Sunday, July 18, 2021

মাজুলীৰ গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণ কি ? জানো আহঁক...

মাজুলীৰ সম্পৰ্কে :



প্ৰথম কথা মই মাজুলীলৈ যোৱা নাই। শুনিছোঁ, দূৰদৰ্শনত দেখিছোঁ, কিতাপে পত্ৰই দেখিছোঁ। ফেচবুক আৰু ইউটিউবত ইয়াৰ সম্পৰ্কে চাইছো। সঁচাই কেনে ঠাই, কেনে সুন্দৰ বিনন্দীয়া পৰিবেশ, প্ৰকৃতিৰ দৃষ্টিনন্দন দৃশ্য। কি অপৰূপ ! ব্ৰহ্মপুত্ৰৰ পানীৰ খলকনিৰ মধুৰ শব্দই আগুৰি থকা মোহনীয় চৌপাশ !  কিন্তু তথাপিও যেন মাজুলীত কিবা নাই নাই ভাৱ ! ভিতৰি ভিতৰি যেন কিবা হেৰুওৱাৰ মৰ্মন্তুদ বেদনা। এই মাজুলী নদীদ্বীপটোৰ।

বানপানী আৰু প্ৰৱল গঢ়াখহনীয়াৰ প্ৰকোপত আজি মাজুলীয়ে কান্দিছে। সত্ৰনগৰী মাজুলীৰ  যেন মৃত্যু সমাগত ! কিয় ? কিয় চৰকাৰে বিশ্বৰ বৃহত্তম নদীদ্বীপ হিচাপে খ্যাত মাজুলীক ৰক্ষণাবেক্ষণ দি বৃহৎ পৰ্যটন থলী হিচাপে গঢ় দিবলৈ ইচ্ছুক নহয় ? মাজুলী এনে এখন ঠাই যাৰ নাম মানচিত্ৰত উজ্বল আখৰে খোদিত হৈ আছে। কিতাপৰ পাঠত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে স্বীকৃতি পাইছে। হ'লেও আমাৰ এই আপুৰুগীয়া ঠাইখন বচাওঁতা কিন্তু এইমুলুকত কোনো নাই যেন লাগে।

জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ পৰিৱেশ , বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ ঐতিহ্য, আধ্যাত্মিক চিন্তা চৰ্চাৰ পীঠস্থান এইখন পৱিত্ৰ ভূমি কেৱল মাজুলী বাসীৰেই আপোন নহয়, ই অসমৰ প্ৰতিজন মানুহৰে আপোন স্থান। এনে এখন ঐশ্বৰ্য্যশালী ঠাই আজি বিলুপ্তিৰ পথত পৰ্যবসিত হোৱাটো অতি দুৰ্ভাগ্যৰ বিষয়।

ভৌগোলিক অৱস্থান:


মাজুলী ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসমৰ এখন নকৈ গঠিত হোৱা জিলা । ই ২৩°৩৫ মিনিট উত্তৰ অক্ষাংশৰ পৰা ২৭°১২ মিনিট উত্তৰ অক্ষাংশ আৰু ৯৩°৩৯ মিনিট পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৪°৩৫ মিনিট পূৱ দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ আকৃতি মহুৰাৰ সদৃশ বুলি জনা যায়। মাজুলী 'মাজালী' শব্দৰ পৰা আহিছে। যাৰ ভৌগোলিক অৰ্থ ' নদীৰ মাজৰ সাৰুৱা ভূমি'।  (" মাজুলী- 'মাজালী' শব্দৰ ৰূপান্তৰ মাথোন।যাৰ অৰ্থ কোনো কোনোৰ মতে লক্ষ্মীৰ ভড়াল হ'লেও ভৌগোলিক অৰ্থত'নদীৰ মাজৰ সাৰুৱা ভূমি' । ভাৰত ৰাষ্ট্ৰৰ উত্তৰ পূবত ২৬°৩৫ উত্তৰ অক্ষাংশৰ পৰা ২৭°১২ উত্তৰ অক্ষাংশ আৰু ৯৩°৩৯ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৪°৩৫ পূৱ দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। ইয়াৰ আকৃতি মহুৰাৰ দৰে" -- ড° আনন্দ হাজৰিকা। প্ৰৱন্ধ মাজুলী: পৰ্যটনৰ সম্ভাৱনীয়তা। ) কোনো এক প্ৰাকৃতিক পৰিঘটনাৰ ফলত ব্ৰহ্মপুত্ৰৰ গতি পথত পৰিবৰ্তন হোৱাৰ বাবে ১৩ৰ পৰা ১৫ শতিকাৰ মাজভাগত এই মাজুলীৰ সৃষ্টি হৈছিল বুলি অনুমান কৰা হয়। উল্লেখযোগ্য যে এই নদীদ্বীপ চৰ চাপৰিৰ সঞ্চয়নৰ ফলত পূ্ৰ্ণ গঠন হোৱা নাই, ইয়াৰ মূল ভূখণ্ডৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ভূমি অঞ্চল এক সংযোজিত ভূখণ্ড আছিল বুলি জনা যায়। তথাপিও মাজুলী নদীদ্বীপটোৰ উৎপত্তি, প্ৰাকৃতিক গঠন আৰু ভূ- প্ৰাকৃতিক বৈশিষ্ট্য অতি তাৎপৰ্যপূৰ্ণ।

গঢ়াখহনীয়া সমস্যা আৰু প্ৰতিৰোধ নকৰাৰ কাৰণ কি হ'ব পাৰে?


অসমৰ প্ৰধান জ্বলন্ত সমস্যাৰ ভিতৰত গঢ়াখহনীয়াও অন্যতম। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল গঢ়াখহনীয়া, বানপানীৰ বাবেই অৰ্থনৈতিক ভেটি দুৰ্বল হ'বলৈ ধৰিছে এয়া সকলোৰে বিদিত। ভাবিলে এনে অনুভৱ হয় যেন এই সমস্যা জীয়াই ৰখাৰ মূলতে হ'ল ৰাজনৈতিক লাভালাভ । কেৱল ইখনৰ পৰা সিখন চৰকাৰ বদলি হৈছে আৰু সমস্যা সমাধানৰ কিছুমান আঁচনি গ্ৰহণ কৰা হৈছে কিন্তু কাৰ্যকৰী কৰা হৈছে নে ? আন দেশে সাগৰৰ প্ৰৱল জোৱাৰ ভাটাকো ৰোধ কৰি বৰ বৰ অট্টালিকা সাজিব পাৰে। সাগৰৰ মাজত টানেল বনাব পাৰে, তাৰ তুলনাত অসম চৰকাৰে এখন নদীৰ গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে !  নদীৰ মাজত দলং নিৰ্মাণ কৰিবলৈ যদি পাৰে গঢ়াখহীয়াও নিশ্চয় ৰোধ কৰিবলৈ পাৰিব লাগে। আচলতে এটা সমস্যা সমাধান কৰিবলৈ লাগে অসীম প্ৰচেষ্টা আৰু আন্তৰিক সদিচ্ছা। এনে প্ৰচেষ্টা বা আন্তৰিক সদিচ্ছা আমাৰ মানুহৰ অভাৱ ঘটিছে নেকি ? 
আনহাতে চৰকাৰৰ তৰফৰ পৰা বহু আঁচনি গ্ৰহণ কৰা দেখা যায় যদিও সময়ত সফলতা লাভ কৰিব পৰা নাযায়। ব্যৰ্থ হোৱাৰ মূলতে হ'ল দূৰ্ণীতি।  পাৰ্কিওপাইন দি গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব কেতিয়াও নোৱাৰি। শদিয়াৰ পৰা ধুবুৰীলৈ পৰিলক্ষিত হৈছে যে গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব বাবে পকা সৰু সৰু খুটা তৈয়াৰ কৰি তিনিটা তিনিটাকৈ সাঙুৰি খহনীয়াৰ অংশত দি গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব বিচৰা হৈছে। এয়া একেবাৰে বহুৱালিৰ উপায়। ধলা হাতীঘূলীৰ গঢ়াখহনীয়া ৰোধৰ বাবে এনে পাৰ্কিউপাইন বহুত দিয়া হ'ল কিন্তু একো কাম নহ'ল । কেৱল কেইজনমান লোক "বিজনেছ মেন" বনিবলৈ সক্ষম হ'ল। সেয়েহে ৰাইজে সমস্যা জীয়াই ৰখাৰ এয়া ফন্দি বুলি কবলৈ বাধ্য হৈছে। ঠিক একেদৰে মাজুলীৰ ক্ষেত্ৰতো পাৰ্কিউপাইনৰ সহায়ত গঢ়াখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভিন্ন জনে পৰামৰ্শ আগবঢ়োৱা দেখা যায়। মোৰ মতে এইটো কেৱল বিফল প্ৰচেষ্টাৰ নাম মাথোন। 

স্হায়ী প্ৰতিৰোধৰ বাবে মোৰ পৰামৰ্শ ::


১/ মাজুলীৰ চাৰিওদিশে শৈল্যস্পাৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। 
২/ দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰক।
২/ বৈজ্ঞানিক পদ্ধতিৰে ১৩০° কোণ কৰাকৈ পাৰটো শিল-বালি-চেমেণ্টৰ দুই ফুট বহলকৈ আৰু তিনি নল বা ৩৬ ফুট তললৈ স্থায়ী ঢালাই দিয়ক ।
৩/ এই ঢালাইৰ মাজুলীৰ চাৰিওদিশে হ'ব লাগিব। ঢালাই মাৰোতে ওপৰত টান শিল দুইফুটৰ আতঁৰে আঁতৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে অকস্মাত পানীত পৰিলে গঢ়ালৈ সহজে উঠি আহিব পৰা যায়। ইয়াৰ পৰিবৰ্তে পকা খটখটি দিব পাৰিলে আৰু ভাল হ'ব।
৪/  গঢ়াৰ ঢালাইৰ ওপৰত লোহৰ ৰেলিং দিয়াৰ ব্যৱস্থা কৰিব পাৰে।
৫/ শৈলস্পাৰ সময় সীমা ৭ বছৰৰ পৰা ১০ বছৰলৈ ধৰিলে ভাল হ'ব।
৬/ অত্যাধুনিক পদ্ধতিৰ কৌশল খটুৱাই প্ৰতি বছৰে ২০ মাইল বনাওঁক । নদীদ্বীপটোৰ মুঠ দৈৰ্ঘ্য ১৬০ মাইল বুলি জনা যায়। ২০ মাইল বছেৰেকত বনাব পাৰিলে আঁঠ বছৰত কামটো সমাপ্ত হ'ব।  অসম চৰকাৰৰ প্ৰকৃত গণনা মতে মুঠ মাটিকালি ৮৮০ বৰ্গকিলোমিটাৰ বা ৩৪০ বৰ্গ মাইল । কিন্তু গঢ়াখহনীয়াৰ ফলত বৰ্তমান ইয়াৰ আকাৰ ৫৫৩ বৰ্গকিলোমিটাৰ বা ২১৪ বৰ্গ মাইল ।
৬/ পৰ্য্যটনৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ব্ৰহ্মপুত্ৰৰ গঢ়াৰ পৰা তিনি নল মাজলৈ সৰু কিন্তু আটকধুনীয়া মজবুত দলং দিয়াৰ ব্যৱস্থা কৰিব পাৰে। 
৭/ সাগৰৰ বীচ্চ বিলাকৰ আৰ্হিত নদীৰ শৈলস্পাৰৰ পাৰত পৰ্যটকৰ সুবিধাৰ্থে বহা আসন তৈয়াৰ কৰিব পৰা যায়।
৮/ ব্ৰহ্মপুত্ৰ সংযোগী দলংখনতকৈ গঢ়াখহনীয়া প্ৰতিৰোধ বেছি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিব পৰা যায়। কাৰণ যদি খহনীয়াত মাজুলীয়েই নি:চিহ্ন হ'বলৈ হয় তেন্তে দলংখন বনোৱাৰ কোনো অৰ্থই নাথাকিব। 


ভবিষ্যতৰ মাজুলী 


আমি অসমবাসীয়ে আশা ৰাখিছোঁ মাজুলী অসমৰ সত্ৰ নগৰী হিচাপে, সত্ৰীয়া সংস্কৃতিৰ স্নায়ু কেন্দ্ৰ হিচাপে তথা পৰ্য্যটকৰ অসীম আকৰ্ষিত স্হান হিচাপে অদূৰ ভবিষ্যতলৈ জীয়াই থাকক। অসমৰ এক ঐতিহাসিক পীঠস্থানৰ গুণ বহন কৰা মাজুলী আমাৰ মাজত চিৰদিন থাকক , ভাওনা, ভক্তি গীত সত্ৰীয়া নৃত্য, গায়ন-বায়ন,নাম প্ৰসঙ্গ আদি সাংস্কৃতিক কাৰ্যক্ৰমণিকা অনন্ত কাললৈ অক্ষত হৈ বৈ  থাকক। তাল , মৃদং,খুল অজেয় হৈ থাকক মণিকূটৰ ভিতৰত। 
 নতুন প্ৰজন্মৰ বাবে মাজুলীয়ে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ হ'লে মাজুলীৰ আভ্যন্তৰীণ সমস্যা সমূহ সমাধান হবই লাগিব ই ধ্ৰুৱসত্য। 

অৰ্থনৈতিক ভেটি টনকিয়ালত পৰ্যটকৰ প্ৰভাৱ:


মাজুলীৰ ভৌগোলিক অৰ্থ -- 'মাজ নদীৰ সাৰুৱা ভূমি।' এই সাৰুৱা ভূমিক আৰু সুন্দৰকৈ সজাই তোলাৰ অৱকাশ আছে। ইণ্টাৰনেটৰ জৰিয়তে মাজুলীৰ বহুলভাৱে প্ৰচাৰ কৰি পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিব পৰা যায়। দেশ বিদেশৰ পৰ্যটকৰ আগমণ বৃদ্ধি হ'লেহে অৰ্থনৈতিক ভেটি টনকিয়াল হ'ব। মাজুলীৰ বাসিন্দা সকলৰ জীৱন যাপনত সুপ্ৰভাৱ বিস্তাৰ কৰিব। লগতে চৰকাৰ ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে উপকৃত হ'ব। 

উপসংহাৰ

বৃহত্তম নদীদ্বীপ মাজুলী মানচিত্ৰৰ পৰা হেৰাই যোৱাটো অনুচিত। অসমৰ সকলো জনগনই ইয়াৰ ৰক্ষাৰ ক্ষেত্ৰত সঁহাৰি দিয়া উচিত বুলি ভাবোঁ। ই অসমৰ খিলঞ্জীয়াৰ কৃষ্টি সংস্কৃতিৰ বাহক। লোক সংস্কৃতিৰ ভঁৰাল। পৰ্যটনৰ সম্ভাৱনাময় স্হল। সেয়েহে মাজুলীৰ সংৰক্ষণৰ সময় সমাগত। ৰাজনীতিৰ উৰ্দ্ধত আঁচনি গ্ৰহণ কৰি কামত আগবাঢ়িলে জিলাখন সুৰক্ষিত হোৱাৰ লগতে সুন্দৰ হ'ব বুলি আশা কৰিব পৰা যায়।

সদৌশেষত লেখাটোত যি লিখিছোঁ সেয়া বিভিন্ন গ্ৰন্থ, আলোচনী আদিৰ পৰা তথ্য সংগ্ৰহ কৰি ৰচনা কৰা হৈছে। 
 

পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।



+++++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts