Wednesday, July 21, 2021

তথ্যৰ ব্যৱহাৰ কিদৰে কৰা হয় ?

তথ্যৰ ব্যৱহাৰ :

তথ্য কি ? What is 'data handling' ?


তথ্য হ'ল কোনো বিষয়ত সংগ্ৰহ কৰা প্ৰমাণৰ তালিকা। আমাৰ দৈনন্দিন জীৱনত বিভিন্ন বিষয়ত ভিন ভিন কাৰণত সত্যাসত্য নিৰূপনৰ বাবে বা প্ৰকৃত বাৰ্তা পাবৰ বাবে অধ্যয়ন কৰা হয়। এই অধ্যয়নৰ জৰিয়তে প্ৰকৃত বাৰ্তাবোৰ লিপিবদ্ধ কৰি সম্ভেদ উলিওৱা হয়। এই প্ৰকৃত সম্ভেদকেই তথ্য বুলি কোৱা হয়।যেনে-- তোমাৰ গাঁৱৰ বিষয়ে সম্পূৰ্ণ শুদ্ধভাৱে জানিবলৈ হ'লে তুমি গাঁৱত বাস কৰা মানুহবিলাকৰ সম্পৰ্কে ভালদৰে জানিব লাগিব। সম্ভেদ উলিয়াবলৈ প্ৰকৃত বাৰ্তাবোৰ সংগ্ৰহ কৰিব লাগিব, লিপিবদ্ধ কৰিব লাগিব। ইয়াৰ বাবে কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰা দৰকাৰ। উদাহৰণস্বৰূপে-- (ক) তোমাৰ গাঁৱখনত কিমান সংখ্যক মানুহে বাস কৰে ?
(খ) পুৰুষৰ সংখ্যা আৰু মহিলাৰ সংখ্যা কিমান ? 
(গ) ৫ বছৰৰ তলৰ শিশুৰ সংখ্যা কিমান ?
(ঘ) ৬০ বছৰৰ ওপৰৰ মানুহৰ সংখ্যা কিমান ?
(ঙ) গাঁৱখনত কিমান সংখ্যক নিৰক্ষৰ মানুহ আছে ?
(চ) দশম শ্ৰেণী উত্তীৰ্ণ হোৱা মানুহৰ সংখ্যা কিমান আছে ?    আদি প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হ'লে গাঁৱখনৰ প্ৰতি ঘৰত গৈ মানুহৰ পৰা প্ৰকৃত খবৰ সংগ্ৰহ কৰিব লাগিব আৰু এইদৰে সংগ্ৰহ কৰা তালিকাখনেই  হ'ব গাঁৱখনৰ তথ্য। তথ্য সংগ্ৰহৰ আৰ্হি তালিকা ইয়াত উল্লেখ কৰা হ'ল। 

 আৰ্হি তালিকা-১

ক্ৰ. নং | সদস্য-সদস্যাৰ নাম | বয়স | লিংগ | শিক্ষাগত অৰ্হতা

আৰ্হি তালিকা--২

১/ গাওঁখনৰ মুঠ জনসংখ্যা 600 জন ।
২/ পুৰুষৰ সংখ্যা 375 জন আৰু মহিলাৰ সংখ্যা 225 জন।
৩/ নিৰক্ষৰ মানুহৰ সংখ্যা 70 জন।
৪/ দশম শ্ৰেণী উত্তীৰ্ণৰ সংখ্যা 210 জন।
৫/ নৱম শ্ৰেণী উত্তীৰ্ণৰ সংখ্যা 320 জন।
৬/ 60 বছৰ ওপৰৰ মানুহৰ সংখ্যা 350 জন 

এনেকৈ তালিকাকৰণ কৰি প্ৰকৃত বাৰ্তা বা কথাবোৰ লিপিবদ্ধ কৰা হয়। ইয়াকে গণিতত তথ্য বুলি কোৱা হয়। এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ গাঁৱৰ তথ্য সংগ্ৰহ কৰি লিপিবদ্ধ কৰিব পাৰা। 

তথ্যৰ ব্যৱহাৰ (Data Handling) :

সংগ্ৰহ কৰা তথ্যসমূহ তুমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰা। সেয়া তোমাৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰে। সংগৃহীত তথ্যসমূহ আমি প্ৰথমে শৃংখলাবদ্ধ ভাৱে সংগঠিত কৰি ল'ব লাগে আৰু তাৰপাছত উদ্দেশ্য অনুযায়ী বিশ্লেষণ কৰিব লাগে।তথ্য ব্যৱহাৰ উদাহৰণ
ক/ শ্ৰেণীকোঠা সন্মুখীন হোৱা তথ্য সমূহ ।
খ/ বাস্তৱ জীৱনত সন্মুখীন হ'ব পৰা তথ্য সমূহ ।
গ/ছাত্ৰ ছাত্ৰীৰ মূল্যায়নৰ তথ্য সমূহ .. আদি বহুতো উদাহৰণ আছে। 

বিদ্যালয় সম্পৰ্কীয় আৰু কিছুমান উদাহৰণ হ'ল : 


ক/ মধ্যাহ্ন ভোজনৰ হিচাপ-নিকাচৰ তথ্য সমূহ। 
খ/ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ কি ৰঙৰ চকু আছে তাৰ এক তালিকা (টেলী চাৰ্ট) সৃষ্টি কৰা।
গ/এটা শ্ৰেণীত কিমান জন ল'ৰা আৰু ছোৱালী আছে দেখুৱাবলৈ পাই চাৰ্ট এখন অংকন কৰা।        সংগৃহীত তথ্যসমূহ লেখৰ সহায়ত উপস্থাপন কৰা হয়। 

লেখৰ প্ৰকাৰ (Types of Graph) :

   (i) সচিত্ৰ লেখ (Pictograph)
   (ii) দণ্ডলেখ (Bar Graph)
  (iii) দ্বৈত দণ্ড লেখ ( Double Bar Graph)
  (iv) স্তম্ভলেখ (Histogram)
  (v) বৃত্তলেখ বা বৃত্তচিত্ৰ (Circle Graph or Pie                                              Chart)
  (vi) ৰেখা লেখ ( Line Graph)
  (vii) ৰৈখিক লেখ ( Linear Graph)

লেখবিলাকৰ সম্পৰ্কে বহলাই আলোচনা:


(i) সচিত্ৰ লেখৰ ধাৰণা (Concepts of  Pictograph):

  প্ৰতীক ব্যৱহাৰ কৰি তথ্য উপস্থাপন কৰা লেখক সচিত্ৰ লেখ বোলা হয়। এটা সচিত্ৰ লেখে বিভিন্ন বস্তুৰ চিত্ৰৰ জৰিয়তে তথ্য উপস্থাপন কৰে। এনেধৰণৰ লেখে মূহূৰ্ত্ততে তথ্যৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰে।যেনে - কিতাপ বুজাবলৈ কিতাপৰ প্ৰতীক, গৰু বুজাবলৈ গৰুৰ প্ৰতীক, মানুহ বুজাবলৈ 'M' ৰ প্ৰতীক ব্যৱহাৰ কৰি তথ্য উপস্থাপন কৰিব পৰা যায়।

উদাহৰণ-১

কোনো এটা শ্ৰেণীৰ ২৫ জন ছাত্ৰ-ছাত্ৰীৰ কোনটো বাৰত কিমানজনৰ জন্ম হৈছিল তাৰ সচিত্ৰ লেখ উদাহৰণত দিয়া হ'ল। 

সচিত্ৰ লেখ অংকণ কৰিবৰ বাবে তোমাক তথ্য দিয়া থাকিব লাগিব। প্ৰদত্ত তথ্যখিনি সংগঠিতকৰণ কৰিলে সচিত্ৰ লেখ পাব পাৰি। তথ্যত দিয়া থকা সংখ্যাবোৰ প্ৰতীকেৰে প্ৰকাশ কৰিবলৈ এটা প্ৰতীকত কিমান ধৰা হ'ব সেইটো নিৰ্দ্ধাৰণ কৰি ল'ব লাগে।যেনে : 100 টা আপেলক সচিত্ৰ লেখত উপস্থাপন কৰিব লাগে। প্ৰথমে তুমি এটা আপেলৰ প্ৰতীকেৰে কেইটা আপেলক বুজাবা সেইটো নিৰ্দ্ধাৰণ কৰিব লাগে। 1টা আপেলেৰে 1টা আপেলক বুজালে তুমি তেনেকুৱা 100 টা আপেলৰ প্ৰতীক আঁকিব লাগিব, যিটো সম্ভৱ নহয়। সেয়ে এটা প্ৰতীকেৰে বেছি সংখ্যক আপেলক বুজাব লাগিব যাতে কমকৈ আপেলৰ প্ৰতীক আঁকিব লগীয়া হয়। এটা আপেলৰ প্ৰতীকেৰে যদি 20 টা আপেলক বুজোৱা হয় তেন্তে তুমি কেৱল 5 টা আপেল আঁকি 100 টা আপেলক সচিত্ৰ লেখত উপস্থাপন কৰিব পাৰা। অৰ্থাৎ সচিত্ৰ লেখত এনেধৰণৰ হ'ব-- 

(ii) দণ্ডলেখৰ ধাৰণা ( Concepts of Bar graph)


নিৰ্দ্ধাৰিত মানৰ সমানুপাতিক উচ্চতাবিশিষ্ট আৰু একে সমান প্ৰস্থৰ দণ্ড ব্যৱহাৰ কৰি তথ্য উপস্থাপন কৰা লেখক দণ্ডচিত্ৰ বা দণ্ডলেখ বুলি কোৱা হয়। সমান প্ৰস্থৰ দণ্ড সমান ব্যৱধানত আনুভূমিকভাৱে বা উলম্বভাৱে আঁকিব পাৰি আৰু প্ৰতিটো দণ্ডৰ দৈৰ্ঘ্যই প্ৰদত্ত সংখ্যাটোৰ মানক বুজায়।
    দণ্ডচিত্ৰৰে কোনো তথ্যক উপস্থাপন কৰিবলৈ হ'লে তলৰ স্তৰসমূহ বা নিয়মসমূহ অনুসৰণ কৰিব লাগে। 
স্তৰ-১ : দুডাল লম্বৰেখা প্ৰথমে অংকণ কৰিব লাগে-- এডাল আনুভূমিক দিশত আৰু আনডাল উলম্ব দিশত। যেনে : 

স্তৰ-২: আনুভূমিক দণ্ডক X অক্ষ (বা দণ্ড ) আৰু উলম্ব দণ্ডক Y অক্ষ (বা দণ্ড) বুলিও কোৱা হয়।
স্তৰ-৩ : আনুভূমিক দিশৰ দণ্ডত প্ৰদত্ত তথ্যখিনিৰ বিষয়বস্তু আৰু উলম্ব দিশৰ দণ্ডত প্ৰদত্ত তথ্যখিনিৰ সাংখ্যিকমানবোৰ উপস্থাপন কৰা হয়।
স্তৰ-৪ : প্ৰতিটো বিষয় তথ্যক উপস্থাপন কৰিবৰ বাবে স্কেল নিৰ্ধাৰণ কৰিব লাগে। অৰ্থাৎ এক এককত ধৰা মানটো নিৰ্ধাৰণ কৰিব লাগে যাক স্কেল বুলি কোৱা হয়।
স্তৰ-৫ : আনুভূমিক আৰু উলম্ব দণ্ডক স্কেলেৰে সমানে ১ ছেণ্টিমিটাৰ জোখত বিভক্ত কৰি ল'ব লাগে। ১ ছেণ্টিমিটাৰ জোখক ১ একক বুলি কোৱা হয়।
স্তৰ-৬ : তথ্যখিনিত থকা ডাঙৰ সংখ্যাটোক এক এককত ধৰা সংখ্যাটোৱে হৰণ কৰিলে Y দণ্ডত কিমানটা দাগ কাটিব লাগিব সেয়া নিশ্চিত কৰিব পাৰি।
স্তৰ-৭ : প্ৰথম এক একক এৰি পৰবৰ্তী এক এককত দণ্ডডাল অংকন কৰিব লাগে। এনেদৰে এক এককৰ ব্যৱধানত আন দণ্ডবিলাক অংকণ কৰিব লাগে।
স্তৰ-৮ : দণ্ড চিত্ৰৰ বাবে দিয়া তথ্যত দুটা ভাগ থাকে-- এটা বিষয়বস্তু আৰু আনটো বিষয়বস্তুৰ বিপৰীতে সাংখ্যিকমান। যেনে-- তথ্যৰ নমুনা এনেধৰণৰ হ'ব --> এখন বিদ্যালয়ৰ যোৱা পাঁচটা বছৰৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তালিকাত দিয়া ধৰণৰ -

বছৰ           |     ছাত্ৰ ছাত্ৰীৰ সংখ্যা

2014          |         250
2015          |         330
2016          |         300
2017          |          280
2018          |          450

স্তৰ- ৯ :  স্তৰ -৮ ত সন্নিবিষ্ট তথ্যৰ দণ্ডলেখত উপস্থাপন । তথ্যত থকা আটাইতকৈ ডাঙৰ সাংখ্যিকমান হ'ল 450 । সেয়ে 450 ক এক এককত ধৰা সংখ্যাটোৱে হৰণ কৰিলে যিমান মান পাবা, সেই অনুসৰি উলম্ব দণ্ডত দাগ কাটিব লাগিব বা সিমানটা এক একক ল'ব লাগিব। ইয়াত এক এককত 50 ধৰিলে  450 ÷ 50 = 9 পোৱা যায়। গতিকে  Y অক্ষত 9 + 1= 10 টা এক একক আঁকিব লাগিব। মনত ৰাখিবা ডাঙৰ সংখ্যাটো পাবৰ বাবে যিমানটা এক এককৰ প্ৰয়োজন হয় তাতকৈ এটা এক একক বেছিকৈ উলম্ব দণ্ডত অংকণ কৰিব লাগে।

সমাধান 
দণ্ডলেখ অংকণ 

(iii) দ্বৈত দণ্ড লেখ ( Double Bar Graph) : 

দুই ধৰণৰ তথ্যক একেলগে তুলনা কৰি দণ্ড চিত্ৰৰ সহায়ত প্ৰকাশ কৰিব পৰা যায়। যদি দুই ধৰণৰ তথ্যক দুডাল লগালগিকৈ অংকণ কৰা দণ্ডৰে তথ্যখিনি প্ৰকাশ কৰা হয়, তেন্তে তেনে দণ্ডলেখক দ্বৈত দণ্ডলেখ বুলি কোৱা হয়। দ্বৈত দণ্ডলেখেৰে দুটা সংগৃহীত তথ্যক তুলনা কৰিবলৈ সুবিধা। এনে লেখৰ বাবে তথ্যখিনি তিনিটা ভাগত দিয়া থাকে।( (ক) বিষয়বস্তু, (খ) বিষয়বস্তুৰ বিপৰীতে প্ৰথম বিষয়ৰ সাংখ্যিকমান , (গ) বিষয়বস্তুৰ বিপৰীতে দ্বিতীয় বিষয়ৰ সাংখ্যিকমান।  উদাহৰণস্বৰূপে -

                                  প্ৰাপ্ত নম্বৰ

নাম                    গণিত             অসমীয়া

গণেশ                   16                 14                  
উৰ্মিলা                  12                 15
পাহাৰী                  15                 12
তনুজ                    13                 14
মধুমিতা                 10                 15

উল্লেখিত তথ্যৰ সহায়ত দ্বৈত দণ্ডলেখ অংকণ :

 (iv) স্তম্ভলেখ (Histogram) :


অবিচিন্ন শ্ৰেণীবিভাজন অনুসৰি তথ্যবোৰ প্ৰকাশ কৰিব পৰা বা উপস্থাপন কৰিব পৰা লেখক স্তম্ভলেখ বোলা হয়। স্তম্ভলেখৰ দণ্ড বা স্তম্ভবোৰ এটাৰ লগত আনটো লগলাগি থাকে। এই লেখৰ বাবে তথ্যখিনি শ্ৰেণী অন্তৰালত ( class interval) দিয়া থাকে। 
   স্তম্ভলেখৰ লেখৰ বাবে তথ্যৰ গোট অসংগঠিত ৰূপত থাকে। বাৰংবাৰতা বিভাজন তালিকাৰ সহায়ত তথ্যখিনি সজাই ল'ব লাগে।

তথ্যৰ গোট কি ?

প্ৰদত্ত তথ্যখিনি কিছুমান শব্দৰ, আখৰৰ বা সংখ্যাৰ হ'ব পাৰে। তথ্যৰ গোটত থকা প্ৰতিটো মানক পৰ্যবেক্ষণ বা প্ৰবিষ্টি বোলা হয়। যেনে--> 
(ক) এদল ছাত্ৰ-ছাত্ৰীৰ সিহঁতে ভালপোৱা খেলৰ তথ্যসমূহ হ'ল এনেধৰণৰ -- ক্ৰিকেট, ক্ৰিকেট, ফুটবল,হকী,হকী,ফুটবল, কাবাডী, ফুটবল
,হকী ,ফুটবল,হকী, ক্ৰিকেট, ক্ৰিকেট, ক্ৰিকেট, ক্ৰিকেট, ফুটবল, হকী, কাবাডী, কাবাডী, ক্ৰিকেট, ফুটবল, হকী, কাবাডী, কাবাডী, ক্ৰিকেট, ফুটবল।
(খ) 40 জন মানুহৰ বয়স তলত দিয়া ধৰণৰ --
12, 5 ,9, 7, 17, 20, 22, 27, 12, 12, 12, 5, 9, 10, 5, 5, 9, 9, 20, 17, 22 ,22, 27, 22, 27, 9, 10, 20, 20, 17, 17, 20, 22, 5, 5, 7, 7 ,9 ,6 ,8.

(ক) আৰু (খ) ত দিয়াবোৰেই হ'ল তথ্যৰ গোট। এই তথ্যৰ গোটক"বাৰংবাৰতা বিভাজন তালিকা" ৰ সহায়ত তথ্য সংগঠিতকৰণ কৰা হয়।

বাৰংবাৰতা বিভাজন তালিকা (Group Frequency Distribution Table):

বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুতৰ নিয়ম :-
(i) প্ৰতিটো গোট বা প্ৰদত্ত তথ্যখিনিক প্ৰথমে শ্ৰেণী অন্তৰালত বিভক্ত কৰি ল'ব লাগে।
(ii) শ্ৰেণী অন্তৰাল প্ৰশ্নটোত উল্লেখ কৰা থাকে।যদি উল্লেখ নাথাকে তেন্তে তথ্যৰ পৰা ডাঙৰ আৰু সৰু প্ৰবিষ্টি কেইটা বাচি উলিয়াব লাগে।
(iii) সৰু প্ৰবিষ্টি অনুসৰি শ্ৰেণী অন্তৰাল লোৱা হয়। ধৰা, সৰু তথ্য 6 , তেন্তে শ্ৰেণী অন্তৰাল আৰম্ভ হ'ব 0--10, 10--20, 20--30, -- আদি। ইয়াত 0 আৰু 10 ৰ মাজৰ চিনডালে "পৰা" বুজাইছে, বিয়োগ চিন নহয়।
(iv) শ্ৰেণী অন্তৰালৰ প্ৰথমটো মানক নিম্নসীমা আৰু দ্বিতীয়টো মানক উচ্চসীমা বোলা হয়। যেনে- 0--10 গোটৰ 0 হ'ল নিম্ন সীমা আৰু 10 হ'ল উচ্চ সীমা।
(v) যিকোনো অন্তৰালৰ উচ্চসীমাৰ সমান প্ৰবিষ্টিটো পৰৱৰ্তী শ্ৰেণী অন্তৰালত অন্তৰ্ভুক্ত হয়। অৰ্থাৎ 0--10 শ্ৰেণী অন্তৰালৰ উচ্চসীমাৰ সমান প্ৰবিষ্টিটো 10 পৰৱৰ্তী শ্ৰেণী অন্তৰাল 10--20 ৰ মাজত থাকিব।
(vi) এটা শ্ৰেণী অন্তৰালৰ উচ্চসীমা আৰু নিম্নসীমাৰ মাজৰ পাৰ্থক্যক বিস্তাৰ বা শ্ৰেণীদৈৰ্ঘ্য (width) বোলা হয়। যেনে-- 10--20 ৰ শ্ৰেণীদৈৰ্ঘ্য হ'ব  20--10 =10 , 20--30 ৰ শ্ৰেণীদৈৰ্ঘ্য  হ'ব
30--20 = 10 , ... আদি। 
(vii) শ্ৰেণী অন্তৰালবিলাকৰ শ্ৰেণীদৈৰ্ঘ্য বা বিস্তাৰ সদায় সমান।
(viii) বাৰংবাৰতা বিভাজন তালিকাখনত তিনিটা ভাগ থাকে। ১/ শ্ৰেণী অন্তৰাল , ২/ দাগচিহ্ন , ৩/ বাৰংবাৰতা । উদাহৰণ (খ) ৰ তথ্যবোৰ বাৰংবাৰতা বিভাজন তালিকাত প্ৰকাশ কৰিলে তলৰ তালিকাখন পোৱা যাব। > 

*** মনত ৰাখিবা :

 ১/  '|' দাগচিহ্নই এজনক বুজায়।
২/   || দাগচিহ্নই দুজনক বুজায়।
৩/ ||| দাগচিহ্নই তিনিজনক বুজায় ।
৪/  |||| দাগচিহ্নই চাৰিজনক বুজায় ।
৫/ পাচঁডাল বুজাবলৈ |||| ডাল আঁকি এডালেৰে মাজতে কাটি দিয়া হয়।
৬/ মুঠ দাগচিহ্নিই মুঠ তথ্যৰ কথা বুজায়।

স্তম্ভলেখ অংকণৰ নিয়ম:

(ক) প্ৰথমে তথ্যখিনিক বাৰংবাৰতা বিভাজন তালিকাৰ সহায়ত সংগঠিতকৰণ কৰিব লাগে।
(খ) দ্বিতীয়তে লেখ কাগজত বা সমতলীয় বহীত X-অক্ষ আৰু Y-অক্ষ লম্বভাৱে অংকণ কৰিব লাগে।
(গ) Y-অক্ষত বাৰংবাৰতাৰ মানবোৰ আৰু X-অক্ষত শ্ৰেণী অন্তৰাল বহুৱাব লাগে।
(ঘ) X-অক্ষ আৰু Y-অক্ষক এক একক জোখত স্কেলেৰে ভাগ কৰি ল'ব লাগে।
 (ঙ) X-অক্ষ আৰু Y-অক্ষই কটাকটি কৰা 0 বিন্দুৰ পৰা এক একক এৰি দ্বিতীয় এক এককৰ পৰা স্তম্ভলেখ অংকণ কৰা হয় । অৱশ্যে 0 বিন্দুৰ পৰাও অংকণ কৰিব পাৰি।
(চ) প্ৰতি এক এককৰ বাওঁফালৰ বিন্দুত নিম্নসীমা আৰু সোঁফালৰ বিন্দুত উচ্চসীমা উপস্থাপন কৰা হয়। 
(ছ) Y-অক্ষত বাৰংবাৰতাৰ মানবোৰ বহুৱাবলৈ বাৰংবাৰতাৰ ডাঙৰ মানটোৰ অনুসৰি স্কেল নিৰ্ধাৰণ কৰিব লাগে। ( স্কেল লোৱাৰ নিয়ম দণ্ডলেখ অংকণত শিকোৱাৰ দৰে একে হ'ব ।

তথ্য প্ৰস্তুত প্ৰণালী :

  * প্ৰথমতে অসংগঠিত তথ্যখিনি লিখি ল'ব লাগে। * তাৰপাছত প্ৰতি শ্ৰেণী অন্তৰালত কিমান জন বা কিমান তথ্য আছে হিচাপ কৰি বাৰংবাৰতা ভাগত লিখিব লাগে। * তথ্যৰ পৰা গোট অনুসৰি সংখ্যাবোৰ বিচাৰোঁতে কাটি যাব লাগে। * এনেদৰে তথ্যবোৰ কাটি শেষ হোৱা লগে লগে গোটৰ তথ্য হিচাপ কৰি শেষ হোৱা বুলি ধৰা হয়। * বাৰংবাৰতাৰ মানবোৰ চাই দাগচিহ্ন কাটিব লাগে।
আৰ্হি-১ :

তালিকাখনৰ স্তম্ভলেখ অংকণ:

পঢ়ি চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালো।


++++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts