চতুৰ্ভূজ কেনেকৈ অংকণ কৰা হয় ?
এটা চতুৰ্ভূজ বা যিকোনো বহুভুজ অংকণ কৰিবলৈ আমাক প্ৰথমে প্ৰয়োজন হোৱা আঁহিলা বিধ হ'ল -- জ্যামিতি। আকৌ কেৱল জ্যামিতি হ'লেই নহ'ব ইয়াৰ অন্তভাগত থকা সঁজুলি সমূহো থাকিব লাগিব। যেনে -- কম্পাছ , স্কেল, ত্ৰিকোণী, কোণমান যন্ত্ৰ , ৰবৰ, ... আদি।
যিকি নহওঁক এতিয়া চতুৰ্ভূজ অংকণৰ সম্পৰ্কে কিছু জানি লওহঁক ।
এটা অদ্বিতীয় চতুৰ্ভূজ অংকণ কৰিবলৈ কমেও পাঁচটা বাহু আৰু কোণৰ জোখ আমাক প্ৰয়োজন হয়। ইয়াত বাহু বুলি কওঁতে কৰ্ণৰ কথাও কোৱা হৈছে।
কিন্তু এটা ত্ৰিভূজ অংকণ কৰিবৰ বাবে কেৱল তিনিটা জোখৰহে প্ৰয়োজন হৈছিল যিটো বিশেষকৈ ত্ৰিভুজৰ চৰ্ত অনুসৰি অংকণ কৰা হৈছিল।
ত্ৰিভুজৰ চাৰিটা চৰ্ত আছিল -- বাহু-বাহু- বাহু , কোণ-বাহু-কোণ , বাহু-কোণ-বাহু আৰু সমকোণ-অতিভূজ-বাহু চৰ্ত।
এতিয়া চতুৰ্ভূজ অংকণৰ বাবে এই তিনিটা জোখৰ উপৰিও আৰু দুটা জোখ বেছিকৈ প্ৰয়োজন হ'ব। তেতিয়াহে আমি এটা নিৰ্ভুলভাৱে প্ৰকৃত চতুৰ্ভূজ অংকণ কৰিব পাৰিম। সিয়েই হ'ব এটা অদ্বিতীয় চতুৰ্ভূজ। আনহাতে চতুৰ্ভূজৰ নিজস্ব বিভিন্ন ধৰ্মৰ জৰিয়তেও চতুৰ্ভূজ অংকণ কৰিব পৰা যায়।
মনত ৰাখিব লাগিব যে এটা চতুৰ্ভূজ অদ্বিতীয় ভাৱে অংকণ কৰিবলৈ হ'লে তলত উল্লেখ কৰা ধৰণে বিভিন্ন ভাগত জোখ দিয়া থাকিব লাগিব।---
১/ চতুৰ্ভূজৰ চাৰিটা বাহুৰ জোখ আৰু এডাল কৰ্ণৰ জোখ দিয়া থাকিলে এটা চতুৰ্ভূজ অংকণ কৰিব পৰা যায়।
২/ চতুৰ্ভূজৰ তিনিটা বাহুৰ জোখ আৰু দুডাল কৰ্ণৰ জোখ দিয়া থাকিলে এটা চতুৰ্ভূজ অংকণ কৰিব পৰা যায়।
৩/ চতুৰ্ভূজৰ চাৰিটা বাহুৰ জোখ আৰু এটা কোণৰ জোখ উল্লেখ থাকিলে এটা চতুৰ্ভূজ অংকণ কৰিব পাৰি।
৪/ চতুৰ্ভূজৰ দুটা সন্নিহিত বাহুৰ জোখ আৰু তিনিটা কোণৰ জোখ উল্লেখ থাকিলে এটা চতুৰ্ভূজ অংকণ কৰিব পৰা যায়।
৫/ চতুৰ্ভূজৰ তিনিটা বাহুৰ জোখ আৰু ইহঁতৰ মধ্যবৰ্তী দুটা কোণৰ জোখ উল্লেখ থাকিলে এটা চতুৰ্ভূজ অংকণ কৰিব পাৰি।
৬/ চতুৰ্ভূজৰ আৰু বিশেষ ধৰ্মবোৰ উল্লেখ থাকিলে এটা চতুৰ্ভূজ অংকণ কৰিব পাৰি। যেনে-- আয়ত ,বৰ্গ, সামান্তৰিক, ৰম্বাছ আদিৰ নিজস্ব ধৰ্ম আছে। সেইবোৰ প্ৰয়োগ কৰি চতুৰ্ভূজ অংকণ কৰিব পৰা যায়।
চতুৰ্ভূজৰ প্ৰকাৰ ( Types of Quadrilateral) :
চতুৰ্ভূজ পাঁচ প্ৰকাৰৰ -- বৰ্গ , আয়ত , সামান্তৰিক , ৰম্বাছ, ট্ৰাপিজিয়াম ।
ইহঁতৰ ধৰ্ম:
বৰ্গ (Square) :
বৰ্গৰ চাৰিটা বাহুৰ জোখ সমান আৰু প্ৰতিটো অন্তকোণৰ জোখ ৯০° ( ° এই চিনটোক 'ডিগ্ৰী' বুলি পঢ়া হয়) । ইয়াৰ দুডাল কৰ্ণ থাকে আৰু কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়।
আয়ত (Rectangle):
আয়তৰ দুযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। ইহঁতৰ প্ৰতিটো অন্তকোণৰ জোখ ৯০° হয়।
সামান্তৰিক (parallelogram):
সামান্তৰিকৰ প্ৰতিযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। ইহঁতৰ প্ৰতিটো বিপৰীত অন্তকোণৰ জোখ সমান।
ৰম্বাছ ( Rhombus) :
ৰম্বাছৰ চাৰিওটা বাহুৰ জোখ সমান আৰু সমান্তৰাল। ইহঁতৰ প্ৰতিটো বিপৰীত অন্তকোণৰ জোখ সমান। কৰ্ণ কেইডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়।
ট্ৰাপিজিয়াম ( Trapezium):
ট্ৰাপিজিয়ামৰ এযোৰ সমান্তৰাল বাহু থাকে। সমান্তৰাল বাহুদ্বয়ক সংযোগ কৰা ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটাৰ সমষ্টি ১৮০° হয়।
চতুৰ্ভূজ বিলাকৰ এই ধৰ্মৰ জৰিয়তেও এটা অদ্বিতীয় চতুৰ্ভূজ অংকণ কৰিব পৰা যায়।
ত্ৰিভুজৰ সম্পৰ্কে কিছু ধাৰণা:
ত্ৰিভুজ কেই প্ৰকাৰৰ আছে আৰু কি কি ?
ত্ৰিভুজ ছয় প্ৰকাৰৰ আছে। বাহু হিচাপে তিনি প্ৰকাৰৰ আৰু কোণ হিচাপে তিনি প্ৰকাৰৰ আছে।
বাহু হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ হ'ল--
১/ সমবাহু ত্ৰিভুজ, ২/ সমদ্বিবাহু ত্ৰিভুজ ,৩/ বিষম বাহু ত্ৰিভুজ ।
কোণ হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ হ'ল--
১/ সুক্ষ্মকোণী ত্ৰিভুজ , ২/ সমকোণী ত্ৰিভুজ , ৩/ স্থূলকোণী ত্ৰিভুজ ।
++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com