 -- 45  (১ম স্তৰ)
=>  5y = 15  (১ম স্তৰৰ ফলাফল)
=>  5y/5 = 15/5 ( 2য় স্তৰ , 5 ৰে উভয় পক্ষক                                                হৰণ কৰা হৈছে)
=> y = 3   (ফলাফল)
এতেকে, y = 3
-----------------------------
ওপৰৰ সমীকৰণটোৰ সমাধানত দেখুওৱা হৈছে,  প্ৰথম স্তৰত বাওঁপক্ষত থকা +45 ক সোঁপক্ষলৈ পক্ষান্তৰ কৰাত  --45 লৈ পৰিবৰ্তন হৈছে। আকৌ দ্বিতীয় স্তৰত চলকপদটোৰ চলকৰ লগত পূৰণ হৈ থকা সাংখ্যিক মানটো আঁতৰাবলৈ পূৰণ হৈ থকা সাংখ্যিক মানেৰে উভয় পক্ষক হৰণ কৰা হৈছে।

এই দুটা পদ্ধতি ভালদৰে বুজি ল'লে সমীকৰণ সমাধান একেবাৰে সহজ হৈ পৰে। কিন্তু দেখা যায় আমাৰ ছাত্ৰ ছাত্ৰী সকলে তাকেই ভালদৰে মনত ৰাখিব নোৱাৰে। আচলতে বুজিবলৈ চেষ্টা নকৰিলে কোনো কালেই সমীকৰণ সমাধান কৰিব নোৱাৰে এইটো ধ্ৰুৱসত্য। 

বাস্তৱ জীৱনৰ বিভিন্ন সময়ত সমীকৰণৰ প্ৰয়োগ হৈ আহিছে। দগা পাল্লাৰে দোকানী সকলে সামগ্ৰী জুখি গ্ৰাহকক দিওঁতেও এই সমীকৰণৰ নিয়ম প্ৰযোজ্য হয়। জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত এটা সমীকৰণৰ সৈতে তুলনা কৰিব পাৰি।  ল'ৰা ছোৱালীয়ে খেলা মাৰ্বল খেলক সমীকৰণৰ লগত তুলনা কৰিব পাৰি। মুঠতে জীৱনৰ প্ৰতিটো খোজতেই সমীকৰণৰ প্ৰয়োজন হয় সেয়ে সমীকৰণ সমাধান ভালদৰে আয়ত্ব কৰা উচিত।




নিজে কৰা
1/ 9 x + 80 = 40 
2/ 30m/ 7 -- 45 = 130 
3/ 500y = 1000


++++++++++++++++++++++++++++++++++++


Thursday, November 18, 2021

The Basket Of Poem | কবিতাৰ কৰণি ।

💝💝💝💝💝💝💝💝💝💝💝💝💝

হাঁহখাটী


লুইতৰ পাৰৰ তই এটি পথৰুৱা ঘাত 
বানে ধোৱা তোৰ বুকুত সহস্ৰজনৰ 
সেউজময় সপোন দুৰ্বাৰ আশা-নিৰাশা
ভাঙে গঢ়ে,গঢ় লয় কুতুবমিনাৰ সদৃশ মনত
লহপহকৈ বাঢ়ে সোণোৱালী শাশ্বত সপোন
অহনিৰ্শে অবিৰাম
হাঁহখাটী ! লুইতৰ পাৰৰ এটি নাম
ঠিকনা বিহীনৰ এটা বাখৰুৱা ঠিকনা ।

শাওন আহে দুপাখি মেলি
ওন্দোলাই কাজল কাজল মেঘ
সপোন ৰচে সুৰ সুৰ বৰষুণৰ মাদলত
পিতাইৰ কপালৰ কেঁচা ঘাম মাটিত পেলায়
বিবৰ্ণ দুহাতেৰে কৰ্ষণ কৰি নাঙলৰ সীৰলুৰে
বুটলি আনে কাংক্ষিত সোণৰ সীতা 
সময় উৰি যায় পমুৱা তোলা হৈ 
বাৰেৰহনীয়া মনৰ সীমনাত
আহিনৰ স্পৰ্শত গেৰ ধৰে পিতাইৰ সপোন 

আঘোণ ! 
আঘোণ আহে নিৰৱে শৰতৰ বুকুত খামোচি
দাৱনীৰ দুহাতত ৰূপান্তৰিত হয়
মামৰে ধৰা খহটা কাঁচি
এভঁৰাল হয় পিতাইৰ সোণোৱালী সপোন ;
মায়াভৰা সময়ৰ সপোন ভঙা গঢ়াৰ খেল
তোৰ বুকুৱে বুকুৱে অহনিৰ্শে, নিৰন্তৰে 

প্ৰতিনিয়ত তোৰ বুকুত এডোখৰ কেঁচা ঘা
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বিৰহ বেদনা
কোনেনো বুজিব মহঙা দিনৰ মহঙা খবৰ
উৱলিব ধৰা সপোনৰ এটা নিখুঁত গল্প
ৰজাঘৰীয়াই ! এতিয়া ৰজাঘৰীয়া নিমগ্ন 
নিয়ন লাইটৰ পোহৰত উদ্দাম নৃত্য
প্ৰজা আৰু ৰজাৰ দৰদাম ক্ষমতালিপ্সু 
তেজপিয়া লুভীয়া নীলবৰণীয়া শিয়াল

হে সপোন সম্ভৱা হাঁহখাটী !
প্ৰসাৰিত কৰি দে অকুণ্ঠচিত্তে তোৰ দুহাত
বিশ্বাস আৰু বৈষম্যহীন সময়ৰ স'তে
লুকাভাকু খেলিব পৰাকৈ 
আকোঁৱালি ল'ব পৰাকৈ
ইজনে সিজনক আকুলতাৰে
বিৰামহীনভাৱে বাজি থাকক সুদূৰত
কানাই সুৰীয়া মুৰুলী

হে ঋতুমতী গাভৰু হাঁহখাটী ! তুমি অনন্যা 
বিবৰ্ণ মোৰ দুহাতেৰে 
তোমাক শতবাৰ নমস্কাৰ।
তোমাক শতবাৰ নমস্কাৰ।।


আবৃত্তি : zonal meet
             Hahkhat Girls M, E. School.
             Date: 27/09/2015

💓💓💓💓💓💖💖💖💖💖💓💓💓💓💓


আঁউসী সময়


এদল ক্ষুধাতুৰ মানুহৰ আৰ্তনাদত 
উচুপি উঠে প্ৰতিটো প্ৰহৰ ইয়াত
ডিঙিৰ দুগদুগী সৰে নিজান দুপৰীয়া
ম্লান পৰে চৰাই চুবুৰী হাইতাল বুলীয়া সময়
ইয়াত তেজৰ দাম নাই,নাই মৃত্যুৰ
প্ৰতিনিয়ত মানৱৰ মঙহেৰে ভোজভাতৰ আখৰা
কিম্বা'দুৰ্যোধন'ৰ নিৰ্মম আঘাতত
শেষ হয় ৰ'দঘাই ওঁঠৰ এমোকোৰা হাঁহি
শেষ হয় দ্বীপ্তিময় উজ্বল নীলাকাশ
নিৰ্দয়তাত

ভোকাতুৰ মানুহৰ আৰ্তনাদত নগ'লে 
শিলহেন কপৌৰ মমৰ কলিজা
অভিনীত চেনেহ কিম্বা
এ,,চি কক্ষৰ সোণগুঁইৰ স্বপ্নৰ বিলাসী সজ্জা
সম্প্ৰতি সময় হাতে হাত ধৰাৰ
লোৱা কাঁচি আৰু হাতুৰী দূপৰ বেলা
নাশিবলে' 
ফোপোলা মানুহৰ ট ট কাউৰীৰ চকু

এতিয়া সময় লুইতত মেলি দিয়া দুহাত
প্ৰসাৰিত কৰি শুকুলা ৰহন পালতৰা এখনি নাওঁ
প্ৰতীক্ষাৰ অন্তত দগ্ধ হিয়াৰ সীমনাত
উপনীত হ'বলে' এটা হিৰণ্ময় পুৱাত ।।


প্ৰকাশিত : ন-দিহিং 
মে-ডাম-মে-ফি উপলক্ষে বাৰ্ষিকভাৱে প্ৰকাশিত 'স্মৃতি গ্ৰন্থ' । তৃতীয় প্ৰকাশ : ২০০৯ চন।


💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖


আঘোণৰ দুখ 


এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই
যি দিনত কৃষকে আজুৰি আনিছিল শিকিয়া ভৰাই
মেটমেটীয়া সুৱাগমণি পথাৰৰ বকিয়াইদি ;
ভঁৰাল ভৰে মুঠি মুঠি সোণগুটি
পিতাইৰ সপোন উপচাই ।

এতিয়া পথাৰে কান্দে 
কৃষক ভাইৰ উশাহত হুমনিয়াহ সৰে !

পানীৰ অভাৱত ছন পৰে পথাৰৰ বাকৰি
হাতীৰ উপদ্ৰৱত উছন হয়
পিতাইৰ সোণসেৰীয়া সপোনৰ টঙী

ৰজনী ভেদি মানুহৰ গগণ ফলা চিঞঁৰ
এজাক বৰষুণত এককাল দ 
পানীবোৰ কেতিয়াবা ঢল ঢল কৈ আহে
আৰু ঢাঁহি-মোহি নিয়ে কপালৰ কেঁচা ঘাম 
বালিময় হয় পথাৰৰ চোতাল ।

এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই 
পূৰঠ থোকৰ ভৰত কৃষকক বিলাই দিছিল
নিজস্বতা লখিমী ভৰি পখালি
ভঁৰালৰ ভিতৰখন ভৰিছিল
দিনবোৰ গাভৰু হৈছিল কৃষকৰ ।

এতিয়া পথাৰে কান্দে
নিস্তেজ নিষ্প্ৰভ অৱয়ব
নিজস্বতা হেৰুৱাৰ সহস্ৰ বেদনা ।
দিনবোৰ এনেকৈয়ে যাত্ৰা কৰিব ....
কৃষকৰ কলিজা ভেদি ..।

ফেচবুকৰ ' অনুকাশ' কবিতা গোট আৰু 'অসমীয়া কবিতা চৰ্চা' গোটত প্ৰকাশিত। 


💞💞💞💞💞💞💞💞💞💞💞💞💞💞💕



মই মৰিলে কেনিনো হানি হ'ব ?


মই মৰিলে কেনিনো হানি হ'ব ?
দিন গ'লে ৰাতি আহিব
মাহ বাগৰি বছৰ আহিব 
জোন বেলি ওলায়ে থাকিব নিতৌ
মলয়া ব'ব মানুহৰ চৌপাশ !

গছে সলাব পাত প্ৰাণীয়ে সলাব মোট
মই মৰিলে কেনিনো হানি হ'ব ।
আকাশে ডাৱৰ বৈ নিব ইপাৰৰ পৰা সিপাৰলৈ
বৰষুণে টুপ টুপকৈ নামিব ধৰাৰ বুকলৈ 
ধৰণী গছ লতিকাৰে সেউজীয়া কৰি ;

মই মৰিলে কেনিনো হানি হ'ব ? 
নিতৌ ঘড়ীটোয়ে ঘূৰিব নিজৰ পথত
টিউচন মাস্তৰৰ সময়ৰ টিকনি
ওলমি থাকিব ভৰিৰ খোজত
সময়বোৰে হাঁহিব , কান্দিব আৰু বোৱতী নৈৰ দৰে আগুৱাই যাব নিৰৱধি 
মই মৰিলে কেনিনো হানি হ'ব ?

বিশ্ব ব্ৰহ্মাণ্ডৰ মই এটি ক্ষুদ্ৰ অনু 
বুকুত জুইলগা দুখবোৰ খামোচি
চলাথ কৰোঁ পোহৰৰ বাট
নিতৌ পাঠ কৰোঁ জীৱন গীতা
জ্বলি ৰ'ব পুণ্যৰ জীৱন শলিতা ।


💫💫💫💫💫✨✨💖✨✨💫💫💫💫💫


মহৎলোকৰ সাৰুৱা উক্তি :: 💞

১/ " শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা,
       কিন্তু ইয়াৰ ফল বৰ মিঠা। "-  এৰিষ্ট'টল ।
২/ ভূল জনাতকৈ নজনাই ভাল । - শ্বেক্সপীয়েৰ।

৩/ নেতাৰ ভুলত দেশ ধ্বংস হয় । - ইন্দিৰা গান্ধী।

৪/ নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ।

৫/ কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ - বেইলী।

৬/ উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ - মেথিউ।

৭/  শিক্ষা হৈছে সঞ্জীৱনী অমৃত । - জাকিৰ হুচেইন।

৮/  মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । - বুদ্ধদেৱ।

৯/ পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । - যীশুখৃীষ্ট।

১০/ "নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়"-ৰবীন্দ্ৰনাথ ঠাকুৰ।
১১/ "শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে" -হজৰত মহম্মদ ।
১২/  "শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব" -- সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ ।
৪. "বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ" - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।


💓💓💓💓💓💓💓💓💕💕💕💕💕💕💕💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥


ব্লগৰ লেখা সমূহ পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক
--- দুদুল সোণোৱাল। 


💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞





Saturday, November 13, 2021

সমাজ গঠণত নামঘৰৰ প্ৰভাৱ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসঙ্গিকতা। The influence of namghar in social structure and its relevance at present.

সমাজ গঠণত নামঘৰৰ প্ৰভাৱ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসঙ্গিকতা : চমু অৱলোকণ।

সমাজ গঠণত নামঘৰৰ প্ৰভাৱ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসঙ্গিকতা : চমু অৱলোকণ।


নামঘৰৰ সম্পৰ্কে নিশ্চয় নজনা মানুহ নাই। গুৰুজনাৰ সম্পৰ্কেও নজনা লোক নাই। গুৰুজনাৰ জীৱনকালত আগবঢ়োৱা বৃহৎ অৱদানৰ অন্যতম হৈছে নামঘৰ। সমাজৰ ধনী-দুখীয়া সকলোকে একত্ৰিত কৰি  একতাৰ এনাজৰীৰে বান্ধি ৰখা অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈছে নামঘৰ। 

   সমাজৰ লোকৰ মাজত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্য আগত ৰাখি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সমাজত আজিৰ পৰা শ শ বছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰিছিল নামঘৰ। নগাঁৱৰ বৰদোৱাত (বটদ্ৰৱা) প্ৰথমে নামঘৰ সাজিছিল বুলি জনা যায়। নাম-প্ৰসঙ্গ, গায়ন-বায়ন, ভাওনা,সবাহ, কীৰ্তন পাঠ, হৰিনাম  আদি অনুষ্ঠিত কৰাৰ জৰিয়তে সমাজৰ মানুহৰ মাজত জাগ্ৰত কৰিছিল একতাৰ মনোভাৱ । নিজৰ কৃষ্টিৰ প্ৰতি আসক্তি বঢ়াই তোলাৰ লগতে সজাগ আৰু সচেতন হ'বলৈ ই মানুহক অনুপ্ৰাণিত কৰিছিল। সেই নামঘৰ আজি আমাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছে। যি গাওঁত নামঘৰ নাই সেই গাওঁৰ কৃষ্টি সংস্কৃতি নাই। সেই গাওঁৰ মানুহৰ মাজত একতাৰ মনোভাৱ জাগ্ৰত হ'বই নোৱাৰে । 

   এয়া ধ্ৰুৱসত্য যে সময় পৰিবৰ্তন হোৱাৰ লগে লগে যিকোনো ব্যৱস্থাপনাৰ নীতি নিয়ম সলনি হয়, একেদৰে নামঘৰৰ ক্ষেত্ৰতো নিশ্চয় কিছু হ'লেও পৰিবৰ্তন হৈছে । এয়া অৱশ্যে স্বাভাৱিক কথা। সময় পৰিবৰ্তনশীল। পৰিবৰ্তনশীল সময়ৰ লগত আমি খাপ খুৱাই চলাটো হে আচল কথা।  পূৰ্বৰ দিনত নামঘৰ বাঁহ বেতৰে নিৰ্মিত আছিল কিন্তু আজি আধুনিক যুগৰ চমকপ্ৰদ আৱিষ্কাৰৰ বা লাগি পকীকৰণ হ'ল। ৰং ,সাজ সজ্জাৰ প্ৰয়োভৰে জাকত জিলিকা কৰি তোলিলে। গুৰুজনাৰ ৰচনা ৰাজি , নামধৰ্ম জীয়াই ৰাখিবলৈ সৃষ্টি কৰা হৈছে শংকৰী সংঘৰ দৰে বিৰাট অনুষ্ঠান। এয়া নিশ্চয় সময়ৰ আহ্বান। ই যি কি নহওঁক, আমি ভৱিষ্যতৰ দিনবিলাকত মহাপুৰুষ শংকৰদেৱৰ অৱদান অক্ষত অৱস্থাত ৰাখিব পাৰিব লাগিব তেতিয়াহে আমি আমাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম।

নামঘৰ ধৰ্ম চৰ্চাৰ‌ স্হল।নাম কীৰ্তন কৰাৰ স্হল। ইয়াত কোনো বেয়া আলোচনা যেনে কুৎসা ৰটনা, পৰনিন্দা,পৰচৰ্চা আদিৰ দৰে সমাজৰ প্ৰতিবন্ধক বিলাকৰ সম্পৰ্কে আলোচনা কৰা অনুচিত। নিচাজাতীয় দ্ৰব্য সেৱন কৰি নামঘৰত প্ৰৱেশ কৰিব নালাগে। তেনেকৰিলে গুৰুজনাই এৰি যোৱা আসনখনক আৰু হৰিনাৰায়নক অপমান কৰা সদৃশ হয় বুলি বিশ্বাস কৰা হয়। হৰিনামেই হাৰ। শুদ্ধ মন আৰু চিত্তৰ সহায়ত হৰিক পাব পাৰি আৰু উপলব্ধি কৰিব পাৰি বুলি ভবা হয়। নিচাগ্ৰস্ত মন আৰু অশুচি দেহাৰে হৰিক উপাসনা কৰিলে সিদ্ধি লাভ নহয়। কেৱল নামঘৰ বুলিয়েই নহয় সকলো মঠ মন্দিৰতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি আৰু অশুচি দেহাৰে প্ৰৱেশ কৰা অনুচিত। অৱশ্যে  নামঘৰত বিভিন্ন সামাজিক বিষয়-দোষী-নিৰ্দ্দোষী বিচাৰ, ধৰ্ম্মীয় অনুশাসন আলোচনাও নামঘৰত কৰা হয়। নামঘৰৰ আন এক বিশেষত্ব হৈছে ভাওনা,গীত, নৃত্য আদিৰ প্ৰদৰ্শন। মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত আৰু অন্যান্য নাট্যকাৰৰ দ্বাৰা ৰচিত ভক্তিমূলক নাটসমূহ নামঘৰত প্ৰদৰ্শন কৰা হয়। সেয়েহে নামঘৰক সকলোৱে বৈকুণ্ঠ জ্ঞান কৰে। নামঘৰত ভকতসকল বহিবৰ বাবে বাঁহৰ ঢাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মাণ কৰা কঠ বা গোগুলেৰে বৈ উলিওৱা কঠ ব্যৱহাৰ কৰা হয়। অৱশ্যে আজিকালি পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই প্লাষ্টিকৰ পাটিহে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। 
   সি যি কি নহওঁক, সাম্প্ৰতিক সময়ত এই নামঘৰৰ প্ৰাসঙ্গিকতা আহি পৰিছে অসমীয়াৰ সমন্বয়তাৰ পুনৰুৰ্জীৱিতকৰণৰ ক্ষেত্ৰত। কেতিয়াবা এনে ভাৱো মনলৈ আহে যে ব্যস্ততা আৰু সময়ৰ নাটনিৰ মিছা অজুহাত দেখুৱাই আমি নামঘৰৰ পৰা যেন কিছু পৰিমাণে দূৰৈত অৱস্থান কৰিছোঁ। গুৰুজনাই দি যোৱা ৰীতি-নীতি বিসৰ্জন দিছোঁ । মোবাইল ফোন আৰু কম্পিউটাৰ উভৈনদী হোৱা এই যান্ত্ৰিক যুগত যেন শ্ৰীমন্ত শংকৰদেৱৰ অৱদান কলা কৃষ্টিৰ ৰক্ষাৰ্থে আমি যেন অনুভৱ কৰা নাই। নহ'লেনো নামঘৰত আয়োজিত বিভিন্ন  অনুষ্ঠানত  মানুহৰ উপস্থিতি সেৰেঙা হয় নে ? বিশেষকৈ আমি চাকৰিয়াল সকল এইক্ষেত্ৰত পিছ সুঁহুকি আহিছোঁ নেকি ?  
   নামঘৰ কেৱল মাত্ৰ ধৰ্ম প্ৰচাৰৰ থলীয়েই নহয়, ই  হৈছে শোষণহীন, দুৰ্নীতি হীন, বৰ্ণ-বৈষম্যহীন , ভেদাভেদহীন এক বৃহৎ সামাজিক অনুষ্ঠান । সমাজ গঠণত নামঘৰৰ প্ৰভাৱ মন কৰিবলগীয়া । সমাজৰ পুৰুষ, মহিলা, ধনী দুখীয়া সকলোকে একগোট কৰি সমন্বয়ৰ এনাজৰী ডাল কটকটীয়া কৰাত নামঘৰে অতীজৰে পৰা প্ৰভাৱ পেলায় আহিছে। চহৰ ,নগৰ , গাঁৱ, বা অসমৰ যিকোনো অঞ্চলত নামঘৰ বনাই হৰি কীৰ্তন কৰা দেখা যায়।     এইদৰে বিচাৰ কৰি চালে দেখা যায় ১৫/১৬ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰি যোৱা বৈষ্ণৱ আন্দোলনৰ ফল স্বৰূপে সৃষ্টি হোৱা নামঘৰ বোৰে প্ৰায় পাঁচশ পঞ্চাশ বছৰৰো অধিক কাল ধৰি অসমীয়া ৰাইজৰ মাজত একতা ৰক্ষা,সামাজিক সমতা ৰক্ষা,ন্যায় বিচাৰ কৰি অহাৰ উপৰিও আমাৰ মানুহৰ পৰস্পৰে পৰস্পৰৰ দুখ-সুখৰ সমভাগী হৈ কাম কৰা আৰু সহ অৱস্থানৰ নীতি শিক্ষা দি আহিছে। ধৰ্মীয় চৰ্চাৰ উপৰিও সামাজিক সমস্যা সমাধান,শিল্প-কলা চৰ্চা নৃত্য-গীত সাহিত্য চৰ্চাৰ বাবে অফুৰন্ত প্ৰেৰণা আৰু সহনশীলতা,উদাৰতা,নম্ৰতা,ভাতৃত্ববোধ,মাৰ্জিত আচাৰ-ব্যৱহাৰ,কথা-বাৰ্তা আদি সজ গুণবোৰ নামঘৰৰ জৰিয়তে অসমীয়া সমাজে লাভ কৰি আহিছে। সেয়ে ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা দেৱে নামঘৰক অসমৰ জাতীয় নাট্যশালা আৰু জাতীয় কলা-সংস্কৃতিৰ যাদুঘৰ বুলি অভিহিত কৰিছে।  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এই মহান অৱদান আমি উত্তৰপুৰুষৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। নতুন প্ৰজন্মই যাতে এই অনুষ্ঠান আগলৈকে কোনো হৰণ ভগন নোহোৱাকৈ ৰাখিবলৈ সক্ষম হয় তাৰ বাবে অগ্ৰজসকলে পথ দেখুৱাৰ সময় সমাগত।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 

