উলুখেৰ কি ?
What is the 'Thatching Grass' ?
Scientific name-- Imperata Cylindrica-- Blady Grass, Cogon Grass.
উলুখেৰ হ'ল এবিধ খেৰ যি মানুহে ঘৰৰ চালচোৱা (roof maintenance) কামত ব্যৱহাৰ কৰে। ই এবিধ বন জাতীয় উদ্ভিদ। ইয়াৰ পাতবোৰ দীঘলীয়া আৰু কোমল । এক বা দেৰ চেণ্টিমিটাৰ পৰ্যন্ত বহল হয়। কুমলীয়া অৱস্থাত উলুৰ ৰং পাতল সেউজীয়া ৰঙৰ আৰু পূৰঠ হ'লে ডাঠ সেউজীয়া হয়। ইয়াক কাটি অনাৰ পাছত ৰঙা ৰঙলৈ পৰিবৰ্তন হয়। উলুখেৰৰ পাতৰ দৈৰ্ঘ্য প্ৰায় পাঁচৰ পৰা আঠ ফুট পৰ্যন্ত হোৱা দেখা যায়। সেমেকা ঠাইত এই উদ্ভিদ গজে। প্ৰকৃততে ই এবিধ বনৰীয়া উদ্ভিদ।
উলুখেৰ গছ, চাপৰি বা খেৰণিৰ মাজে মাজে দেখা যায়, পাত বোৰ খেৰৰ পাতৰ লগত একেই, সাধাৰণতে বসন্ত কালত উলু ফুলিবলৈ ধৰা দেখা যায়, উলু ফুল ধুনীয়া আৰু বগা ৰঙৰ হয়। মাজ অংশৰ পৰা দীঘল ঠাৰি এডাল ওলাই ঠাৰি ডালৰ মুৰত এথোপা বগা ফুল ফুলে। দূৰৰ পৰা খুব সুন্দৰ দেখি।
মানুহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ঘৰৰ বাৰীত আনি লগাই লোৱা দেখা যায়। এবাৰ এই উদ্ভিদ লগালে আৰু মৰি নাযায় আৰু পিছলৈ নিজে নিজে বাঢ়ি গৈ থকাহে পৰিলক্ষিত হয়। আজিৰ পৰা বিশ পঁচিশ বছৰৰ আগতে এই খেৰৰ অন্ত্যন্ত বেছি খেতি কৰা হৈছিল। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস 'অন্তৰীপ'ত উলুখেৰৰ ব্যৱসায়ৰ সম্পৰ্কে উল্লেখ কৰা আছে। তেতিয়াৰ দিনত উলুখেৰৰ মূল্য যথেষ্ট আছিল আৰু ই অতি লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছিল। কিন্তু সময় অতিবাহিত হোৱা লগে লগে ইয়াৰ ব্যৱহাৰ দিশত কিছু হ্ৰাস হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে ইয়াৰ মূল্যও হ্ৰাস হ'ল। আধুনিক যুগত ধাতুৰে নিৰ্মিত টিনপাতৰ প্ৰয়োভৰৰ ফলত আজি উলুখেৰ বিলুপ্তিৰ পথত পৰ্যবসিত হৈছে।
উলুখেৰৰ খেতি এক লাভজনক খেতি হিচাপে পৰিগণিত আছিল। কিন্তু সময়ৰ চাকনৈয়াত এই খেৰৰ ব্যৱহাৰ বহু পৰিমাণে কমি আহিছে। নগৰীয়া এলেকাত ইয়াৰ ব্যৱহাৰ একেবাৰে শেষ হৈছে বুলিলেও অত্যুক্তি কৰা নহয়। আজিকালি গ্ৰাম্য সমাজতো ইয়াৰ ব্যৱহাৰ টুটি আহিল। কিছুমান গাওঁৰ দুই এঘৰ ঘৰহে খেৰেৰে সঁজা দেখা যায়। নব্বৈ দশকৰ আশে-পাশে এই খেৰৰ ব্যৱহাৰ ব্যাপক হাৰত হৈছিল। সেয়েহে এই সময়ছোৱাত ইয়াৰ দামো আছিল যথেষ্ট। এহাজাৰ উলুখেৰৰ মূল্য আছিল ১২-১৫ শ পৰ্যন্ত। সেয়ে তেতিয়া এই খেৰ বিক্ৰীৰ বাবে এক শ্ৰেণীৰ ঠিকাদাৰৰ জন্ম হৈছিল। সাধাৰণ মানুহে এই ঠিকাদাৰৰ পৰা খেৰ কিনিবলগীয়া হৈছিল। ক্ৰমান্বয়ে মানুহৰ ঘৰৰ চালত টিনপাত লগোৱাৰ ফলত ইয়াৰ উৎপাদন , ব্যৱসায় আৰু ব্যৱহাৰ কমি আহিল।
আজিৰ নতুন প্ৰজন্মৰ বহুতেই উলুখেৰৰ নামকে হয়তো শুনা নাই, ব্যৱহাৰ কথা বাদেই দিলোঁ।
ইয়াৰ ব্যৱহাৰ ?
উলু খেৰ আজিৰ পৰা নব্বৈ দশকৰ সময়ছোৱাত ব্যাপক হাৰত বিভিন্ন ঘৰৰ চাল চোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তৎকালীন সময়ত চৰকাৰী কাৰ্যালয়, বিদ্যালয় গৃহ, আবাস গৃহ , পোহনীয়া পশু-পক্ষীৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত টিনপাতৰ সলনি উলুখেৰে চাল চোৱাৰ ব্যৱস্থা কৰিছিল। উলুখেৰৰ চালৰ বহনক্ষম যোগ্যতা বহু দিনলৈ থাকে। এবাৰ ঘৰৰ চাল উলুখেৰেৰে দুই তিনি ইঞ্চি মান ডাঠকৈ চালে প্ৰায় তিনি- পাঁচ বছৰলৈ নিচিন্ত হ'ব পাৰি। অৰ্থাৎ তিনি চাৰি বছৰ পানী ধৰি ৰখাৰ ক্ষমতা উলুখেৰৰ আছে।
সাধাৰণতে খেৰী ঘৰ প্ৰকৃতিৰ বাবে আৰু সু-স্বাস্থ্যৰ বাবে অতি উপযোগী। উলুখেৰেৰে চাল দিয়া ঘৰত দৰাচলতে ঠাণ্ডা হয়। সেয়ে গৰমৰ দিনত ই মানুহৰ স্বাস্থ্যৰ সুৰক্ষাত অৰিহণা যোগায়। এনে ঘৰত বসবাস কৰিলে অতিপাত গৰমৰ পৰা ৰক্ষা পাব পাৰি আৰু গৰমৰ ফলত প্ৰাৰ্দুভাৱ হোৱা বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰা যায়। তদুপৰি এই খেৰৰ পৰা কোনো ধৰণৰ অপকাৰী গেছৰ উৎপন্ন নহয়। যাৰ বাবে গোলকীয় উষ্ণতা ৰোধৰ ক্ষেত্ৰত ই ইতিবাচক প্ৰভাৱ পেলাই ।
কিন্তু খেৰী চাল (roof) যুগমীয়া নহয় বাবে ইয়াক সকলোৱে পৰিত্যাগ কৰা দেখা যায়। অৱশ্যে আমাৰ সমাজত বৰলোকৰ মনত এটা গপচ ভাৱ থকাৰ বাবে হওঁক বা আন কোনো কাৰণতে হওঁক এনে খেৰৰ ঘৰ সঁজাতকৈ টিনপাত দি সঁজাৰ আগ্ৰহ বেছি।
বিলুপ্তিৰ কাৰণ :
উলুখেৰ বিলুপ্তি ঘটাৰ একমাত্ৰ কাৰণ হ'ল মানুহে কম ব্যৱহাৰ কৰা। খেৰী ঘৰৰ সলনি বহু দিনলৈ স্থায়িত্বৰ গুণ থকা ধাতুৰে নিৰ্মিত টিনপাতৰ ব্যৱহাৰ বহুলভাবে হোৱাৰ ফলত উলুখেৰৰ জনপ্ৰিয়তা হ্ৰাস পায়। ৰ'দ, বৰষুণ, বতাহ-ধুমুহা আদিৰ পৰা ৰক্ষা পাবলৈ মানুহে ঘৰ সাজে, কিন্তু খেৰেৰে সঁজা ঘৰৰ চাল বতাহ ধুমুহাই সহজতে উৰুৱাই নিয়ে যাৰ বাবে খেৰ এৰি যেনতেন হ'লেও টিনপাত কিনি চাল লগোৱাৰ মানসিকতা সৃষ্টি হ'ল আৰু ইয়াৰ ফলত উলুখেৰৰ জনপ্ৰিয়তা আৰু ব্যৱহাৰ কমি আহিল। ফলত মানুহে বা খেতিয়কে উলুখেৰৰ খেতি কৰা বন্ধ কৰিলে আৰু যিবা অলপ অচৰপ আছিল সেয়াও তত্বাৱধানৰ অভাৱত উৎপাদনৰ যৱনিকা পৰিল। সেয়ে আজি আমাৰ অতি পৰিচিত খিলঞ্জীয়াৰ আপোন গোন্ধ নিহিত থকা উলুখেৰ আমাৰ সমাজৰ পৰা বিলুপ্তিৰ পথত পৰ্যবসিত হ'ল। হয়তো এদিন উলুখেৰ কেৱল ডাঠ অৰণ্যতহে বিচাৰি পোৱা যাব।
সামৰণি
টিনপাত ঘৰত লগাই আমি নিৰাপদ হলো হয়, কিন্তু ইয়াৰ অত্যাধিক ব্যৱহাৰৰ জৰিয়তে আমি জলবায়ুলৈ মাতি আনিলো এক ভয়াবহ বিপদ। পকীঘৰ আৰু টিনপাতৰ উৎকট গৰমে জলবায়ুৰ গোলকীয় উষ্ণতাত প্ৰত্যক্ষ প্ৰভাৱ পেলালে। যাৰফলত সেউজগৃহ গেছৰ সৃষ্টি হৈছে। বৰষুণ, বতাহ-ধুমুহা ক্ষেত্ৰত তাৰতম্য দেখা দিলে। এনেবোৰ কাৰণতে উলুখেৰৰ ঘৰ অতি উপযোগী বসবাস যোগ্য বুলি গণ্য কৰিব পৰা যায়।
পঢ়ি চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
+++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com