       লেখক- দুদুল সোণোৱাল।


 

********************************************





    
    


Wednesday, November 10, 2021

পুষ্টিহীনতাত ভোগা শিশুৰ শিক্ষাৰ সীমাবদ্ধতা

পুষ্টিহীনতাত ভোগা শিশুৰ শিক্ষাৰ সীমাবদ্ধতা: ভাৰতত পুষ্টিহীনতাত ভোগা শিশুৰ শেহতীয়া হিচাপমতে  ৩৩ লাখৰো অধিক, কেৱল অসমতেই ১.৭৬ লাখ শিশু পুষ্টিহীনতাত ভোগিছে। 

শেহতীয়া তথ্যত উল্লেখ কৰা অনুসৰি ভাৰতৰ চুকে কোণে  বাস কৰা শিশুৰ ভিতৰত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা বৃদ্ধি হোৱাটো অৱশ্যে স্বাভাৱিক বুলি গণ্য কৰা হয়। ভাৰত ৰাষ্ট্ৰত সাধাৰণতে তিনি ধৰণৰ মানুহে বাস কৰা পৰিলক্ষিত হয়। প্ৰথম স্তৰত বাস কৰা লোকসকল কোটিপতি অৰ্থাৎ ঢনৱন্ত পৰিয়ালৰ মানুহ  , দ্বিতীয় স্তৰৰ মানুহবিলাকক মধ্যবিত্ত পৰিয়ালৰ মানুহ আৰু তৃতীয় স্তৰত বাস কৰা মানুহবিলাকক দৰিদ্ৰ মানুহ হিচাপে  ভাগ কৰিব পাৰি। বিশেষকৈ এই তৃতীয় স্তৰত বাস কৰা লোকসকল অৰ্থনৈতিক দিশত একেবাৰে অনগ্ৰসৰ হৈ আছে। বৰ্তমান মহামাৰীৰ কৱলত পৰি পূৰ্বৰ তুলনাত বেছি দৰিদ্ৰতাৰ দিশলৈ গতি কৰিছে। যাৰ বাবে সিহঁতৰ ল'ৰা ছোৱালী পুষ্টিহীনতা ৰোগত আক্ৰান্ত হ'ব লগা হৈছে। এইক্ষেত্ৰত দেখা যায় যে ভাৰত চৰকাৰে বহু আঁচনি গ্ৰহণ কৰি শিশুৰ পুষ্টিহীনতা ৰোগ হ্ৰাস ঘটাবলৈ প্ৰচেষ্টা কৰিছে। অসম চৰকাৰেও অসমৰ শিশুৰ পুষ্টিহীনতাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আঁচনি গ্ৰহণ কৰিছে। তথাপিও শিশুৰ পুষ্টিহীনতাৰ বিষয়টো মুষিমূৰ হোৱা নাই। আনহাতে, যিমানেই চৰকাৰৰ শিশুৰ বিকাশৰ সাপেক্ষে আঁচনি বাঢ়িছে, সিমানেই যেন  পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। প্ৰাথমিক, উচচ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বা শিশুৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মধ্যাহ্ন ভোজন দিছে, বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে। এনেবোৰ উন্নত আঁচনি গ্ৰহণেও যেন বিষয়টোৰ সমাধান সমাপ্ত হোৱা নাই। 

    

    দৈনিক জনমভূমিৰ এটা উক্তিত উল্লেখ কৰা হৈছে যে ভাৰতত বৰ্তমান সময়ত ৩৩ লাখৰো অধিক শিশু পুষ্টিহীনতাত ভোগিছে । ইয়াৰে প্ৰায় আধাতকৈ বেছি সংখ্যক শিশু অতি পুষ্টিহীন শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ পুষ্টিহীনতাত ভোগা শিশু থকা ৰাজ্যসমূহৰ তালিকাত শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ, বিহাৰ আৰু গুজৰাট । অসমৰ বিভিন্ন প্ৰান্তত মুঠ পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হৈছে ১.৭৬ লাখৰোধিক। ২০২১ চনৰ ১৪ অক্টোবৰ পৰ্যন্ত ভাৰতত পুষ্টিহীন বা গুৰুতৰভাৱে পুষ্টিহীন শিশুৰ সংখ্যা হৈছে ১৭,৭৬,৯০২ (১৭.৭৬ লাখ) আৰু মধ্যমীয়াভাৱে পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হৈছে ১৫,৪৬,৪২০ ( ১৫.৪৬ লাখ) । ভাৰতৰ ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বাস কৰা মুঠ পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হৈছে ৩৩,২৩,৩২২ (৩৩.২৩ লাখ) ।

   

    এই বৃহৎ পৰিসংখ্যা নিশ্চয় সাধাৰণ নহয় । নৱ প্ৰজন্মৰ বিকাশৰ দিশত ই হেঙাৰ হিচাপে থিয় দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সমাজৰ একাংশ লোক ধনীৰ পৰা ধনীলৈ পৰিবৰ্তন হৈ গৈ আছে কিন্তু আন এচাম লোক নিজৰ দৈনিক খাদ্য সংগ্ৰহ কৰোঁতেই সময় অতিবাহিত হৈছে। আনকি খেতি বাতিৰ ক্ষেত্ৰতো আগনবঢ়াৰ বাবে এই চাম লোক সদায় দৰিদ্ৰ হৈয়ে আছে। চৰকাৰী আঁচনিও এনে লোকক সঠিকভাৱে ঢুকি পোৱা নাই। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি মহামাৰীৰে দেশৰ অৰ্থনীতিৰ ব্যৱস্থাত কুঠাৰাঘাত কৰিলে যাৰ ফলত দৰিদ্ৰতাৰ সীমাৰেখা তলৰ মানুহৰ ওপৰত ই পোনপটীয়া প্ৰভাৱ পৰিল। এই মহামাৰীৰ কু-প্ৰভাৱৰ ফলতেই যে শিশুৰ পুষ্টিহীনতাৰ ৰোগ বাঢ়িব ধৰিছে সেয়া নকলেওঁ সকলোৰে বিদিত। 


      দৰিদ্ৰতাৰ বাবে পুষ্টিহীনতা ৰোগৰ জন্ম। সমাজত দৰিদ্ৰতাৰ সংখ্যা হ্ৰাস পালেই পুষ্টিহীন দূৰ হ'ব। পুষ্টিহীনতা  শিশুৰ মানসিক, শাৰীৰিক আৰু শৈক্ষিক উন্নতিৰ ক্ষেত্ৰত প্ৰতিবন্ধক ।  প্ৰতিজন নাগৰিকে বা অভিভাৱকে নিজৰ সন্তানৰ প্ৰতি সজাগ আৰু সচেতন হ'লেহে এই ৰোগ হ্ৰাস পাব। 


     চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিয়ে পুষ্টিহীনতা নিৰাময়কৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও সম্পূৰ্ণ ৰূপে সফল হ'ব পৰা নাই । বহু দৰিদ্ৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। এনে শিশুৰ বাবে নিশ্চয় এই আচঁনি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।  পুষ্টিহীনতা দূৰীকৰণত মধ্যাহ্ন ভোজনৰ  প্ৰভাৱ ফলপ্ৰসু হৈছে। কিন্তু এয়াই সিহঁতৰ বাবে যথেষ্ট নহয়।


   মহামাৰীৰ প্ৰকোপৰ ফলত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী ওপৰত বেছি কু-প্ৰভাৱ পৰিছে যাৰ বাবে পুষ্টিহীন শিশুৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ নগৰৰ বস্তি অঞ্চল আৰু গ্ৰাম্য অঞ্চলৰ কিছু সংখ্যক লোক সুষম আহাৰৰ পৰা বঞ্চিত হৈছে। যাৰ ফলশ্ৰুতিত পুষ্টিহীন শিশুৰ বৃদ্ধি ঘটিছে।  প্ৰায় দুবছৰ কাল কোনো কাম বন কৰিবলৈ নোপোৱাৰ কাৰণে শ্ৰমিকসকল  আৰ্থিক দিশত  শোচনীয অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে শিশুৰ সুষম আহাৰ যোগান ধৰাত অভিভাৱকসকল অসমৰ্থ হ'ল। যাৰ বাবে আজি আমি এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। এনে সমস্যা আঁতৰাবলৈ আমাক আৰু বহুদিন সময় প্ৰয়োজন হ'ব। 


সামৰণি

সকলোৱে কভিড বিধি মানি কভিডৰ বিৰুদ্ধে যুঁজ দিলেহে আকৌ এনে সংকটকাল ঘূৰি নাহিব। যদি কেনেবাকৈ তৃতীয় ঢৌৱে আক্ৰমণ কৰিবলৈ হয় তেন্তে আমি আকৌ বহু মূল্যৱান সময় হেৰুৱাব লাগিব।  সেয়ে আমি সকলোৱে ভেকচিন লৈ মহামাৰীৰ দূৰ কৰাৰ প্ৰয়াসত সহযোগ কৰিব লাগে। আহক সকলোৱে কভিড বিধি মানি চলো আৰু সমাজৰ কভিড শেষ হোৱাত সহযোগ কৰো আৰু অসম তথা ভাৰতত সমুলঞ্চে শিশুৰ পুষ্টিহীন দূৰ কৰাত সহায়ৰ হাত আগবঢ়াও । 




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।





Monday, November 8, 2021

অসমৰ জাতীয় সংস্কৃতি স্থাপনত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ ভূমিকা : চমু অৱলোকন।

অসমৰ জাতীয় সংস্কৃতি স্থাপনত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ ভূমিকা : চমু অৱলোকন।


    অসমৰ জাতীয় সংস্কৃতি স্থাপনত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ ভূমিকা অতুলনীয়। প্ৰতিটো জনগোষ্ঠীৰে স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ নিজ গোষ্ঠীটোৰ মানুহ বিলাকক লৈ সাহিত্য সভা গঠণ কৰি মানুহবিলাকক বিভিন্ন বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এটা জাতিৰ ভাষা-সাহিত্যৰ উন্নতি হ'লেহে সংস্কৃতি উন্নত হ'ব। এই উন্নত সংস্কৃতিৰ সংমিশ্ৰণত এটা জাতীয় ভাৱধাৰা গঢ়ি উঠিব যিয়ে অসমৰ সামগ্ৰিক সংস্কৃতি উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। গতিকে সাম্প্ৰতিক সময়ত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম হিচাপে পৰিগণিত হৈছে।

     সোণোৱাল কছাৰী,বড়ো, মিচিং, কাৰ্বি, ৰাভা আদি বিভিন্ন জনগোষ্ঠীয়ে অসমৰ সংস্কৃতিৰ ধাৰা অক্ষুণ্ণ ৰখাত সফল হৈছে। প্ৰতিটো জনগোষ্ঠীৰে স্বকীয় বৈশিষ্ট্যৰে নিজৰ সংস্কৃতি আছে আৰু জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে। সোণোৱাল কছাৰী সকলেও তেওঁলোকৰ সংস্কৃতি নিজৰ প্ৰচেষ্টাৰে জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে । সোণোৱাল কছাৰীসকলৰ সংস্কৃতি অংগ বিভিন্ন পূজা- সৰগদেউ পূজা, আই সবাহ, লখিমী তোলা সবাহ, বাইথ'পূজা.. আদি আৰু বিহু- কাতি বিহু, মাঘ বিহু আৰু ব'হাগ বিহু আদি ভিন্ন ৰীতি-নীতিৰে পালন কৰি স্বকীয়তা অক্ষুণ্ণ ৰাখিছে । 
     একেদৰে বড়োসকলে বাগৰুম্বা নৃত্য উৎসৱ আৰু বৈশাগু উৎসৱ পালন কৰি জাতিৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিছে।
     , ঠিক একেদৰে আহোম, ৰাভা,বড়ো মিচিং কাৰ্বি আদি জনগোষ্ঠী সমূহেও নিজৰ সংস্কৃতি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে। এনেদৰে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ লগতে সমগ্ৰ ৰাজ্যৰ ভিত্তিত সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ জাতীয় সংস্কৃতি স্থাপন কৰাত এই জনগোষ্ঠী সমূহে প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰিছে। 
    অসম প্ৰদেশ‌ বাৰে ৰহনীয়া সংস্কৃতিৰ মিলনভূমি। ঘাইকৈ মংগোলীয়, ইণ্ডো-বাৰ্মা, ইণ্ডো-ইৰানীয়ান, আৰু আৰ্য জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণৰ থলী হৈছে অসম । তদুপৰি নকৈ অসমত থিতাপি লোৱা পমুৱা অসমীয়া সকল অসমৰ এটা অংশ হিচাপে পৰিগণিত। এখন সুন্দৰ ৰংচঙীয়া বিভিন্ন ফুলেৰে সমাহাৰ গামোচা সদৃশ অসমৰ জাতীয় সংস্কৃতিও ৰংচঙীয়া হৈ উঠিছে এইসকল জাতি উপজাতিৰ সংমিশ্ৰণত। অসমৰ মাটি,পানী, জলবায়ুৰ সৈতে গভীৰভাৱে সম্পৰ্ক থকা এই জাতি জনগোষ্ঠীৰ সমষ্টিয়েই হৈছে অসম। 
    অসমৰ প্ৰায় ভাগ জনগোষ্ঠীৰ নিজস্ব একোটা ভাষা আছে। নিজস্ব ৰীতি-নীতি আছে। নিজস্ব কৃষ্টি সংস্কৃতিৰে চহকী। সোণোৱাল কছাৰীসকলৰ নিজস্ব ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আছে, আহোম সকলৰ নিজস্ব ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আছে, বড়োসকলৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে, মিচিং সকলৰ নিজা কৃষ্টি সংস্কৃতি আছে, ৰাভা সকলৰ আছে, চাহ বাগিচাৰ বাসিন্দা চাহ জনগোষ্ঠীসকলৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে। এনেদৰে প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব ৰীতি-নীতি কৃষ্টি সংস্কৃতি একেলগ হৈ অসমৰ জাতীয় সংস্কৃতি সৃষ্টি হৈছে। অৰ্থাৎ জনগোষ্ঠী সকলে অসমৰ লোকসকলক আমি 'অসমীয়া' এনে ব্যাপক পৰিসৰৰ মনোভাৱৰ জাগ্ৰত হোৱাত সহায় কৰিছে। 
    অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সাহিত্য সভা সমূহে জনগোষ্ঠীটোৰ সাহিত্যৰ ভেটি টনকিয়াল কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰে। জনগোষ্ঠী এটা অন্তৰ্গত এলেকাৰ কবি সাহিত্যিক সকলক চিনাক্তকৰণৰ ব্যৱস্থা কৰি সিহঁতৰ সৃষ্টিৰাজি সমাজক বিলাই দিয়াৰ ক্ষেত্ৰত আগভাগ ল'লে কবি সাহিত্যিক সকলক স্বীকৃতি দিয়াৰ লগতে অসমৰ জাতীয় সংস্কৃতিৰ উত্তৰণত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰাত এইসকল লোকেও অৰিহণা আগবঢ়াব। 
    জনগোষ্ঠী সমূহৰ তাঁত শিল্প , কাৰু শিল্প , মৃৎ শিল্প , বাঁহ বেতৰ শিল্প .. আদি আগুৱাই নিয়াত সাহিত্যৰ জৰিয়তে জনগোষ্ঠীয় সাহিত্য সভাসমূহে প্ৰয়াস কৰিব পাৰে। সাহিত্যৰ জৰিয়তে বিভিন্ন শিল্প সমূহৰ সম্পৰ্কে যিমানেই প্ৰচাৰ হ'ব সিমানেই এনে শিল্পৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িব। এনে প্ৰচেষ্টাই অসমৰ জাতীয় সংস্কৃতি স্থাপনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। 

   ইতিমধ্যে দেখা গৈছে যে বড়ো সাহিত্য সভা এনে কাৰ্যপন্থাত আমাতকৈ বহু আগুৱাই যাবলৈ সক্ষম হৈছে। অসমৰ দ্বিতীয় বৃহৎ সাহিত্য সভা হিচাপে পৰিগণিত হৈছে বড়ো সাহিত্য সভা। বড়ো সাহিত্য সভা গঠন হৈছিল ১৯৫২ চনৰ ১৬ নৱেম্বৰ তাৰিখে কোকৰাঝাৰ জিলাৰ বাসুগাওঁত । সেই তেতিয়াৰ পৰাই বড়োসকলৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ ভঁৰাল টনকিয়ালৰ অৰ্থে বহু কাম কৰি বড়ো সমাজক উপকৃত কৰিছে । বহু পলমকৈ হ'লেও আমাৰ সোণোৱাল কছাৰীসকল সাহিত্যৰ দিশত আগবাঢ়ি যাবলৈ প্ৰয়াস কৰাটো  অতি প্ৰশংসনীয় পদক্ষেপ।  
    

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। 

Thursday, November 4, 2021

Diwali | দীপাৱলী পোহৰৰ উৎসৱ।

Deepawali : পোহৰৰ উৎসৱ দীপাৱলী :



আজি পোহৰৰ উৎসৱ দীপাৱলী। প্ৰাচীন কালৰে পৰা অসমত বা ভাৰতৰ চুকে কোণে আন্ধাৰ বিনাশি পোহৰ বিলোৱাৰ মানসেৰে দীপাৱলী উৎসৱ মানুহে অনুষ্ঠিত কৰি আহিছে। শাৰী শাৰী বন্তি জ্বলাই সমাজৰ পৰা অসূয়া,অপ্ৰীতি তথা তমসা বিনাশি নিজৰ লগতে সমাজত শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ সৌধ গঢ়ি তোলিবলৈ কামনা কৰা হয়। 

     পোহৰৰ উৎসৱ দীপান্বিতা আহিলেই চেৰেং কৈ মনলৈ আহে বিজুলী বাতি, কলগছ , চক্ৰ আদিৰ দৰে তৰহে তৰহে বজাৰত ঊপলব্ধ সামগ্ৰীসমূহৰ কথা। বিজুলী বাতি বা জিলজিলি হ'ল শব্দহীন আতচবাজী। গাওঁ বা চহৰ সকলোতে এই উৎসৱ পালন কৰা হয়। অৱশ্যে গ্ৰাম্যাঞ্চলত বিশেষকৈ অসমীয়া পৌৰাণিক মূলৰ জনগোষ্ঠীসকলে এই উৎসৱ ধুমধামেৰে পালন কৰা দেখা নাযায়। কেৱল দোকানী বা তেনেধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত লোকক এই উৎসৱ পালন কৰা দেখা যায়। কিন্তু আন জাতিৰ মানুহবিলাকে ধুমধামেৰে এই উৎসৱ পালন কৰে। 

    ঘৰত শাৰী শাৰী প্ৰদীপ জ্বলাই ঘৰখনলৈ লক্ষ্মী আইৰ আগমন ঘটিবৰ বাবে আৰু ঘৰৰ সকলোটিয়ে সুখে সন্তোষে থাকিবলৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। বিশেষকৈ ব্যৱসায়িক সকলে পোহৰৰ উৎসৱ দীপান্বিতা উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়। 

     পোহৰৰ উৎসৱ দীপান্বিতা সম্পৰ্কে প্ৰচলিত প্ৰবাদ আছে যে ৰামচন্দ্ৰই ৰাৱনক যুদ্ধত পৰাজিত কৰি সীতা, লক্ষ্মণ সহিতে আযোধ্যালৈ উভতি আহোঁতে অযোধ্যাবাসীয়ে চাকি-বন্তি জ্বলাই ৰংৰহইচ কৰিছিল। পৰৱৰ্তী সময়ত এই উৎসৱকে দীপাৱলী হিচাপে পালন কৰা হয়। কিন্তু আন এটা প্ৰাচীন প্ৰবাদমতে অতীজৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ মৃত্যু দিনটোতহে মানুহে পোহৰৰ উৎসৱ দীপান্বিতা পালন কৰে। শ্ৰীকৃষ্ণৰ পুত্ৰ হ'ল নৰকাসুৰ। নৰকাসুৰ প্ৰৱল পৰাক্ৰমী বীৰ আছিল আৰু ত্ৰিভূবন বিজয়ী ৰজা আছিল বুলি জনা যায়। তেখেতে হেনো সমস্ত ইন্দ্ৰলোকৰ দেৱতাগণক যুদ্ধত পৰাস্ত কৰি বন্দী কৰি ৰাখিছিল। ইন্দ্ৰই শ্ৰীকৃষ্ণৰ ওচৰত তেওঁলোকক বচাবৰ বাবে প্ৰাৰ্থনা কৰিছিল। উপায়ন্তৰ হৈ শ্ৰীকৃষ্ণই ৰথত সত্যভামাক বহুৱাই নৰকাসুৰৰ লগত যুদ্ধ কৰিবলৈ ৰাওনা হৈছিল। সত্যভামা আছিল নৰকাসুৰৰ মাতৃ বসুমতীৰ আন এটা ৰূপ। মাকক দেখি নৰকাসুৰে যুদ্ধ কৰা নাছিল আৰু নাৰায়ণ অৰ্থাৎ তেওঁৰ পিতৃৰ হাতত মৃত্যুবৰণ কৰিবলৈ ইচ্ছুক আছিল। নৰকাসুৰে তেওঁৰ পিতৃ দেৱতাৰ হাতত মৰাৰ আগতে তেওঁৰ মৃত্যুৰ দিনটো যুগমীয়া কৰিবলৈ কাৰণে পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। সেই প্ৰাৰ্থনাত সন্তুষ্ট হৈ নাৰাযণে 'তথাস্তু' বুলি কৈছিল আৰু নৰকাসুৰৰ মৃত্যুৰ দিনটোত সমগ্ৰ পৃথিৱীয়ে পোহৰেৰে পোহৰাই তুলিব বুলি আৰ্শীবাদ দিছিল। সেই তেতিয়াৰ পৰাই হেনো মৰ্ত্যৰ মানুহে দীপান্বিতা পালন কৰি আহিছে। (কাহিনীটো মোৰ সম্পূৰ্ণ স্পষ্টকৈ মনত নাই, কৰবাত ৰৈ যোৱা ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী ) এই কাহিনীটো অসম বুৰঞ্জীত সন্নিবিষ্ট আছে ।

      ই যি কি নহওঁক, পোহৰৰ উৎসৱ দীপান্বিতাৰ এতিয়া বহু পৰিবৰ্তন হ'ব ধৰিছে। পুৰণি দিনসমূহত যি ধৰণে উদযাপন কৰা হৈছিল হয়তো আজিৰ দিনত সেই সাদৃশ্যতা নিশ্চয় নাই। এতিয়া যেন পোহৰৰ উৎসৱ শব্দ প্ৰদূষণৰ উৎসৱলৈ পৰিণত হৈছে। পোহৰৰ উৎসৱ অহাৰ লগে লগে বজাৰৰ দোকান পোহাৰ ভৰি পৰে নানা তৰহৰ ফটকা আতচবাজীয়ে । অতি উচ্চ প্ৰাৱল্যৰ ফটকা ফুটোৱাৰ ফলত শব্দ প্ৰদূষণৰ সৃষ্টি হয়। ইয়াৰ পৰা নিৰ্গত ক্ষাৰকীয় গোন্ধই পৰিৱেশ দূষিত কৰি তোলে। লগতে নিৰ্গত ধোঁৱা, কাৰ্বন ডাই অক্সাইড গেছ , আন ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষণ হোৱাত সহায় কৰে। ফলস্বৰূপে পৰিৱেশত কু-প্ৰভাৱ পৰা দেখা যায়। ফটকা আতচবাজীৰ জৰিয়তে হোৱা বায়ু আৰু শব্দ প্ৰদূষণৰ ফলত কেৱল মানুহৰে ক্ষতি সাধন হোৱা নাই, ইয়াৰ সমান্তৰাল ভাৱে প্ৰাণীকূলৰো যথেষ্ট অনিষ্ট সাধন হৈছে।

     

    মানুহে সৰ্বনিম্ন ২০ ৰ পৰা সৰ্বোচ্চ ৮০ ডেচিবেলৰ ভিতৰত হোৱা শব্দহে সহজে আৰু ভালদৰে শুনাত সক্ষম। কিন্তু ৮০ ডেচিবেলতকৈ বেছি প্ৰাৱল্যৰ শব্দ আমাৰ কাণে সহ্য কৰিব নোৱাৰে। এনে উচ্চ প্ৰাৱল্যযুক্ত শব্দৰ ফলত আমাৰ কাণৰ শ্ৰৱন ক্ষমতা লোপ পোৱাৰ সম্ভাৱনা থাকে। এটা ডাঙৰ আকাৰৰ ফটকা যাক বম ফটকা বোলা হয় , ইয়াৰ শব্দৰ প্ৰাৱল্য ৮০ ডেচিবেলতকৈ বেছি বুলি বিজ্ঞানীসকলে মতপোষণ কৰিছে। সেয়ে তেনে উচ্চ প্ৰাৱল্যৰ আতচবাজী নুফুটুৱাটোৱে শ্ৰেয়। 

  

    আনহাতে বৰ্তমান মহামাৰীৰ সময়ত এনে আতচবাজী কোভিড আক্ৰান্ত লোকৰ বাবে অতি ভয়ংকৰ সদৃশ। এনে ৰোগীৰ উশাহ-নিশাহৰ সমস্যাত ই প্ৰভাৱ পেলাব পাৰে। 

    সদৌ শেষত কওঁ যে পোহৰৰ উৎসৱ দীপান্বিতা সকলোৱে সঠিকভাৱে পালন কৰক। বিজুলী বাতি, কলগছ , চক্ৰ আদিৰ দ্বাৰা চৌদিশ পোহৰাই তোলক। আমাৰ চুক বা চুবুৰী পোহৰাই তোলক, ৰাজ্যখন আলোকিত হৈ উঠক, দেশখন আলোকিত হৈ উঠক আৰু পৃথিৱীৰ প্ৰতিটো প্ৰান্ত দীপান্বিতাই পোহৰাই তোলক তাৰে কামনা কৰিলো।




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক- দুদুল সোণোৱাল।



+++++++++++++++++++++++++++++++

Wednesday, November 3, 2021

ৰেখা আৰু কোণৰ সম্পৰ্কে। About Lines and Angles.

ৰেখা আৰু কোণৰ সম্পৰ্কে  আভাস : Concepts about Lines and Angles.

ৰেখা (Line) : ৰেখা হৈছে এডাল চিন যাৰ কোনো প্ৰান্ত বিন্দু নাই। ৰেখা এডালক দুয়োটা মূৰত কাড় চিনেৰে প্ৰদৰ্শন কৰা হয়। অৰ্থাৎ ৰেখাৰ কোনো প্ৰান্ত বিন্দু নাই। ইচ্ছা অনুসৰি ৰেখা এডালৰ বাওঁ আৰু সোঁফালৰ মূৰ কেইটাত প্ৰসাৰ ঘটাব পাৰি বা বঢ়াব পাৰি।  গতিকে আমি ৰেখাৰ সংজ্ঞা এনেদৰে দিব পাৰোঁ - যি চিনৰ কোনো প্ৰান্ত বিন্দু নাই আৰু ইচ্ছা অনুসৰি দুয়োটা মূৰ বঢ়াব পাৰি, সেই চিনক ৰেখা বোলা হয়।


বিভিন্ন  ৰেখাৰ চিত্ৰ ০১


ৰেখাৰ প্ৰকাৰ : ৰেখা, সৰলৰেখা, বক্ৰৰেখা, জিগজাগ ৰেখা , সমান্তৰাল সৰলৰেখা আৰু ৰেখাৰ পৰা প্ৰাপ্ত - ৰেখাখণ্ড, ৰশ্মি আদি। চিত্ৰ ০১ ত বিভিন্ন ৰেখাবোৰ দেখুওৱা হৈছে। 


সৰলৰেখা : যি ৰেখা পোন বা বেকা-তেৰা নহয় সেই ৰেখাক সৰলৰেখা বোলা হয়। সৰলৰেখা ৰেখাৰ দৰে সদৃশ গুণ বিশিষ্ট চিন। অৰ্থাৎ সৰলৰেখাৰ কোনো প্ৰান্ত বিন্দু নাই। ইয়াৰ দুয়োটা মূৰ কাড় চিনেৰে প্ৰদৰ্শন কৰা হয়। ৰেখাৰ দৰে ইচ্ছা অনুসৰি দুয়োটা মূৰ বঢ়াব পাৰি। তোমালোকৰ ঘৰ সাজোতে এনে সৰল ৰেখা ব্যৱহাৰ কৰে। ঘৰৰ মূধচত দিয়া মাৰুলী, দীঘল দীঘল কামি বিলাক সৰলৰেখাৰ উদাহৰণ। তদুপৰি ঘৰৰ চাৰিবেৰত লগোৱা বাঁহৰ কামিবোৰ, খুটাবোৰ আৰু চিলিঙিত লগোৱা সৰু সৰু কাঠৰ বা বাঁহৰ বা লোহৰ কামিবোৰ সৰলৰেখাৰ আৰ্হিত লগোৱা হয়। গতিকে আমাৰ জীৱনত সৰলৰেখা অনবৰতে ব্যৱহাৰ কৰি থকা দেখা যায়। তোমালোকে ইয়াৰ উপৰিও আন বহুতো বস্তু দেখা পাবা যিবোৰ সৰলৰেখাৰ আকৃতিৰ। চিত্ৰ ০১ ত EF হ'ল সৰলৰেখা ।

বক্ৰৰেখা :  বেকা-বেকি ৰেখাই হ'ল বক্ৰৰেখা ।  বক্ৰৰেখাৰো ৰেখাৰ দৰে কোনো প্ৰান্ত বিন্দু নাই। চিত্ৰ ০১ ত  দিয়া CD ৰেখাই হ'ল বক্ৰৰেখা। এডাল লোহৰ বা তাঁৰৰ স্প্ৰীং হৈছে বক্ৰৰেখা আৰ্হিৰ। পথ সাধাৰণতে বক্ৰৰেখাৰ আৰ্হিত নিৰ্মাণ কৰা হয়। এই ৰেখাৰো আমাৰ দৈনন্দিন জীৱনৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে। এনেধৰণৰ বক্ৰৰেখাৰ নিদৰ্শন তোমালোকে তোমালোকৰ চৌপাশৰ পৰিবেশত বিচাৰি চাবাচোন ।

সমান্তৰাল সৰলৰেখা : যেতিয়া দুডাল সৰলৰেখাৰ মাজৰ ব্যৱধান সমান হয় আৰু ৰেখা কেইডালৰ মূৰ কেইটা আগলৈ বঢ়াই দিলে লগ নাখায়, তেতিয়া সৰলৰেখা দুডালক সমান্তৰাল সৰলৰেখা বোলা হয়। ৰেখাখণ্ডৰ ক্ষেত্ৰতো সেই একেই কথা । দুডাল ৰেখাখণ্ড সমান্তৰাল হ'ব যদিহে সিহঁতৰ মাজৰ দূৰত্ব সমান হয়। চিত্ৰ ০১ ত দেখুওৱা GH আৰু  IJ হৈছে সমান্তৰাল সৰলৰেখা।
     সমান্তৰাল সৰলৰেখা আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো কামতেই ব্যৱহাৰ কৰা হয়। ঘৰৰ পোষ্টপ্লেট লগাওঁতে , চিলিঙী দিওঁতে, বাতাম কছা ঘৰৰ বেৰ বান্ধোতে , ঘৰৰ চাল বনাওতে, দলং নিৰ্মাণ কাৰ্যত, আচবাব পত্ৰ নিৰ্মাণ কৰোতে সমান্তৰাল সৰলৰেখাৰ আৰ্হি প্ৰয়োগ কৰা হয়। তোমালোকে তোমালোকৰ চৌপাশৰ পৰিবেশত সমান্তৰাল সৰলৰেখাৰ আৰ্হি বিচাৰি চাবাচোন।

জিগজাগ ৰেখা : এই ৰেখা বিশেষকৈ মানচিত্ৰ আৰু ছবি অংকন কৰোঁতে ব্যৱহাৰ কৰা হয়। মানচিত্ৰত চাৰিসীমা আৰু ৰেলপথ আদি দেখুওৱাবলৈ জিগজাগ ৰেখা ব্যৱহাৰ কৰা দেখা যায়। এই ৰেখা বিশেষকৈ কিছুমান সৰু সৰু টুকুৰা টুকুৰ ৰেখাখণ্ডৰ সংমিশ্ৰণ। চিত্ৰত দেখুওৱা হৈছে 

ক < - - - - - - - - - - - - - - - - - - - - - - - - - -> খ
             চিত্ৰ ০২ জিগজাগ ৰেখা।

ৰেখাখণ্ড :  ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা অংশ। ৰেখা এডালৰ মাজত থকা যিকোনো দুটা বিন্দুক লৈ এডাল ৰেখাখণ্ড পোৱা যায়। চিত্ৰ ০১ ত KL এডাল ৰেখাখণ্ড। A আৰু B বিন্দু দুটা লৈ AB ৰেখাখণ্ড পোৱা যাব ( চিত্ৰ ০১ ) । ৰেখাখণ্ডৰ সহায়ত বিভিন্ন জ্যামিত্ৰিক আকৃতিবোৰ পোৱা যায়। ত্ৰিভূজ, চতুৰ্ভূজ, পঞ্চভূজ , ষড়ভূজ, সপ্তভূজ ... আদি ৰেখাখণ্ডৰ সহায়ত অংকণ কৰা হয়। বিভিন্ন আচবাব - চকী, টেবুল, বেন্স, ডেক্স, বিছনা আদি বনাওতে ৰেখাখণ্ডৰ আৰ্হি প্ৰয়োগ কৰা হয়। 

ৰশ্মি : ৰশ্মিও ৰেখাৰে এটা সৰু অংশ বুলি ক'ব পাৰি। অৱশ্যে ৰশ্মিৰ নিৰ্দিষ্ট আৰম্ভ বিন্দু থাকে কিন্তু শেষ  বিন্দু নাথাকে। সেয়ে ইয়াৰ এটা মূৰ কাড় চিনেৰে দেখুওৱা হয়। চিত্ৰ ০১ ত KL হৈছে এডাল ৰশ্মি। বিশেষকৈ টৰ্চ লাইট, সূৰ্যৰ পোহৰ,চন্দ্ৰৰ পোহৰ, বাল্বৰ জৰিয়তে দিয়া বিদ্যুৎৰ পোহৰ আদি হৈছে ৰশ্মিৰ উদাহৰণ। জুই জ্বলালেও ৰশ্মিৰ সৃষ্টি হয়। আমাৰ জীৱনত আমাৰ অলক্ষিতে ৰশ্মিৰ ব্যৱহাৰ ব্যাপক পৰিসৰত হৈ আছে। নহয়নে বাৰু ? 

কোণ (Angle) :  
 দুডাল সৰলৰেখাই যিকোনো দিশত কটাকটি কৰোঁতে ছেদ বিন্দুত উৎপন্ন হোৱা চোক বিলাকক কোণ বোলা হয়। সেইমতে দুডাল সৰলৰেখাই এটা ছেদ বিন্দুত কাটিলে চাৰিটা কোণৰ উৎপন্ন হয়, তিনি ডাল সৰলৰেখাই এটা ছেদ বিন্দুত কাটিলে ছয়টা কোণৰ উৎপন্ন হয় অৰ্থাৎ ৰেখাৰ দুগুণ কোণৰ উৎপন্ন হয়। 
    উৎপন্ন হোৱা কোণক বিভিন্ন নামেৰে জনা যায়।তলত নামবোৰ উল্লেখ কৰা হৈছে।
১/ সৰলকোণ
২/ পূৰক কোণৰ যোৰ
৩/ সম্পূৰক কোণৰ যোৰ
৪/ ৰৈখিক কোণৰ যোৰ
৫/ বিপ্ৰতীপ কোণ
৬/ একান্তৰ কোণ
৭/ অনুৰূপ কোণ
৮/ সুক্ষ্ম কোণ
৯/ সমকোণ
১০/ স্হূলকোণ
১১/ প্ৰবৃদ্ধ কোণ  আদি।
১২/ সন্নিহিত কোণ
সৰলকোণ : 180° কোণটোক সৰলকোণ বোলা হয়। এডাল ৰেখা বা ৰেখাখণ্ডৰ ওপৰত লোৱা যিকোনো এটা বিন্দুত 180° কোণ উৎপন্ন হয়। চিত্ৰত দেখুওৱা হৈছে।

পূৰক কোণৰ যোৰ : কোনো দুটা কোণৰ জোখৰ সমষ্টি 90° হ'লে কোণ দুটাৰ এটাক আনটোৰ পূৰক কোণ বোলা হয়। 

সম্পূৰক কোণৰ যোৰ : কোনো দুটা কোণৰ জোখ 180° হ'লে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বোলা হয়। যেনে : এটা কোণৰ জোখ যদি 70° হয় তেন্তে আনটো কোণৰ জোখ হ'ব 180-- 70°= 110° । অৰ্থাৎ 70° আৰু 110° এটা আনটোৰ সম্পূৰক । ইহঁতৰ যোগফল 110° + 70° = 180° । 

ৰৈখিক যোৰা :  যদি কোনো দুটা কোণৰ জোখৰ সমষ্টি 180° হয় আৰু কোণ কেইটাৰ অৱস্থান সন্নিহিত আৰু এডাল সাধাৰণ বাহু থাকে তেন্তে কোণ কেইটাক ৰৈখিক যোৰ কোণ বোলা হয়। 

বিপ্ৰতীপ কোণ : দুডাল সৰলৰেখাই কটাকটি কৰোঁতে ছেদ বিন্দুত উৎপন্ন হোৱা সমান বিপৰীত কোণ দুটাক বিপ্ৰতীপ কোণ বোলা হয়। 

একান্তৰ কোণ : দুডাল ৰেখাক এডাল ছেদকে কটাকটি কৰোঁতে উৎপন্ন হোৱা কোণ বিলাকৰ বাওঁফালৰ আৰু সোঁফালৰ সমান কোণ দুটাক একান্তৰ কোণ বোলা হয়।

অনুৰূপ কোণ : দুডাল ৰেখাক এডাল ছেদকে কটাকটি কৰোঁতে উৎপন্ন হোৱা ছেদকৰ একেফালে থকা সমান কোণ দুটাক অনুৰূপ কোণ বোলা হয়।

সুক্ষ্ম কোণ : 90° তকৈ সৰু কোণ বিলাকক সুক্ষ্ম কোণ বোলে। যেনে- 45°, 70°, 60°, 30°, 20°, 35°, 40°, 50° ... আদি কোণ বিলাক সুক্ষ্ম কোণ।

সমকোণ : যিবিলাক কোণৰ জোখ 90° ৰ সমান সেইবিলাক কোণক সমকোণ বোলা হয়। 90° কোণক এক সমকোণ বুলিও কোৱা হয়। 

স্হূল কোণ : 90° তকৈ ডাঙৰ কিন্তু 180° তকৈ সৰু কোণ বিলাকক স্হূলকোণ বোলা হয়। যেনে: 100°, 145° , 120°, 110°, 95°, 160° ... আদি কোণবোৰ হৈছে স্হূল কোণ।

প্ৰবৃদ্ধ কোণ : যিবিলাক কোণৰ জোখ 180° তকৈ ডাঙৰ কিন্তু 360° তকৈ সৰু সেইবিলাক কোণক প্ৰবৃদ্ধ কোণ বোলা হয়। যেনে : 195°, 210°, 220°, 225°, 270° .. আদি কোণবোৰক প্ৰবৃদ্ধ কোণ বোলা হয়।

সন্নিহিত কোণ : ওচৰাওচৰিকৈ থকা দুটা কোণক এটাক আনটোৰ সন্নিহিত কোণ বোলা হয়। মনত ৰাখিবা সন্নিহিত কোণ দুটাৰ এটা সাধাৰণ শীৰ্ষ বিন্দু থাকে আৰু এডাল সাধাৰণ ৰশ্মি থাকে। 

সদৌ শেষত : আশা ৰাখিছোঁ তোমালোকে আলোচনাৰ পৰা যথেষ্ট পৰিমাণে বুজিবলৈ সক্ষম হবা। সংজ্ঞা বোৰ পঢ়ি নিজে অনুশীলন কৰিবলৈ প্ৰয়াস কৰিবা। অংক অভ্যাস নকৰিলে ভাল ফল পাব নোৱাৰি।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।
 





Monday, November 1, 2021

পৰিৱেশ প্ৰদূষণ আৰু আমাৰ কৰ্তব্য। Environmental Pollution.

পৰিৱেশ প্ৰদূষণ কি ? What is Environmental Pollution 

   বহুতো কাৰণত আমাৰ চৌপাশৰ বাতাবৰণ বিনষ্ট হ'ব পাৰে। বায়ুমণ্ডলত থকা গেছৰ তাৰতম্য ঘটিব পাৰে। পৰিৱেশত ঘটা অবাঞ্চিত পৰিৱৰ্তনৰ ফলত আমাৰ চৌপাশৰ বাতাবৰণৰ যি অনিষ্ট সাধন হয় প্ৰকৃততে সেয়াই হ'ল পৰিৱেশ প্ৰদূষণ। পৰিৱেশ  পৰিৱৰ্তনত মানুহৰ হঠকাৰী চিন্তাধাৰা আৰু অবিবেচক কাৰ্যৰ হাত আছে। মানুহে নিজৰ অভাৱ প্ৰয়োজন পূৰাবৰ বাবে জৈৱ বৈচিত্ৰতাত বিভিন্ন কাৰ্যৰ দ্বাৰা পোনপতীয়াকৈ আঘাত হনাৰ ফলত পৰিৱেশত কু-প্ৰভাৱ পৰিছে। যাৰ ফলত পৰিৱেশৰ আৱহহাৱা কলুষিত হৈছে । সাধাৰণতে এই অৱস্থাই হৈছে পৰিৱেশ প্ৰদূষণ।  

পৰিৱেশৰ নৈসৰ্গিক, ৰাসায়নিক, জৈৱিক বৈশিষ্ট্যৰ যি অস্বাভাৱিক পৰিৱৰ্তন হৈ মাটি, পানী আৰু বায়ু আদি উপাদান সমূহৰ নিজস্বতাত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত পৃথিৱীত বাস কৰা জীৱকূলৰ ক্ষতিসাধনত অৰিহনা যোগাই তাকেই পৰিৱেশ প্ৰদূষণ বোলা হয়।  

     
    

     পৰিৱেশ প্ৰদূষণৰ মূলতে হ'ল মানুহ । মানুহৰ প্ৰয়োজনীয়তাৰ খাতিৰত বিভিন্ন উৎসৱ-পাৰ্ৱন পাতোতে পৰিৱেশ প্ৰদূষণ হৈছে। দোকান পোহাৰৰ পৰা অলাগতীয়াল সামগ্ৰী য'তে ত'তে পেলোৱাৰ ফলত, বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰোতে হোৱা অপৰিষ্কাৰৰ ফলত, মুকলি ঠাইত শৌচ প্ৰস্ৰাৱ কৰাৰ ফলত, অতিপাত হাৰত গছ-গছনি কটাৰ ফলস্বৰূপে পৰিৱেশত কু-প্ৰভাৱ পৰা দেখা যায়। অপৰিষ্কাৰ ঠাই পৰা ওলোৱা বেয়া গোন্ধই বায়ু দূষিত কৰে, মলমূত্ৰৰ দূৰগন্ধই বায়ু দূষিত কৰে, দূৰভাষ যন্ত্ৰ লগোৱাৰ ফলত শব্দ প্ৰদূষণ হয়,  ৰেলগাড়ীৰ অতিমাত্ৰা শব্দই কোলাহলৰ সৃষ্টি কৰে যাৰ ফলত পৰিৱেশ বিনষ্ট হয়। এনেধৰণৰ প্ৰায়ভাগ কাৰ্যই মানুহৰ দ্বাৰা সৃষ্ট। অৰ্থাৎ আমি মানুহে নিজৰ ভৰিত নিজেই কোঠাৰ মাৰিছো।


প্ৰাকৃতিক প্ৰদূষণ, মানৱ সৃষ্ট প্ৰদূষণ এই দুই ধৰণৰ প্ৰদূষণ পৰিলক্ষিত হয়। প্ৰাকৃতিক প্ৰদূষণ হৈছে - বায়ু, পানী আৰু মাটি প্ৰদূষণ। 

   

   জল প্ৰদূষণ (Water Pollution): অত্যাৱশ্যকীয় সামগ্ৰী পানীৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হ'লে সেই পানী ব্যৱহাৰৰ অনুপযোগী হ'ব পাৰে। তেতিয়াই পানীখিনিক প্ৰদূষণ হোৱা বুলি কোৱা হয়। পানীত বোকা,বালি, লোণ, লো প্ৰভৃতি দ্ৰব্যবোৰ অত্যধিক পৰিমাণে মিহলি হৈ থাকিলে পানী ঘোলা দুৰ্গন্ধময় আৰু জীৱানুযুক্ত হয় তেনে পানী হৈছে প্ৰদূষিত পানী। সমগ্ৰ বিশ্ব ৭১% পানীৰে আৱৰি আছে তথাপিও কিন্তু আমি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয়।


    বায়ু প্ৰদূষণ : বায়ুমণ্ডল কিছুমান গেছৰ দ্বাৰা গঠিত। এই গেছৰ সংমিশ্ৰণেই হৈছে বায়ু। বায়ুত থকা উপাদান সমূহৰ যেনে ধূলি বালি, কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন, অক্সিজেন আৰু কিছু যৌগিক পদাৰ্থৰ পৰিমাণত  কিছু তাৰতম্য ঘটিলে সেই বায়ু সেৱনৰ বাবে অনুপযোগী হৈ পৰে অৰ্থাৎ মানুহ অথবা জীৱৰ বাবে অনিষ্টকাৰক হৈ পৰে তেনে অৱস্থালৈ পৰিবৰ্তন হোৱা বায়ুক প্ৰদূষিত বায়ু বোলা হয়। 


    মাটি প্ৰদূষণ : মাটিৰ প্ৰকৃত গুণ বিভিন্ন কাৰণত হ্ৰাস পায়। বিভিন্ন শিল্প,কলকাৰখানাৰ পৰা বৰ্জিত ৰাসায়নিক পদাৰ্থ, পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰৰ পৰা নিৰ্গত বিভিন্ন তেজস্ক্ৰিয় পেলনীয়া পদাৰ্থ, ভূ-গৰ্ভৰ পৰা বিভিন্ন সম্পদ আহৰণত ব্যৱহাৰ কৰা পেলনীয়া সামগ্ৰী আদি মাটিত পেলোৱাৰ ফলত মাটি নিজস্ব বৈশিষ্ট্য লুপ্ত পাই। তেতিয়াই মাটিখিনি ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে। সেই মাটিক প্ৰদূষণ হোৱা মাটি বোলা হয়।


সমাজত পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱ


প্ৰকৃতিৰ দান মাটি, পানী, বায়ু দূষিত হোৱাৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী সিদ্ধান্ত আৰু অবিবেচক কাৰ্যৰ অৱদান আছে। মাটি প্ৰদূষণৰ ক্ষেত্ৰতো দেখা গৈছে যে মানুহে বিভিন্ন কামৰ জৰিয়তে জৈৱিক বা অজৈৱিক বৰ্জিত পদাৰ্থবোৰ মাটিত পেলায় দিছে যাৰ ফলত মাটিৰ গুণাগুণৰ ওপৰত প্ৰভাৱ পৰিছে।  বৰ্তমান যান্ত্ৰিক যুগত অত্যধিক হাৰত গাড়ী মটৰ ব্যৱহাৰৰ ফলত ইয়াৰ পৰা নিৰ্গত ধোঁৱাই আমাৰ চৌপাশৰ বায়ুমণ্ডলত আঘাত হানিছে। বায়ু প্ৰদূষিত হৈছে। বিভিন্ন উৎসৱ আদিত ব্যৱহাৰ কৰি পেলাই দিয়া পেলনীয়া সামগ্ৰীয়ে চৌপাশৰ বাতাবৰণ বিনষ্ট কৰাত সহায় কৰিছে। অত্যধিক হাৰত ব্যৱহাৰ কৰা পলিথিন মানুহে য'তে ত'তে পেলাই দিয়াত মাটি প্ৰদূষণ হ'ব ধৰিছে। আমি মানুহে এনেবোৰ সৰু সৰু কথাত আজিকালি গুৰুত্ব নিদিয়া হৈছোঁ। ল'ৰা ছোৱালীয়ে বিদ্যালয়লৈ যাওঁতে বা অন্য সময়ত পেকেটৰ খাদ্য খায় আৰু বাস্তা পথত এনেধৰণৰ প্লাষ্টিকৰ পেকেটবোৰ কোনো বাচবিচাৰ নোহোৱাকৈ পেলাই দিয়াত মাটি প্ৰদূষণ হৈছে। বিশেষকৈ নগৰীয়া অঞ্চলত নিতৌ এনে কাৰ্যৰ পৰিলক্ষিত হয়। আপুনি যদি বজাৰলৈ যায় বা নগৰলৈ যায় দেখিব গৈ থকা গাড়ীৰ ভিতৰৰ পৰা পলিথিনৰ পেকেট খিৰীকিৰে বাহিৰলৈ দলিয়াই দিয়া হৈছে।  নতুবা কোকাকোলাৰ বটল,খালী পানীৰ বটল গাড়ীৰ পৰা দলিয়াই পেলোৱা প্ৰায় দেখিবলৈ পোৱা যায়। এইবোৰ মানুহৰ অবিবেচকী কাৰ্য নহয় নে ?  তদুপৰি নগৰ, চহৰ বা গাঁৱৰ জনসংখ্যা ঘন এলেকাত , ৰাস্তাৰ কাষত পেলায় থোৱা জাবৰ জোথৰৰ দমৰ কথা নকলেও নিশ্চয় সকলোৱে মন কৰে। এনেবোৰ বেয়া ছবি নিশ্চয় মানুহৰ বাবেই সৃষ্টি হয় এয়া সৰ্বজনবিদিত।এনে অপৰিষ্কাৰ পৰিৱেশে  সমাজত যে কু-প্ৰভাৱ পেলাইছে সেয়া নকলেওঁ নিশ্চয় বুজিব পাৰিছে।


আমাৰ কৰণীয় কি ?


আমি মানু্হ। শ্ৰেষ্ঠ জীৱ হিচাপে আমি আমাৰ কৰ্তব্য কৰা উচিত , নহয়নে ?  আহকচোন আমি গুৰুত্ব বা মন নিদিয়া কিছুমান সৰু সৰু অভ্যাস পৰিহাৰ কৰিবলৈ প্ৰয়াস কৰো। যি সৰু সৰু কামৰ মাজেৰে আমি আমাৰ চৌপাশৰ বাতাবৰণ সৰ্বাংগ সুন্দৰ আৰু জীৱৰ বাসোপযোগী কৰি তোলাত অৰিহনা আগবঢ়াব পাৰোঁহক। 

   ক) নিজৰ চৌপাশৰ ঠাই সমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ নিজে চেষ্টা কৰা উচিত।
   খ) যিকোনো পেকেটৰ শুকান খাদ্য খায় পেকেটো য'তে ত'তে নেপেলোৱাৰ অভ্যাস গঢ়ি তোলক আৰু সৰু সৰু ল'ৰা-ছোৱালীকো এনে সচেতনতাৰ শিক্ষা দিয়ক যাতে সমাজৰ চৌপাশৰ বাতাবৰণ সুস্থ অৱস্থাত থাকে।
   গ) আমাৰ গাড়ীৰে যোৱা ৰাইজে গাড়ীৰ ভিতৰত খাই পেকেট খিৰীকিৰে বাহিৰলৈ দলিয়াই পেলোৱাৰ পৰিৱৰ্তে গাড়ীতেই ৰাখি ঘৰলৈ লৈ যাওক আৰু ডাচবিনত পেলোৱাৰ প্ৰচেষ্টা কৰক। 
   ঘ) উৎসৱ আদিত ব্যৱহাৰ কৰি পেলোৱা সামগ্ৰীসমূহৰ প্লাষ্টিক আৰু আন সোনকালে পচি যোৱা পেলনীয়া পদাৰ্থ স্হানীয় প্ৰশাসনৰ দ্বাৰা আগবঢ়োৱা ডাচবিনত বা নিৰ্দিষ্ট ঠাইত পেলোৱাৰ ব্যৱস্থা কৰক।
   ঙ) ঘৰৰ বৰ্জিত পানী পেলোৱাৰ বাবে দ নৰ্দমা ব্যৱহাৰ কৰা প্ৰয়োজন।
   চ) ঘৰৰ জাবৰ-জোঁথৰ উপযুক্তভাৱে  পেলাবৰ বাবে প্ৰৰশাসনে নিৰ্দিষ্ট কৰা ঠাই ব্যৱহাৰ কৰা উচিত। 
   ছ) 'চেনিটেৰি লেণ্ড ফিল' পদ্ধতিৰ সহায়ত আৱৰ্জনা নিষ্কাষণ কৰিব পাৰি। এই পদ্ধতি মতে জাবৰৰ জৈৱ অংশ বাচি ৰ'দত মেলি দিব লাগে আৰু ইয়াৰ পিছত এটা মাটিৰ প্ৰলেপ দিয়া হয়। পুনৰাই ওলোৱা আৱৰ্জনা ইয়াৰ ওপৰত মেলিব লাগে আৰু একেদৰে মাটিৰ লেপন দিব লাগে। ইয়াক আবাদীকৰণ বুলিও কোৱা হয়।
   জ) ভস্মীভূত কৰা প্ৰণালী ব্যৱহাৰ কৰিও আৱৰ্জনা নিষ্কাষণ কৰিব পাৰি। বিশেষকৈ গ্ৰাম্য অঞ্চলত এনে চলা দেখা যায়। কঠিন সামগ্ৰীসমূহ বাচি দাহ্য সামগ্ৰী সমূহ জ্বলাই দিয়া হয় এই পদ্ধতিত । 

উপসংহাৰ


চাফ চিকুন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই এটা সু-স্বাস্থ্য প্ৰদান কৰে। সমাজৰ চৌপাশৰ বাতাবৰণ পৰিষ্কাৰ পৰিচ্ছন্ন মানেই বায়ুমণ্ডল পৰিষ্কাৰ আৰু সমতুল অৱস্থাত থকা। সেয়ে আমি নিজৰ লগতে আনকো পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ লগতে সমাজৰ পৰিৱেশ সুৰক্ষিত হ'বলৈ যাৱতীয় কাৰ্য কৰিব লাগে। ধৰমশালা বিলাকত ‌‌‌‌‌‌মাইক বা দূৰভাষ যন্ত্ৰ লগোৱা বন্ধ কৰা উচিত। ইয়াৰ পৰা উলোৱা শব্দই শব্দ প্ৰদূষণত প্ৰভাৱ বিস্তাৰ কৰিছে। পুৱা গধূলি সময়ত মন্দিৰ,মজদিৰ এনে মাইকৰ শব্দই নিৰৱতা ভংগ কৰে আৰু অশান্তি বাতাবৰণৰ সৃষ্টি কৰে। 




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক -- দুদুল সোণোৱাল। 


++++++++++++++++++++++++++++++++

Saturday, October 30, 2021

কবিতাৰ পদূলি উদুলি মুদুলি । Poem is my heart 💖💖💓💓

হাঁহখাটী

লুইতৰ পাৰৰ তই এটি পথৰুৱা ঘাত 
বানে ধোৱা তোৰ বুকুত সহস্ৰজনৰ 
সেউজময় সপোন দুৰ্বাৰ আশা-নিৰাশা
ভাঙে গঢ়ে,গঢ় লয় কুতুবমিনাৰ সদৃশ মনত
লহপহকৈ বাঢ়ে সোণোৱালী শাশ্বত সপোন
অহনিৰ্শে অবিৰাম
হাঁহখাটী ! লুইতৰ পাৰৰ এটি নাম
ঠিকনা বিহীনৰ এটা বাখৰুৱা ঠিকনা ।

শাওন আহে দুপাখি মেলি
ওন্দোলাই কাজল কাজল মেঘ
সপোন ৰচে সুৰ সুৰ বৰষুণৰ মাদলত
পিতাইৰ কপালৰ কেঁচা ঘাম মাটিত পেলায়
বিবৰ্ণ দুহাতেৰে কৰ্ষণ কৰি নাঙলৰ সীৰলুৰে
বুটলি আনে কাংক্ষিত সোণৰ সীতা 
সময় উৰি যায় পমুৱা তোলা হৈ 
বাৰেৰহনীয়া মনৰ সীমনাত
আহিনৰ স্পৰ্শত গেৰ ধৰে পিতাইৰ সপোন 

আঘোণ ! 
আঘোণ আহে নিৰৱে শৰতৰ বুকুত খামোচি
দাৱনীৰ দুহাতত ৰূপান্তৰিত হয়
মামৰে ধৰা খহটা কাঁচি
এভঁৰাল হয় পিতাইৰ সোণোৱালী সপোন ;
মায়াভৰা সময়ৰ সপোন ভঙা গঢ়াৰ খেল
তোৰ বুকুৱে বুকুৱে অহনিৰ্শে, নিৰন্তৰে 

প্ৰতিনিয়ত তোৰ বুকুত এডোখৰ কেঁচা ঘা
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বিৰহ বেদনা
কোনেনো বুজিব মহঙা দিনৰ মহঙা খবৰ
উৱলিব ধৰা সপোনৰ এটা নিখুঁত গল্প
ৰজাঘৰীয়াই ! এতিয়া ৰজাঘৰীয়া নিমগ্ন 
নিয়ন লাইটৰ পোহৰত উদ্দাম নৃত্য
প্ৰজা আৰু ৰজাৰ দৰদাম ক্ষমতালিপ্সু 
তেজপিয়া লুভীয়া নীলবৰণীয়া শিয়াল

হে সপোন সম্ভৱা হাঁহখাটী !

প্ৰসাৰিত কৰি দে অকুণ্ঠচিত্তে তোৰ দুহাত
বিশ্বাস আৰু বৈষম্যহীন সময়ৰ স'তে
লুকাভাকু খেলিব পৰাকৈ 
আকোঁৱালি ল'ব পৰাকৈ
ইজনে সিজনক আকুলতাৰে
বিৰামহীনভাৱে বাজি থাকক সুদূৰত
কানাই সুৰীয়া মুৰুলী

হে ঋতুমতী গাভৰু হাঁহখাটী ! তুমি অনন্যা 

বিবৰ্ণ মোৰ দুহাতেৰে 
তোমাক শতবাৰ নমস্কাৰ।
তোমাক শতবাৰ নমস্কাৰ।।


আবৃত্তি : zonal meet
             Hahkhat Girls M, E. School.
             Date: 27/09/2015 



আঁউসী সময়


এদল ক্ষুধাতুৰ মানুহৰ আৰ্তনাদত 
উচুপি উঠে প্ৰতিটো প্ৰহৰ ইয়াত
ডিঙিৰ দুগদুগী সৰে নিজান দুপৰীয়া
ম্লান পৰে চৰাই চুবুৰী হাইতাল বুলীয়া সময়
ইয়াত তেজৰ দাম নাই,নাই মৃত্যুৰ
প্ৰতিনিয়ত মানৱৰ মঙহেৰে ভোজভাতৰ আখৰা
কিম্বা'দুৰ্যোধন'ৰ নিৰ্মম আঘাতত
শেষ হয় ৰ'দঘাই ওঁঠৰ এমোকোৰা হাঁহি
শেষ হয় দ্বীপ্তিময় উজ্বল নীলাকাশ
নিৰ্দয়তাত

ভোকাতুৰ মানুহৰ আৰ্তনাদত নগ'লে 
শিলহেন কপৌৰ মমৰ কলিজা
অভিনীত চেনেহ কিম্বা
এ,,চি কক্ষৰ সোণগুঁইৰ স্বপ্নৰ বিলাসী সজ্জা
সম্প্ৰতি সময় হাতে হাত ধৰাৰ
লোৱা কাঁচি আৰু হাতুৰী দূপৰ বেলা
নাশিবলে' 
ফোপোলা মানুহৰ ট ট কাউৰীৰ চকু

এতিয়া সময় লুইতত মেলি দিয়া দুহাত
প্ৰসাৰিত কৰি শুকুলা ৰহন পালতৰা এখনি নাওঁ
প্ৰতীক্ষাৰ অন্তত দগ্ধ হিয়াৰ সীমনাত
উপনীত হ'বলে' এটা হিৰণ্ময় পুৱাত ।।


প্ৰকাশিত : ন-দিহিং 
মে-ডাম-মে-ফি উপলক্ষে বাৰ্ষিকভাৱে প্ৰকাশিত 'স্মৃতি গ্ৰন্থ' । তৃতীয় প্ৰকাশ : ২০০৯ চন।




Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts